ডেৰা চাচা সৌদাৰ মুৰব্বী গুৰমীত ৰাম ৰহিম সিঙক আৰু ২১ দিনৰ বাবে পেৰ’লত মুকলি কৰি দিয়া হ’ল। মঙলবাৰে মুক্তি পোৱাৰ পিছত তেওঁ উত্তৰ প্ৰদেশৰ বাগপাটত থকা নিজৰ আশ্ৰমলৈ ৰাওনা হয়। ইয়াকে লৈ ধৰ্ষণৰ অপৰাধত ২০ বছৰৰ কাৰাদণ্ড বিহা স্বঘোষিত ধৰ্ম গুৰুজনক যোৱা ৪ বছৰত ১০ বাৰ পেৰ’লত মুকলি কৰি দিয়া হয়। বিজেপি শাসিত হাৰিয়ানা চৰকাৰৰ কৃপাত ধৰ্ষণকাৰীক পেৰ’লত মুকলি কৰি দিয়াৰ অভিযোগ উত্থাপন হৈছে।
হাৰিয়ানাৰ পঞ্চকুলা আদালতে ২০১৭ চনত ডেৰাৰ দুগৰাকী শিষ্যাক ধৰ্ষণ কৰাৰ অপৰাধত ২০ বছৰৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰিছিল ৰাম ৰহিমক। এই ঘটনা পোহৰলৈ অনাৰ বাবে এজন সাংবাদিককো হত্যা কৰা হৈছিল। সেই ঘটনাত আন তিনিজনৰ সৈতে ৰাম ৰহিমক দোষী সাব্যস্ত কৰা হৈছিল। লগতে ডেৰাৰ মেনেজাৰক হত্যা কৰাৰ দোষী সাব্যস্ত হৈছিল। অৱশ্যে উচ্চ ন্যায়ালয়ে তেওঁক সেই অভিযোগৰ পৰা মুক্ত কৰে।
লগতে পঢ়কঃ শ্বেখ হাছিনাক ক্ষমতাচ্যুত কৰাত জড়িত নহয় আমেৰিকা; স্পষ্ট কৰিলে হোৱাইট হাউছে
কিন্তু কাৰাবন্দী হৈ থকাৰ পিছতো দোষী সাব্যস্ত হোৱা ধৰ্ষণকাৰী ধৰ্মগুৰুজনে দীঘলীয়া ছুটীত জেলৰ বাহিৰতে বেছিভাগ সময় কটায়। ১৯ জানুৱাৰীত হাৰিয়ানা চৰকাৰে তেওঁক ৫০ দিনৰ পেৰ’ল প্ৰদান কৰিছিল। ইয়াৰ পূৰ্বেও কেইবাবাৰো তেওঁক অধিক দীঘলীয়া সময়ৰ বাবে পেৰ’ল দিয়া হৈছে।
আচৰিত কথাটো হ’ল, নিৰ্বাচনৰ ঠিক আগতে ৰাম ৰহিমক পেৰ’লত মুকলি কৰি দিয়া দেখা গ’ল। এইবাৰ হাৰিয়ানাত আছে বিধানসভা নিৰ্বাচন। তাৰ পূৰ্বে স্বঘোষিত ধৰ্মগুৰুজনৰ এই মুক্তিয়ে স্বাভাৱিকতে প্ৰশ্ন উত্থাপন কৰিছে। মূলতঃ পঞ্জাৱ, হাৰিয়ানা, উত্তৰ প্ৰদেশৰ দৰে ৰাজ্যত ৰাম ৰহিমৰ অনুগামীৰ সংখ্যা বহুত।
লগতে পঢ়কঃ প্ৰতিদিনে ভাতসাজৰ সৈতে কেঁচা জলকীয়া খায়! নিয়মিত জলকীয়া খোৱাটো সঁচাকৈয়ে উপকাৰীনে?
যোৱা বছৰৰ নৱেম্বৰ মাহত ৰাজস্থানত অনুষ্ঠিত হোৱা বিধানসভা নিৰ্বাচনৰ পূৰ্বে তেওঁক ছুটী দিয়া হৈছিল। হাৰিয়ানাত পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বেও তেওঁ ৫০ দিনৰ ছুটী পাইছিল। সেইদৰে, পঞ্জাৱ বিধানসভা নিৰ্বাচনৰ পূৰ্বেও তেওঁক বিভিন্ন ‘অজুহাত’ত পেৰ’ল দিয়া হৈছিল।