• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, August 13, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

নীতিশক মোক্ষম আঘাত দি জে ডি(য়ু)ৰ ছজন বিধায়কৰ বিজেপিত যোগদান

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , December 25, 2020 3:46 pm

1 min read

নীতিশক মোক্ষম আঘাত দি জে ডি(য়ু)ৰ ছজন বিধায়কৰ বিজেপিত যোগদান
287
VIEWS
Share on FacebookShare on Twitter

বিহাৰত নীতিশ কুমাৰে বিজেপিৰ সৈতে লগ লাগি চৰকাৰ চলাই আছে। কিন্তু নীতিশক মোক্ষম আঘাত দি অৰুণাচল প্ৰদেশত জনতা দল(য়ুনাইটেড)ৰ ছজন বিধায়কে বিজেপি দলত যোগদান কৰিছে।

অৰুণাচলত জেডি(য়ু)ৰ সাতজন বিধায়ক আছিল যদিও ইয়াৰে ছজনে বিজেপিত যোগ দিয়াত এতিয়া দলটোত থাকিল মাত্ৰ এজনহে বিধায়ক।

৬০ জনীয়া সদস্যৰে গঠিত বিধানসভাত এতিয়া অৰুণাচলৰ পিপলছ পাৰ্টিৰ এজন বিধায়কৰ সৈতে এতিয়া বিজেপিৰ ৪৮ জন সদস্য আছে।

জেডি(য়ু) ত্যাগ কৰা বিধায়ক কেইজন হৈছে ৱে হেং মংফি, জিকে তাকো, ডংৰু ছিয়াংজু, তালিম টবোহ, কাংগং টাকু আৰু ডৰ্জি ৱাংদি খাৰ্মা।

ইয়াৰে তিনিজনক যোৱা মাহত দল-প্ৰতিৰোধী কাৰ্যকলাপৰ বাবে নিলম্বন কৰা হৈছিল।

ৰাজ্যখনৰ বিজেপিৰ ৰাজ্যিক প্ৰধান বায়ৰুম ৱাহগে কয় যে প্ৰধান মন্ত্ৰী আৰু মুখ্য মন্ত্ৰী পেমা খাণ্ডুৰ নেতৃত্বত হোৱা উন্নয়নৰ বাবেই এইদৰে আকৰ্ষিত হৈ দলত যোগদান কৰিছে।

ইফালে দল ত্যাগৰ প্ৰসংগটো নীতিশ কুমাৰে কিদৰে গ্ৰহণ কৰে সেয়া লক্ষ্যণীয় হ’ব। কিয়নো এই সপ্তাহৰ শেষত জে ডি (য়ু)ৰ ৰাষ্ট্ৰীয় পৰিষদৰ দুদিনীয়া বৈঠক আছে।

জে ডি(য়ু) যোৱা বছৰ অৰুণাচল প্ৰদেশত এক স্বীকৃত ৰাজ্যিক দলত পৰিণত হৈছিল।

বিপক্ষৰ শক্তি এতিয়া ১২ খন আসনলৈ হ্ৰাস পালে। ১২ খন আসনৰ ভিতৰত কংগ্ৰেছ আৰু নেশ্যনেল পিপলছ পাৰ্টিৰ চাৰিখন, এখন জে ডি(য়ু) আৰু বাকী তিনিজন নিৰ্দলীয় বিধায়ক।

Recent News

FB_IMG_

শংকৰী সাহিত্যৰ গৱেষক-পণ্ডিত তিলক চন্দ্ৰ মজুমদাৰৰ জন্মদিনত ‘সংক্ষিপ্ত জীৱন তথ্য’ উন্মোচন

সঁচাকৈয়ে টোপনি মাৰিছিল নে বিধায়ক অখিল গগৈয়ে? সদন ত্যাগ কৰি আহি কি ক’লে?

সঁচাকৈয়ে টোপনি মাৰিছিল নে বিধায়ক অখিল গগৈয়ে? সদন ত্যাগ কৰি আহি কি ক’লে?

blue-covid

অসমত আজি কিমান লোক আক্ৰান্ত হ’ল কোভিডত, মৃত্যু হ’ল কিমান জনৰ?

Britney-Spears-02-1

পিতৃৰ বিৰুদ্ধে ন্যায় যুদ্ধৰ প্ৰথম ঢাপত জয়ী ব্ৰিটনী স্পিয়েৰ্ছ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd