Ranjan Gogoi: অসমত এন আৰ চিৰ কাম লেহেমীয়া কৰিবলৈ চাপ দিছিল কেন্দ্ৰই; আৰু কি বিস্ফোৰণ ৰঞ্জন গগৈৰ?

RANJANGOGOI-1140x570-750x375

ৰঞ্জন গগৈ। ফাইল ফটো।

Ranjan Gogoi উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ তথা ৰাজ্যসভাৰ সাংসদ ৰঞ্জন গগৈয়ে তেওঁৰ আত্মজীৱনী ‘জাষ্টিছ ফৰ দ্য জাজ’ গ্ৰন্থত বহু বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে।

গগৈয়ে তেওঁৰ আত্মজীৱনীত দাবী কৰিছে যে অসমত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী (এনআৰচি)ৰ কাম লেহেম গতিত চলাবলৈ তেওঁৰ ওপৰত কেন্দ্ৰৰ পৰা চাপ দিয়া হৈছিল।

প্ৰাক্তন মুখ্য ন্যায়াধীশগৰাকীয়ে লগতে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়েও এই বিচাৰ প্ৰক্ৰিয়াত প্ৰভাৱ খটুৱাবৰ চেষ্টা কৰিছিল বুলি অভিযোগ কৰে।

ৰঞ্জন গগৈয়ে দাবী কৰিছে যে তেওঁক বিচাৰ প্ৰক্ৰিয়াৰ পৰা দূৰত ৰখাৰ উদ্দেশ্যেৰে তেওঁৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ অনা হৈছিল।

Also Read: কেইখন ছীমকাৰ্ড ৰাখিব পাৰিব আপুনি? অসম তথা উত্তৰ-পূব গ্ৰাহকসকলে? কেন্দ্ৰৰ বৃহৎ সিদ্ধান্ত

বুধবাৰে নতুন দিল্লীত ৰঞ্জন গগৈৰ আত্মজীৱনীখন প্ৰকাশ পাইছে। ইয়াত গগৈয়ে লিখিছে যে কেন্দ্ৰই একেবাৰে এনআৰচিৰ কাম ক্ষিপ্ৰতৰ হোৱাটো বিচৰা নাছিল। ইয়াৰ বিপৰীতে এনআৰচিৰ ক্ষেত্ৰত তেওঁক লেহেম গতিত কাম কৰিবলৈ কোৱা হৈছিল।

গগৈয়ে প্ৰকাশ কৰিছে যে দেশৰ এগৰাকী শীৰ্ষতম আমোলাই তেওঁৰ ঘৰলৈ আহি এই কথা আকাৰা-ইংগিতে বুজাই দিছিল। উচ্চতম ন্যায়ালয়ৰ তদাৰকত চলা এনআৰচি প্ৰস্তুত কৰাৰ প্ৰক্ৰিয়াত যাতে ক্ষিপ্ৰতা প্ৰদৰ্শন কৰা নহয়।

গগৈয়ে লিখিছে, ‘’মই আচৰিত হৈ পৰিছিলো। কিন্তু নিজৰ বিবেক বা সিদ্ধান্তত বাহিৰৰ কাৰো হস্তক্ষেপ যে পছন্দ নকৰো সেয়া স্পষ্ট তথা নম্ৰভাৱে সেই আমোলাগৰাকীক জনাই দিছিলো।‘’

Also Read:সমগ্ৰ বিশ্বনাথত চৰ্চাৰ কেন্দ্ৰ বিন্দু হৈ পৰিছে এখন বিদ্যালয়; কি আছে এই ব্যতিক্ৰমী বিদ্যালয়খনত?

প্ৰাক্তন মুখ্য ন্যায়াধীশ গৰাকীয়ে অসমৰ প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ বিৰুদ্ধে অভিযোগ আনিছে।

ৰঞ্জন গগৈয়ে অভিযোগ উত্থাপন কৰি লিখিছে যে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ থকাৰ সময়ত এগৰাকী কনিষ্টবলৰ ক্ষেত্ৰত গোচৰৰ ৰায় ৰাজ্য চৰকাৰৰ সপক্ষে দিবলৈ তদানীত্বন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে প্ৰভাৱ খটুওৱাৰ চেষ্টা কৰিছিল।

ৰঞ্জন গগৈয়ে প্ৰকাশ কৰিছে যে তেওঁ জীৱনত এই দুবাৰেই এনেধৰণে বাহিৰৰ পৰা চাপৰ সন্মুখীন হৈছিল।

Also Read:কাজিৰঙাত কৰ্মৰত গৃহৰক্ষী জোৱান ভূপেন হাজৰিকালৈ ৰাষ্ট্ৰপতিৰ পদক; উৎফুল্লিত কাজিৰঙা

এক বিস্ফোৰক অভিযোগ তুলি আত্মজীৱনী ‘জাষ্টিছ ফৰ দ্য জাজ’ত ৰঞ্জন গগৈয়ে লগতে লিখিছে যে বিচাৰ সম্পৰ্কীয় কামকাজৰ পৰা তেওঁক অঁতৰাবলৈকে তেওঁৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ অনা হৈছিল।