NORTHEAST NOW (Assamese)

অযোধ্যা গোচৰৰ শুনানি সম্পূৰ্ণ কৰাৰ সময়সীমা বান্ধি দিলে ৰঞ্জন গগৈয়ে

September 18, 2019 8:26 pm · এন ই নাও নিউজ
Updated: September 18, 2019 8:29 pm
দেশৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ। ফাইল ফটো

চলিত বৰ্ষৰ নৱেম্বৰৰ মাজভাগৰ ভিতৰত দীৰ্ঘদিনীয়া ৰাম জন্মভূমি আৰু বাবৰি মছজিদ ভূমি বিবাদৰ ৰায় দিব পৰা যাব বুলি আশাবাদী মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ।

মুখ্য ন্যায়াধীশ গৰাকীয়ে আজি অৰ্থাৎ বুধবাৰে অযোধ্যা গোচৰৰ দুয়োপক্ষৰ অধিবক্তাসকলৰ সৈতে এক আলোচনাত বহে আৰু অহা ১৮ অক্টোবৰক গোচৰটোৰ শুনানি সম্পূৰ্ণ কৰাৰ সময়সীমা হিচাপে ধাৰ্য কৰে।

‘আহক আমি সকলোৱে ইয়াক ১৮ অক্টোবৰৰ ভিৰতৰত শেষ কৰিবলৈ যৌথ প্ৰচেষ্টা চলাওঁ। যদি প্ৰয়োজন হয়, ইয়াক সম্পূৰ্ণ কৰাৰ বাবে আমি শনিবাৰ আৰু খোলা দিনকেইটাত অতিৰিক্ত ঘণ্টা শুনানিৰ বাবে বহিবলৈ সাজু আছো।‘ গগৈয়ে কয়।

আজি আলোচনাত মুছলমান পক্ষৰ হৈ জ্যেষ্ঠ অধিবক্তা ৰাজীৱ ধাৱানে কয়, ‘আমি অহা সপ্তাহৰ শেষৰফালে আমাৰ দাবী-আপত্তি সম্পূৰ্ণ কৰিম’। আনহাতে হিন্দু পক্ষ ৰামললা বিৰাজমানৰ অধিবক্তাই এই সম্পৰ্কত উত্তৰ দিবলৈ দুদিনৰ সময় বিচাৰে।

ৰঞ্জন গগৈয়ে জনাই যে শুনানি সম্পূৰ্ণ হোৱাৰ পিছত বিষয়টোৰ সম্পৰ্কে সিদ্ধান্ত লোৱাৰ বাবে উচ্চতম ন্যায়ালয়ৰ হাতত চাৰি সপ্তাহৰ সময় থাকিব।

উল্লেখযোগ্য যে মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে চলিত বছৰৰ ১৭ নৱেম্বৰত অৱসৰ গ্ৰহণ কৰাৰ কথা। সেয়ে তাৰ পূৰ্বে এই গোচৰৰ নিষ্পতি হোৱাটো বিচাৰিছে উচ্চতম ন্যায়ালয়ে।

Related News