নাট্যকাৰ ডাঃ দিলীপ বৰুৱা আৰু লোকসংগীতৰ সাধক মিনা শইকীয়ালৈ ‘ৰংগ‌মঞ্চ শিল্পী বঁটা-২০২০’

ফটো : নৰ্থ-ইষ্ট নাও

বিশিষ্ট নাট্যকাৰ ডাঃ দিলীপ বৰুৱা আৰু লোকসংগীতৰ সাধক মিনা শইকীয়ালৈ আগবঢ়োৱা হৈছে ‘ৰংগমঞ্চ শিল্পী বঁটা ২০২০’।

মঙলবাৰে নিশা নগাঁৱৰ শিল্প কাননৰ অস্থায়ী মঞ্চত অনুস্থিত হোৱা এক গাম্ভীৰ্যপূৰ্ণ অনুস্থানত বিশিষ্ট নাট্যকাৰ ডাঃ দিলীপ বৰুৱা আৰু শিল্পী মিনা শইকীয়াক জীৱনজোৰা সাধনাৰ স্বীকৃতি স্বৰূপে নগাঁৱৰ অগ্ৰণী নাট্য চৰ্চা অনুস্থান ৰংগমঞ্চই প্ৰদান  কৰে ‘ৰংগমঞ্চ শিল্পী বঁটা-২০২০’।

ডাঃ দিলীপ বৰুৱাই ৩৬ খন মঞ্চ নাটক, দুৰৰ্দশনৰ বাবে ১৫ খন তথ্য চিত্ৰ, ধাৰাবাহিক আৰু টেলিনাট, ৩ খন ৰেডিঅ’ নাটক, এখন বাটৰ নাট আৰু ‘অগ্নিসাক্ষী’ নামেৰে এখন অসমীয়া বোলছবিৰ চিত্ৰনাট্য ৰচনাৰে অসমীয়া নাট্য ক্ষেত্ৰ খনলৈ অনবদ্য বৰঙণি আগবঢ়াইছে।

তেখেতৰ কেইবাখনো নাটক অন্য ভাষালৈকো অনুবাদ হৈছে।

ঠিক তেনেকৈ অসমীয়া লোকসংগীতৰ সাধক মিনা শইকীয়াই তেখতৰ জীৱনজোৰা চৰ্চা সাধনাৰে সমৃদ্ধ কৰিছে অসমৰ লোকসংগীতক।

এচাম নতুন লোকসংগীতৰ সৃষ্টিৰ ক্ষেত্ৰটো এই গৰাকী শিল্পীয়ে প্ৰচেষ্টা অব্যাহত ৰাখিছে।

বঁটা প্ৰদান অনুস্থানৰ লগত সংগতি ৰাখি ৰংগমঞ্চৰ শিল্পী সকলৰ দ্বাৰা মঞ্চায়ন কৰা হয় নাট্যকাৰ গগন চৌধুৰীৰ ৰচনা আৰু পৰিচালনাৰে ‘যন্ত্ৰণা’ নামৰ এখন নাটক।

সাম্প্ৰতিক সময়ত সাধাৰণ মানুহৰ যন্ত্ৰণা আৰু সংঘাটৰ এক জীৱন্ত ছবি দাঙি ধৰাৰ প্ৰয়াস কৰা হৈছিল নাটক খনত।

কিদৰে এখন এখন চৰকাৰী অসামৰিক চিকিৎসালয়ত এচাম দালালৰ বাবে মানুহৰ জীৱন মূল্যহীন হৈ পৰে, মানুহে মানুহৰ বাবে কেইটামান টকাৰ বিনিময়ত কিমান তললৈ যাব পাৰে তাকে অতি সুন্দৰ ৰূপেৰে উপস্থাপন কৰা হৈছিল নাটক খনত।

নাটক খনত অভিনয় কৰা শিল্পী সকলে মন্ত্ৰমুগ্ধ কৰি ৰাখিছিল দৰ্শক সকলক।

নাটক অভিনয় কৰিছিল মৌচম বৰা, সুনিত কুমাৰ বৰা, সুস্মিতা শইকীয়া, ৰিয়া দেৱী, লক্ষজ্যোতি শইকীয়া, চাহিদ খান, দেৱাশীষ মালিয়া আৰু হেমন্ত কুমাৰ বৈদ্যই।

নাট্যনুস্থানটি উদ্বোধন কৰিছিল তৰুণ মুক্তিয়াৰে। সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ কালজয়ী গীত ‘মানুহে মানুহৰ বাবে’ সমবেত কণ্ঠত পৰিৱেশন দ্বাৰা মুকলি কৰা হৈছিল বঁটা প্ৰদান অনুস্থানটি।