NORTHEAST NOW (Assamese)

দুৰ্নীতিৰ অভিযোগত নিলম্বিত বনাঞ্চলিক বিষয়া

December 28, 2019 7:10 am · ছফিকুল আহমেদ
প্ৰতিনিধিত্বমূলক ফটো

ৰাজ্যৰ বনবিভাগে দুৰ্নীতিৰ অভিযোগত গোৱালপাৰা বন সংমণ্ডলৰ অধীনৰ কৃষ্ণাই কেন্দ্ৰীয় বনাঞ্চলৰ বনাঞ্চলিক বিষয়া (ৰেঞ্জাৰ) জুলফিকৰ আলমক নিলম্বিত কৰিছে।

অভিযোগ অনুসৰি আলমে ব্যক্তিগত স্বাৰ্থত বন সম্পদ ধ্বংস কৰআৰ লগতে আৰ্মছ এক্ট ১৯৫৯ ভংগ কৰিছিল।

পৰিবেশ আৰু বন বিভাগৰ আয়ুক্ত সচিব আৰ কে মজুমদাৰে ২০ ডিচেম্বৰত FRE.100/2019/32 নম্বৰৰ এক নিৰ্দেশ যোগে বিষয়াগৰাকীক নিলম্বিত কৰে আৰু বৃহস্পতিবাৰে সন্ধিয়া এই কথা পোহৰলৈ আহে।

নিৰ্দেশটোত কোৱা হৈছে যে গোৱালপাৰাৰ মাণ্ডলিক বন বিষয়া (ডিএফ অ’)ৰ প্ৰতিবেদনৰ ওপৰত ভিত্তি কৰি আৰ্মছ এক্ট ১৯৫৯’ৰ “চৰকাৰী কৰ্তব্যৰ প্ৰতি অৱহেলা আৰু আইন ভংগৰ’ বাবে আলমক দায়ী কৰা হৈছে।

নিৰ্দেশটোৰ জৰিয়তে আলমক “ বেআইনী কাৰ্য নিয়ন্ত্ৰণ, বন তথা বনজ সম্পদ ধ্বংস কৰাৰ বাবে বেআইনী কাৰ্যকলাপ চলোৱা চোৰাং কাৰবাৰীৰ লগত প্ৰত্যক্ষ সম্পৰ্ক ৰক্ষাৰে তেওঁৰ ইচ্ছাকৃত অৱহেলাৰ’ বাবে দায়বদ্ধ কৰা হৈছে।

বনাঞ্চলিক বিষয়াৰ পৰ্যায়ৰ এগৰাকী বিষয়াৰ নিলম্বনে বন বিষয়াসকলৰ মাজত চলি থকা দুৰ্নীতিৰ স্বৰূপ উদঙাই দিয়াৰ লগতে সমাজ বিৰোধী শক্তিৰ সৈতে তেওঁলোকৰ হলিগলিৰ কথাও পোহৰলৈ আনিছে।

ইপিনে, গোৱালপাৰা জিলাত বন্যহস্তীৰ উপদ্ৰৱ এতিয়াও অব্যাহত আছে।

শুকুৰবাৰে পুৱা দুটা বনৰীয়া হাতীয়ে কৃষ্ণাইৰ ডামাছ এল পি স্কুলৰ পাকঘৰৰ দেৱাল ভঙাৰ লগতে শিশু খাদ্য, মধ্যাহ্ন ভোজনৰ চাউল তথা শাক পাচলি লণ্ডভণ্ড কৰে।

Related News