নাজিৰা সমজিলাৰ উদ্বোধন কৰিবলৈ আহি নষ্টালজিক হৈ পৰিল মন্ত্ৰী ৰণোজ পেগু

নাজিৰা সমজিলা হিচাপে উদ্বোধন কৰিবলৈ আহি নষ্টালজিক হৈ পৰে মন্ত্ৰী ৰণোজ পেগু। নাজিৰা সমজিলা আয়ুক্ত কাৰ্যালয়ৰ কাষতে লাগি থকা বৰবৰুৱা পুখুৰীত মন্ত্ৰী গৰাকীয়ে  ল'ৰালিতে বৰশীত কান্দুলি মাছ ধৰা,বৰবৰুৱা পুখুৰীৰ পাৰত ধনগুলৈ প্ৰত্যক্ষ কৰাৰ কথা সোঁৱৰে মন্ত্ৰী গৰাকীয়ে।

আজি শিৱসাগৰ জিলাৰ নাজিৰা মহকুমা নাজিৰা সমজিলা হিচাপে উদ্বোধন কৰে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে। ১৯৯২চনতে নাজিৰা মহকুমা হিচাপে স্বীকৃতি লাভ কৰা নাজিৰা মহকুমাই আজি লাভ কৰিলে নাজিৰা সমজিলা হিচাপে।

নাজিৰা সমজিলা উদ্বোধন কৰিবলৈ আহি শিক্ষামন্ত্ৰী ৰণোজ পেগু পোনপ্ৰথমে উপস্থিত হয় নাজিৰাৰ বৰবৰুৱাৰ পুখুৰী পাৰত। নাজিৰা বৰবৰুৱা পুখুৰী পাৰত অৱস্থিত নাজিৰা মহকুমাধিপতিৰ কাৰ্যালয়ত শিক্ষামন্ত্ৰী ৰণোজ পেগু উপস্থিত হৈ নাজিৰা মহকুমাধিপতিৰ কাৰ্যালয় নাজিৰা সমজিলা আয়ুক্ত কাৰ্যালয় হিচাপে উদ্বোধন কৰে।

নাজিৰা সমজিলা হিচাপে উদ্বোধন কৰিবলৈ আহি নষ্টালজিক হৈ পৰে মন্ত্ৰী ৰণোজ পেগু।নাজিৰা সমজিলা আয়ুক্ত কাৰ্যালয়ৰ কাষতে লাগি থকা বৰবৰুৱা পুখুৰীত মন্ত্ৰী গৰাকীয়ে  ল’ৰালিতে বৰশীত কান্দুলি মাছ ধৰা,বৰবৰুৱা পুখুৰীৰ পাৰত ধনগুলৈ প্ৰত্যক্ষ কৰাৰ কথা সোঁৱৰে মন্ত্ৰী গৰাকীয়ে।

নাজিৰাৰ সমজিলা উদ্বোধন কৰিবলৈ আহি মন্ত্ৰী গৰাকীয়ে কয় যে এতিয়াৰ পৰা চৰকাৰী যিকোনো কামৰ বাবে শিৱসাগৰলৈ যাব নালাগে নাজিৰা সমজিলা আয়ুক্ত কাৰ্যালয়তেই সম্পন্ন হ’ব। কিয়নো নাজিৰা সমজিলা হিচাপে স্বীকৃতি লাভ কৰাৰ পিছতেই যিকোনো গুৰুত্বপূৰ্ণ চৰকাৰী কাম নাজিৰা সমজিলা আয়ুক্ত কাৰ্যালয়তেই সুবিধা হ’ব।

আজিৰ অনুষ্ঠানত টাই আহোম উন্নয়ন পৰিষদৰ অধ্যক্ষ ময়ূৰ বৰগোহাঁই, আৰ্টফেডৰ উপাধ্যক্ষ প্ৰহ্লাদ গোৱালা, জিলা আয়ুক্ত আয়ুস গাৰ্গ, নৱনিযুক্ত সমজিলা আয়ুক্ত কণিকা, নাজিৰা পৌৰসভাৰ অধ্যক্ষ বৰ্ণালী চুতীয়াৰ লগতে আন বিশিষ্ট লোকসকলে অংশগ্ৰহণ কৰে।