NORTHEAST NOW (Assamese)

বিশ্বনাথত কিশোৰীক ধৰ্ষণঃ ৰঙাঘৰৰ আলহী হ’ল ৫০ উৰ্ধৰ ব্যক্তি

June 24, 2022 7:26 pm · কাজি জেইদুল ইছলাম,বিশ্বনাথ

এক ধৰ্ষণ কাণ্ডই জোকাৰি গৈছে বিশ্বনাথক।

কিশোৰীক ধৰ্ষণ কৰি ৰঙাঘৰৰ আলহী হ’ল ৫০ উৰ্ধৰ ব্যক্তি ।

বিশ্বনাথৰ ছোৱাগুৰীত সংঘটিত হৈছে এই জঘন্য কাণ্ড ।

৫০ বছৰীয়া ব্যক্তিৰ কামনাৰ বলি হয় এগৰাকী ১৪ বছৰীয়া কিশোৰী ।

প্ৰায় চাৰি মাহ পূৰ্বে এগৰাকী নাবালিকাক ধৰ্ষণ কৰাৰ পিছত আজি পোহৰলৈ আহে সমগ্ৰ ঘটনা ।

পৰিয়ালৰ এজাহাৰৰ ভিত্তিত অভিযুক্ত খুৰছিদ আলীক গ্ৰেপ্তাৰ কৰিছে বিশ্বনাথ আৰক্ষীয়ে ।

বিশ্বনাথ আৰক্ষীয়ে খেদি খেদি মৰাপাট খেতিৰ মাজৰ পৰা আটক কৰে খুৰছিদক ।

সম্প্ৰতি বিশ্বনাথ আৰক্ষীৰ জিন্মাত আছে অভিযুক্ত খুৰছিদ আলি ।

Related News