NORTHEAST NOW (Assamese)

অসম লোকসেৱা আয়োগৰ পৰীক্ষাত সফলতা অৰ্জন টীয়কৰ ৰন্টু বৰুৱাৰ

December 25, 2020 3:09 pm · নিৰ্মলেন্দু পাঠক
Updated: December 25, 2020 3:11 pm

কালি ঘোষণা কৰা অসম লোক সেৱা আয়োগৰ (ৰাজহ বিভাগত) পৰীক্ষাত ৩৩ নং স্থান দখলেৰে যোৰহাট জিলাৰ টীয়কলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে জগদুৱাৰ নপমুৱা গাঁৱৰ ৰন্টু বৰুৱাই ।

উল্লেখযোগ্য যে ৰন্টু বৰুৱা মালৌ আলি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ বিষয় শিক্ষক ।

তাৎপৰ্যপূৰ্ণ এই যে অসম লোক সেৱা আয়োগে অনুষ্ঠিত কৰা প্ৰবক্তাৰ পৰীক্ষাতো উত্তীর্ণ হৈছিল বৰুৱা।

উক্ত খবৰ বিয়পাৰ লগে লগে আজি পুৱাৰ পৰাই বৰুৱাৰ বাসগৃহত বিভিন্নজন ইষ্ট-কুটুম্ব, শুভাকাংক্ষী তথা দল সংগঠনৰ প্রতিনিধি উপস্থিত হৈ সম্বৰ্দ্ধনা জনাই শুভেচ্ছা জ্ঞাপন কৰিছে।

বৰুৱাই এই কৃতিত্বৰ বাবে পৰিয়াল তথা প্ৰতিজন শুভাকাংক্ষীক কৃতজ্ঞতা জ্ঞাপন  কৰে।

Related News