আজিৰ পৰা পাৰভেজ ৰুছুল নেতৃত্বাধীন জম্মু আৰু কাশ্মীৰৰ বিৰুদ্ধে অসমৰ ৰঞ্জি মেচ

8122018221346923

প্ৰতিনিধিত্বমূলক চিত্ৰ

বিগত বছৰৰ দৰে এইবাৰো ছিজনৰ প্ৰথম দুখন মেচত অতি হতাশাজনক প্ৰদৰ্শন দাঙি ধৰা অসমৰ ৰঞ্জি দলে আজিৰ পৰা জম্মু আৰু কাশ্মীৰৰ বিৰুদ্ধে তৃতীয়খন মেচত অৱতীৰ্ণ হ’ব।

আজিৰ মেচখনৰ বাবে অধিনায়কৰ দায়িত্ব দিয়া হৈছে গকুল শৰ্মাক।

অসমৰ মূল সমস্যা হৈছে বেটিং ব্যৰ্থতা। যাৰ বাবে যোৱা কেইবাটাও ছিজন ধৰি ৰাষ্ট্ৰীয় পৰ্যায়ত অসমৰ প্ৰদৰ্শন লজ্জাজনক।

সামগ্ৰিকভাৱে অসমৰ পেচ বলাৰ কেইজনৰ প্ৰদৰ্শন সন্তোষজনক যদিও দলত যে এজন স্পীনাৰৰ অভাৱ হৈ আছে সেয়া স্পষ্ট ৰূপত পৰিলক্ষিত হয়।

বেটছমেনসকলে বাৰে বাৰে হতাশ কৰি অহা অসমে যদি আজিৰ পৰা আৰম্ভ হোৱা মেচখনতো যদি বেটছমেনসকলে হতাশাজনক প্ৰদৰ্শন দাঙি ধৰে তেন্তে এইবাৰো ঝাৰখণ্ডৰ মেচৰ দৰেই অৱস্থা হোৱাটো নিশ্চিত। অৱশ্যে আজিৰ মেচখনত অপেনাৰ ৰাহুল হাজৰিকাৰ প্ৰত্যাৱৰ্তন ঘটিছে।

ইফালে পাৰভেজ ৰছুল নেতৃত্বাধীন জম্মু-কাশ্মীৰে প্ৰথম দুখন মেচত উত্তৰাখণ্ড আৰু মহাৰাষ্ট্ৰক পৰাস্ত কৰি সম্পূৰ্ণ পইণ্ট অৰ্জনেৰে গ্ৰুপৰ শীৰ্ষত আছে।

জানিব পৰা মতে অসমে টছত জয়ী হৈ প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লৈছে। বেয়া বতৰৰ বাবে মেচখন কিছু পলমকৈ আৰম্ভ হয়।