NORTHEAST NOW (Assamese)

‘পুনৰ এনে প্ৰশ্ন কৰিলে ভাল নহ’ব’- ৰামদেৱৰ পেট্ৰ’ল সম্পৰ্কীয় উক্তিক লৈ প্ৰশ্ন কৰা সাংবাদিকক ধমকি ৰামদেৱৰ

March 31, 2022 6:41 pm · এন ই নাও নিউজ, গুৱাহাটী

২০১৪ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে যোগ গুৰু ৰামদেৱে পেট্ৰ’ল-ডিজেল সন্দৰ্ভত কৰা মন্তব্য সকলোৰে জ্ঞাত। জনসাধাৰণক ৯০ টকীয়া পেট্ৰ’ল লাগিব নে ৩৫-৪০ টকীয়া পেট্ৰ’ল লাগিব বুলি প্ৰশ্ন কৰি বিজেপিৰ হৈ প্ৰচাৰ চলাইছিল ৰামদেৱে।

২০১৪ চনত এটা দূৰদৰ্শন সাক্ষাৎকাৰত ৰামদেৱে কৈছিল, “মোৰ সৈতে এটা অধ্যয়নৰ প্ৰতিবেদন আছে, য’ত কোৱা হৈছে যে পেট্ৰ’লৰ মৌলিক মূল্য মাত্ৰ ৩৫ টকা, যাৰ ওপৰত ৫০% কৰ আৰোপ কৰা হয়।যদি কৰ 50% ৰ পৰা 1% লৈ হ্ৰাস কৰা হয়, ইন্ধনৰ মূল্য হ্ৰাস হ’ব। মই ইমানখিনি অৰ্থনীতি অধ্যয়ন কৰিছো।”

পিছে ৰাইজক ৪০ টকীয়া পেট্ৰ’লৰ সপোন দেখুওৱা ৰামদেৱ এতিয়া পেট্ৰ’লৰ দৰে শতকীয় ঘৰ স্পৰ্শ কৰাৰ পিছতো নিৰৱ।

ৰামদেৱৰ সেই পেট্ৰ’ল সম্পৰ্কীয় পুৰণি উক্তিৰ বিষয়ে প্ৰশ্ন কৰি ধমকি খাব লগীয়া হৈছে এজন সাংবাদিক। ভাইৰেল হোৱা এটা ভিডিঅ’ত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত জাঙুৰ খাই উঠে ৰামদেৱ।

সাংবাদিক জনে সোধা প্ৰশ্নৰ উত্তৰত ৰামদেৱে কয়, “মই সেই মন্তব্য দিছিলো। কিবা কৰিব নেকি? এতিয়া মই একো নকওঁ। আপুনি যি কৰিব পাৰে কৰক।”

“এনে প্ৰশ্ন নকৰিব। আপুনি ঠিকাদাৰ নেকি, যে আপুনি যি বিচাৰে তাৰ উত্তৰ দিব লাগিব?” বুলি মন্তব্য কৰি সাংবাদিক জনৰ প্ৰশ্নৰ পৰা ফালৰি কাটিব বিচাৰে ৰামদেৱে।

লগতে সাংবাদিকজনে যদি পুনৰ এনে প্ৰশ্ন কৰে তেন্তে তেওঁৰ বাবে ভাল নহ’ব বুলিও একপ্ৰকাৰ ধমকি দিয়ে ৰামদেৱে।

 

উল্লেখ্য যে বিগত দহ দিন ধৰি দেশত অবিৰতভাৱে ইন্ধনৰ মূল্য বৃদ্ধি পাই আহিছে। ইতিমধ্যে শতকৰ ঘৰ পাৰ কৰা পেট্ৰ’লৰ দামে জুৰুলা কৰিছে দেশৰ জনসাধাৰণক।

এনে সময়তে জনসাধাৰণক ৪০ টকাত পেট্ৰ’ল প্ৰদানৰ অঙ্গীকাৰ কৰা ৰামদেৱৰ শেহতীয়াকৈ ভাইৰেল হৈ পৰা ভিডিঅ’টোত কৰা মন্তব্য চৰ্চিত হৈ পৰিছে।

Related News