এয়া কি, ইমান শীৰ্ণ চেহেৰা! ৰনদীপ হুদাই শ্বেয়াৰ কৰা ছবিক লৈ অনুৰাগীসকলৰ মাজত উন্মাদনা

বৰ্তমান বীৰ সাৱৰকাৰ ছবিক লৈ ব্যস্ত অভিনেতা ৰনদীপ হুদা। ছবিখন মুক্তি পাবলৈ মাত্ৰ কেইটামান দিন বাকী। তাৰমাজতে ৰনদীপ হুদাই তেওঁৰ ছবি শ্বেয়াৰ কৰি অনুগামীসকলক মুগ্ধ কৰি তুলিছে। অভিনেতাজনে ছ’চিয়েল মিডিয়াত নিজৰ এখন ছবি পোষ্ট কৰে। য’ত তেওঁ চিনেমাখনৰ বাবে তেওঁৰ শৰীৰ পৰিৱৰ্তন কৰাৰ কথা প্ৰকাশ কৰে।

ছ’চিয়েল মিডিয়াত তেওঁ শ্বেয়াৰ কৰে এখন একৰঙী মিৰ’ৰ চেলফি। য’ত তেওঁৰ ক্ষীণ ছবিখন দেখা যায়। বিনায়ক দামোদৰ সাৱৰকাৰৰ চৰিত্ৰত অভিনয় কৰিছে ৰনদীপ হুডাই। ছবিখনত তেওঁৰ শীৰ্ণ ছবিখন দেখা গৈছে। ক’লা ৰঙৰ শৰ্টছ পিন্ধিছে। ছবিখন শ্বেয়াৰ কৰি ৰনদীপ হুদাই লিখিছে ‘কালা পানী’, বহুতে ছবিখন শ্বুটিংৰ সময়ত তোলা হৈছিল বুলি ধাৰণা কৰে।

ছবিখনৰ বাবে ৰনদীপ হুডাই প্ৰায় ৩০ কেজি ওজন কমাইছে। সাৱৰকাৰৰ নাতি ৰঞ্জিত সাৱৰকাৰে সংবাদ মাধ্যমত এই কথা সদৰী কৰিছে। লগতে অভিনেতা গৰাকীৰ কঠোৰ পৰিশ্ৰমৰো শলাগ লয়।

লগতে পঢ়কঃ চাইবাৰ আক্ৰমণৰ সন্মুখীন সকলো ভাৰতীয় বেংক! ৰিজাৰ্ভ বেংকৰ সতৰ্কবাণীত আশংকা প্ৰকাশ

তেওঁ কয়, ‘ৰনদীপ হুদাৰ লগত কেইবাবাৰো আলোচনা কৰিছো। ইমান কষ্টৰে এই ছবিখন নিৰ্মাণ কৰিবলৈ তেওঁ ৩০ কেজি ওজন কমাইছে। চলচ্চিত্ৰ হৈছে এনে এক মাধ্যম যাৰ জৰিয়তে ইতিহাসক নতুন প্ৰজন্মৰ মাজলৈ লৈ যাব পৰা যায়। তেওঁ  আন বিপ্লৱীসকলৰ ওপৰত আৰু ছবি নিৰ্মাণ কৰিব বুলি আশা কৰিছো।’

অহা ২২ মাৰ্চত মুক্তি পাব ছবিখন। চলিত মাহৰ আৰম্ভণিতে মুক্তি লাভ কৰিছিল ছবিখনৰ ট্ৰেইলাৰ। তেতিয়াই উৎসাহীসকলে যথেষ্ট উন্মাদনা প্ৰকাশ কৰিছিল। ছবিখনৰ ট্ৰেইলাৰ শ্বেয়াৰ কৰা ৰনদীপ হুডাই লিখিছে, ‘ইংৰাজে তেওঁক আটাইতকৈ বিপজ্জনক মানুহ বুলি অভিহিত কৰিছিল। ভাৰতীয় বিপ্লৱীসকলে তেওঁক বীৰ হিচাপে শ্ৰদ্ধা কৰিছিল। তথাপিও তেওঁক বঞ্চিত কৰা হৈছিল, অসন্মান কৰা হৈছিল, স্বীকৃতিহীন কৰা হৈছিল।’

স্বতন্ত্ৰ বীৰ সাৱৰকাৰ পৰিচালনা কৰিছে ৰনদীপ হুডাই। ৰণদ্বীপ আৰু অংকিতা লোখাণ্ডেৰ উপৰিও ছবিখনত অভিনয় কৰিছে অমিত শ্বীলে। প্ৰযোজক জি ষ্টুডিঅ’, আনন্দ পণ্ডিত, সন্দীপ সিং আৰু যোগেশ ৰাহৰ।