অধিক আমলখি খালে সমস্যাৰ সৃষ্টি হ’ব পাৰে!

WhatsApp Image 2021-02-08 at 8.39.47 AM

আমলখিৰ উপকাৰিতা সম্পৰ্কে আমি সকলোৱে জানো। শৰীৰ সুস্থ ৰখাত আমলখিৰ ভূমিকা সম্পৰ্কেও প্ৰায়েই চৰ্চা চলি থাকে। ইয়াত থকা ভিটামিন চি আৰু এন্টিঅক্সিডেন্টকে ধৰি বহু ৰোগ প্ৰতিৰোধৰ ক্ষেত্ৰত আমলখি উপযোগী।

কিন্তু আমলখি অধিক পৰিমানে খালে শৰীৰত কিবা সমস্যাৰ সৃষ্টি হ’ব পাৰেনে তাকো জানি থোৱা ভাল।

সাধাৰণতে আমলখি চোবাই খোৱাটো ভাল। প্ৰতিদিনে খালী পেটত এটা বা দুটা আমলখি খালে আটাইতকৈ ভাল উপকাৰ পোৱা যায়।

কিন্তু দিনে ইয়াতকৈ অধিক আমলখি খোৱা উচিত নহয়। ইয়াত থকা প্ৰচুৰ ভিটামিন চি-য়ে কোষ্ঠ্যকাঠিন্যৰ সৃষ্টি কৰিব পাৰে।

অস্ত্ৰোপচাৰ হ’লে চিকিৎসকৰ পৰামৰ্শ লৈ আমলখি খোৱা ভাল। সেইদৰে গৰ্ভৱতী বা কেচুৱাক স্তনপান কৰোৱা মাতৃয়ে আমলখি খোৱাটো অনুচিত।

তদুপিৰ, হাৰ্টৰ বাবেও ই ক্ষতিকাৰক হোৱাৰ সম্ভাৱনা নোহোৱা নহয়। আমলখি হাৰ্টৰ শক্তিশালী গ্ৰন্থি ‘কাৰ্ডিঅ’ভেছকুলাৰ’ উদ্দীপক। অৱশ্যে, আমলখি হাৰ্টত কোনো জটিল প্ৰভাৱ পেলোৱাৰ সম্ভাৱনা নাই।

বিশেষজ্ঞসকলে অৱশ্যে হাৰ্ট সম্পৰ্কীয় কোনো সমস্যা থাকিলে ইয়াক ব্যৱহাৰ কৰাৰ পূৰ্বে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰা উচতি বুলি জানিবলৈ দিয়ে।

সামান্য সংখ্যক লোকৰ আমলখিৰ বাবে এলাৰ্জী হ’ব পাৰে। অধইক আমলখি খোৱাৰ ফলত পাকস্থলীৰ কৃমি, বমিৰ ভাৱ, ডায়েৰিয়া, পেটৰ বিষ আদি বিভিন্ন স্বাস্থ্য সংক্ৰান্তীয় সমস্যাৰ উদ্ভৱ হ’ব পাৰে।

আমলখিয়ে শৰীৰৰ তাপমাত্ৰা বহু পৰিমানে হ্ৰাস কৰে। ইয়াক অধিক পৰিমানে খালে ঠাণ্ডা লাগি চৰ্দি-জ্বৰ হ’ব পাৰে। সেয়ে, চৰ্দি-কাহ আদিত ভূগি থাকিলে আমলখি নোখোৱাই ভাল।