• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আকৌ পেৰ’লত মুকলি! কাৰাগাৰৰ পৰা ২১ দিনৰ বাবে ‘ছুটী’ত ধৰ্ষণকাৰী স্বঘোষিত ধৰ্মগুৰু ৰাম ৰহিম

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
August 13, 2024 2:44 pm
123
VIEWS
Share on FacebookShare on Twitter

ডেৰা চাচা সৌদাৰ মুৰব্বী গুৰমীত ৰাম ৰহিম সিঙক আৰু ২১ দিনৰ বাবে পেৰ’লত মুকলি কৰি দিয়া হ’ল। মঙলবাৰে মুক্তি পোৱাৰ পিছত তেওঁ উত্তৰ প্ৰদেশৰ বাগপাটত থকা নিজৰ আশ্ৰমলৈ ৰাওনা হয়। ইয়াকে লৈ ধৰ্ষণৰ অপৰাধত ২০ বছৰৰ কাৰাদণ্ড বিহা স্বঘোষিত ধৰ্ম গুৰুজনক যোৱা ৪ বছৰত ১০ বাৰ পেৰ’লত মুকলি কৰি দিয়া হয়। বিজেপি শাসিত হাৰিয়ানা চৰকাৰৰ কৃপাত ধৰ্ষণকাৰীক পেৰ’লত মুকলি কৰি দিয়াৰ অভিযোগ উত্থাপন হৈছে।

হাৰিয়ানাৰ পঞ্চকুলা আদালতে ২০১৭ চনত ডেৰাৰ দুগৰাকী শিষ্যাক ধৰ্ষণ কৰাৰ অপৰাধত ২০ বছৰৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰিছিল ৰাম ৰহিমক। এই ঘটনা পোহৰলৈ অনাৰ বাবে এজন সাংবাদিককো হত্যা কৰা হৈছিল। সেই ঘটনাত আন তিনিজনৰ সৈতে ৰাম ৰহিমক দোষী সাব্যস্ত কৰা হৈছিল। লগতে ডেৰাৰ মেনেজাৰক হত্যা কৰাৰ দোষী সাব্যস্ত হৈছিল। অৱশ্যে উচ্চ ন্যায়ালয়ে তেওঁক সেই অভিযোগৰ পৰা মুক্ত কৰে।

লগতে পঢ়কঃ শ্বেখ হাছিনাক ক্ষমতাচ্যুত কৰাত জড়িত নহয় আমেৰিকা; স্পষ্ট কৰিলে হোৱাইট হাউছে

কিন্তু কাৰাবন্দী হৈ থকাৰ পিছতো দোষী সাব্যস্ত হোৱা ধৰ্ষণকাৰী ধৰ্মগুৰুজনে দীঘলীয়া ছুটীত জেলৰ বাহিৰতে বেছিভাগ সময় কটায়। ১৯ জানুৱাৰীত হাৰিয়ানা চৰকাৰে তেওঁক ৫০ দিনৰ পেৰ’ল প্ৰদান কৰিছিল। ইয়াৰ পূৰ্বেও কেইবাবাৰো তেওঁক অধিক দীঘলীয়া সময়ৰ বাবে পেৰ’ল দিয়া হৈছে।

আচৰিত কথাটো হ’ল, নিৰ্বাচনৰ ঠিক আগতে ৰাম ৰহিমক পেৰ’লত মুকলি কৰি দিয়া দেখা গ’ল। এইবাৰ হাৰিয়ানাত আছে বিধানসভা নিৰ্বাচন। তাৰ পূৰ্বে স্বঘোষিত ধৰ্মগুৰুজনৰ এই মুক্তিয়ে স্বাভাৱিকতে প্ৰশ্ন উত্থাপন কৰিছে। মূলতঃ পঞ্জাৱ, হাৰিয়ানা, উত্তৰ প্ৰদেশৰ দৰে ৰাজ্যত ৰাম ৰহিমৰ অনুগামীৰ সংখ্যা বহুত।

লগতে পঢ়কঃ প্ৰতিদিনে ভাতসাজৰ সৈতে কেঁচা জলকীয়া খায়! নিয়মিত জলকীয়া খোৱাটো সঁচাকৈয়ে উপকাৰীনে?

যোৱা বছৰৰ নৱেম্বৰ মাহত ৰাজস্থানত অনুষ্ঠিত হোৱা বিধানসভা নিৰ্বাচনৰ পূৰ্বে তেওঁক ছুটী দিয়া হৈছিল। হাৰিয়ানাত পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বেও তেওঁ ৫০ দিনৰ ছুটী পাইছিল। সেইদৰে, পঞ্জাৱ বিধানসভা নিৰ্বাচনৰ পূৰ্বেও তেওঁক বিভিন্ন ‘অজুহাত’ত পেৰ’ল দিয়া হৈছিল। 

Recent News

মাৰ্ঘেৰিটাত বৈধ কয়লা খনিত পুনৰ খননৰ দাবী: আন্তঃৰাষ্ট্ৰীয় মানৱাধিকাৰ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ

মাৰ্ঘেৰিটাত বৈধ কয়লা খনিত পুনৰ খননৰ দাবী: আন্তঃৰাষ্ট্ৰীয় মানৱাধিকাৰ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ

বিশাখাপট্টনমত মুকলি হ’ল কেপচুল হোটেল! ষ্টেচনত যাত্ৰীসকলৰ বাবে কম খৰচত থকাৰ সুব্যৱস্থা

বিশাখাপট্টনমত মুকলি হ’ল কেপচুল হোটেল! ষ্টেচনত যাত্ৰীসকলৰ বাবে কম খৰচত থকাৰ সুব্যৱস্থা

দেশৰ আটাইতকৈ প্ৰদূষিত চহৰৰ শীৰ্ষত অসমৰ বৰ্নিহাট! পৰিষ্কাৰ চহৰৰ শীৰ্ষত আাছে আইজল

দেশৰ আটাইতকৈ প্ৰদূষিত চহৰৰ শীৰ্ষত অসমৰ বৰ্নিহাট! পৰিষ্কাৰ চহৰৰ শীৰ্ষত আাছে আইজল

ৰাজনীতিত নহয়; এইবাৰ পুনৰ অভিনয় জগতত দেখিবলৈ পাব প্ৰাক্তন কংগ্ৰেছ নেত্ৰী ববিতা শৰ্মাক

ৰাজনীতিত নহয়; এইবাৰ পুনৰ অভিনয় জগতত দেখিবলৈ পাব প্ৰাক্তন কংগ্ৰেছ নেত্ৰী ববিতা শৰ্মাক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd