NORTHEAST NOW (Assamese)

বলপূৰ্বক গৰ্ভপাতৰ চেষ্টা: মৃত্যুক সাবটিলে ধৰ্ষিতা যুৱতীয়ে

August 15, 2022 7:20 pm · এন ই নাও নিউজ, গুৱাহাটী

নিজৰ অপকৰ্ম ঢাকিবলৈ এক দুৰ্বৃত্তই বলপূৰ্বকভাৱে গৰ্ভপাতৰ চেষ্টা কৰাৰ ফলত মৃত্যুক সাবটি লৈছে এগৰাকী ধৰ্ষিতা যুৱতীয়ে। উত্তৰ প্ৰদেশত সংঘটিত হৈছে এই ঘৃণনীয় ঘটনা।

ঘটনা সন্দৰ্ভত আৰক্ষীয়ে জানিবলৈ দিয়া মতে, ২২ বছৰীয়া যুৱতীগৰাকীয়ে শিক্ষাৰ বাবে নিজৰ খুৰাকৰ ঘৰত আশ্ৰয় লৈছিল। এই সময়তে যুৱতীগৰাকীয়ে এজন যুৱকৰ সৈতে চিনাকি হয়।

কিন্তু লম্পট যুৱকজনে এদিন সুযোগ বুজি যুৱতীগৰাকীক ধৰ্ষণ কৰে। ধৰ্ষণৰ বলি হোৱাৰ পিছত যুৱতীগৰাকীয়ে গৰ্ভধাৰণ কৰে। এই কথা জানিব পৰাৰ পিছতে লম্পট যুৱকগৰাকীয়ে নিজৰ অপকৰ্ম ঢাকিবলৈ চেষ্টা চলায়।

গৰ্ভধাৰণৰ পাঁচ মাহৰ পিছত অভিযুক্ত যুৱকজনে মহিলাগৰাকীক ঔষধ কিনি দিয়াৰ চলেৰে গৰ্ভপাতৰ বাবে এখন ব্যক্তিগত চিকিৎসালয়লৈ লৈ যায়।

চিকিৎসালয়ত বলপূৰ্বক গৰ্ভপাতৰ সময়তে যুৱতীগৰাকী মৃত্যুমুখত পৰে। এই ঘটনাৰ বিষয়ে জানিব পৰাৰ পিছতে যুৱতীগৰাকীৰ খুৰাকে আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰে।

খুৰাকৰ অভিযোগৰ ভিত্তিত চাৰিজন লোকৰ বিৰুদ্ধে আৰক্ষীয়ে গোচৰ ৰুজু কৰে। ধৰ্ষণৰ অভিযুক্ত যুৱকজনৰ লগতে তেওঁৰ বন্ধু, ব্যক্তিগত চিকিৎসালয়খনৰ জ্যেষ্ঠ বিষয়া আৰু এগৰাকী চিকিৎসকৰ বিৰুদ্ধে আৰক্ষীয়ে গোচৰ ৰুজু কৰিছে।

ইতিমধ্যে মুখ্য অভিযুক্ত তথা ধৰ্ষণৰ অভিযুক্ত যুৱকজনৰ লগতে চিকিৎসালয়খনৰ জ্যেষ্ঠ বিষয়াজনক গ্ৰেপ্তাৰ কৰা হৈছে বুলি আৰক্ষীয়ে জানিবলৈ দিছে।

আনহাতে আন দুই অভিযুক্তক গ্ৰেপ্তাৰ কৰাৰ বাবে অনুসন্ধান চলাই থকা হৈছে বুলিও আৰক্ষীয়ে লগতে কয়।

Related News