NORTHEAST NOW (Assamese)

জাগুনত বিশেষ ভাৱে সক্ষম যুৱতীক ধৰ্ষণ, লম্পটক জেল হাজোতলৈ প্ৰেৰণ

April 23, 2021 8:21 pm · মানস প্ৰতিম গগৈ

তিনিচুকীয়া জিলাৰ জাগুন আৰক্ষী চকীৰ অন্তৰ্গত নামফাই নতুন গাঁৱত কালি সন্ধ্যা সংঘটিত হৈছে এক জঘন্য ধৰ্ষণকাণ্ড।

৩৫ বছৰীয়া এজন লম্পট লোকৰ  ধৰ্ষণৰ বলি হ’ল বিশেষ ভাৱে সক্ষম ২২ বছৰীয়া এগৰাকী যুৱতীক ।

লম্পট লোক জন হৈছে নামফাই নতুন গাঁৱৰ নিবাসী সোণটো সোণোৱাল।

প্ৰাপ্ত খবৰ অনুসৰি , যুৱতী গৰাকীৰ ঘৰত সন্ধিয়া পৰিয়ালৰ কোনো লোক নথকাৰ সুযোগ লৈ লম্পট সোণোৱালে যুৱতী গৰাকীৰ ঘৰত প্ৰৱেশ কৰি বলপূৰ্বক ভাবে ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে।

 লোকজনক গাঁৱৰ ৰাইজে কৰায়ত্ব কৰি জাগুন আৰক্ষীক গতাই দিয়ে।

ইতিমধ্যে লোক জনৰ বিৰুদ্ধে লেখাপানী থানাত ৪৫৭ আৰু ৩৭৬ ধাৰাৰ অধীনত এক গোচৰ ৰুজু কৰি আজি জেল হাজোতলৈ প্ৰেৰণ কৰিছে।

সমগ্ৰ ঘটনাই জাগুনত চাঞ্চল্য সৃষ্টি কৰাৰ লগতে দল সংগঠনে লম্পট সোণোৱালৰ কঠোৰ শাস্তিৰ দাবী তুলিছে।

Related News