• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মোদী চৰকাৰে ১৫/২০ শতাংশ বৃদ্ধি কৰিব পাৰে ৰেইল ভাড়া

"ৰেইলভাড়া বৃদ্ধি এটা “স্পৰ্শকাতৰ বিষয় আৰু চূড়ান্ত কৰাৰ আগতে দীঘলীয়া আলোচনাৰ প্ৰয়োজন", ৰেইলৱে' ব’ৰ্ডৰ অধ্যক্ষ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , December 27, 2019 9:56 pm

2 min read

Lockdown: Indian Railways to gradually restart passenger train operations from May 12
517
VIEWS
Share on FacebookShare on Twitter

ৰেইলৱে’ই অচিৰেই ১৫/২০ শতাংশ পৰ্য্যন্ত যাত্ৰীভাড়া আৰু মালভাড়া বৃদ্ধি কৰিব পাৰে বুলি আজি ব’ৰ্ডৰ অধ্যক্ষ ভি কে যাদৱে এটা ইংগিত দিছে।

সংবাদ মাধ্যমক দিয়া এটা ভাষ্যত যাদৱে কয় যে ভাৰতীয় ৰেইলৱেই যোৱা কেইবছৰমান ধৰি ইয়াৰ নিম্ন পৰিমাণৰ ৰাজহৰ সমস্যা আঁতৰাবলৈ একাধিক পদক্ষেপ লৈ আহিছে। আগন্তুক পদক্ষেপটোও তাৰেই অংশ হ’ব।

যাদৱে ৰেইলভাড়া বৃদ্ধি কৰাটো এটা “স্পৰ্শকাতৰ বিষয়” বুলি স্বীকাৰ কৰে আৰু সেয়ে চূড়ান্ত কৰাৰ আগতে দীঘলীয়া আলোচনাৰ প্ৰয়োজন হয় বুলি কয়।

“আমি যাত্ৰীভাড়া আৰু মালভাড়া যুক্তিপূৰ্ণ কৰিবলৈ গৈ আছো। এই বিষয়ে ভবা-চিন্তা কৰা হৈছে। মই বেছি ক’ব নোৱাৰিম, এইটো এটা স্পৰ্শকাতৰ বিষয়। যিহেতু মালভাড়া ইতিপূৰ্বে অধিক হৈয়ে আছে, আমি পথ পৰিবহণৰ পৰা ৰেইলপথলৈ অধিক সৰবৰাহ অনাৰ লক্ষ্য লৈছো”, সংবাদ মাধ্যমৰ আগত যাদৱৰ মন্তব্য।

এটা সূত্ৰৰ মতে, ৰেইলৱে’ ব’ৰ্ডে নতুন নিৰিখৰ যাত্ৰীভাড়াৰ বিভিন্ন স্লেবৰ এটা আৰ্হি তৈয়াৰ কৰিছে আৰু অচিৰেই ইয়াৰ ঘোষণা কৰা হ’ব।

উল্লেখ কৰিব পাৰি যে দেশৰ মন্দাৱস্থাৰ সমান্তৰালভাৱে ৰেইলৱেই সংগ্ৰহ কৰা ৰাজহৰ পৰিমাণো হ্ৰাস পাইছে, বিশেষকৈ এইটো বিত্তীয় বৰ্ষৰ দ্বিতীয়টো তিনিমাহত।

আৰ টি আইৰ তথ্য মতে, প্ৰথম তিনি মাহত (এপ্ৰিল-জুন) ৰেইলৱেই যাত্ৰীভাড়াৰ পৰা ১৩,৩৯৮.৯৮ কোটি টকা ৰাজহ সংগ্ৰহ কৰিছিল। তাৰ বিপৰীতে দ্বিতীয় তিনি মাহত এই ৰাজহৰ পৰিমাণ হয়গৈ ১৩,২৪৩.৮১ কোটি টকা।

দুৰ্বল অৰ্থনীতিৰ সমান্তৰালভাৱে মূল্যবৃদ্ধিয়ে কোঙা কৰা জনসাধাৰণৰ ওপৰত এই বৰ্ধিত বোজাই মোদী চৰকাৰৰ প্ৰতি অধিক বিতুষ্ট কৰি তুলিব পাৰে ভোটাৰক, যাৰ প্ৰভাৱ আগন্তুক নিৰ্বাচনবোৰতো প্ৰতিফলিত হোৱাটো নিশ্চিত। দেশৰ দৰিদ্ৰ লোকৰ পৰা মধ্যবিত্তলৈকে ৰেইল হ’ল যাতায়াতৰ আটাইতকৈ পচন্দৰ আৰু সুলভ ব্যৱস্থা।

Recent News

a cong

কোন বেছি সাম্প্ৰদায়িক—বিজেপি নে কংগ্ৰেছ? সংবাদমেলত অমিত শ্বাহক প্ৰশ্ন ৰিপুন বৰাৰ

India-China border in sikkim

ছিকিমৰ নাকু লা সীমান্তত সংঘৰ্ষত ভাৰতীয় সেনাৰ হাতত আহত ২০জন চীনা সৈন্য

navbharat-times

ডিজিটাল হ’ল ভোটাৰ কাৰ্ড: কিদৰে ডাউনলোড কৰিব E-EPIC ভোটাৰ কাৰ্ড? জানক প্ৰতিটো পদক্ষেপ

brazil-1

উৰিবলৈ লোৱাৰ সময়তে ৰাণৱেত দপদপাই জ্বলি উঠিল বিমান: খেলুৱৈসহ নিহত বহুজন

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd