নিশাৰ আকাশ মহাকাশপ্ৰেমীৰ বাবে সঁচাকৈয়ে এক আকৰ্ষণৰ কেন্দ্ৰ। মাজে সময়ে কিছুমান বিৰল মহাজাগতিক দৃশ্য চাই মুগ্ধ হৈ পৰে বিজ্ঞানমনস্ক ব্যক্তিসকল। এই মহাকাশপ্ৰেমীসকলৰ বাবে আছে এক নতুন খবৰ। চলিত মাহতেই এডাল ৰেখাতেই ওচৰাওচৰিকৈ অৱস্থান কৰিব সৌৰজগতৰ চাৰিটা গ্ৰহ মঙল, শুক্ৰ, বৃহস্পতি আৰু শনিয়ে।
মহাকাশ বিজ্ঞানীসকলে জানিবলৈ দিছে যে ইয়াৰ পূৰ্বে ২০২০ চনত বৃহস্পতি আৰু শনি গ্ৰহ ওচৰাওচৰিকৈ অৱস্থান কৰা দেখা গৈছিল। এইবাৰ সিঁহত ইমান নিকট নাহিলেও পুৱতি নিশাৰ আকাশত দুয়োটাকে ওচৰাওচৰি থকাই দেখা পোৱা যাব।
লগতে পঢ়ক: ৰঙালীৰ আনন্দৰ মাজতে অথন্তৰ: বিশ্বনাথত গৰু নোৱাবলৈ গৈ যুৱকৰ মৃত্যু
মহাকাশত দুয়োটা গ্ৰহৰ মাজত দূৰত কোটি কোটি কিলোমিটাৰ হ’লেও পৃথিৱীৰ পৰা চালে তেওঁলোকক কাষতেই থকা যেন দেখা যাব।
এপ্ৰিলৰ আৰম্ভণিৰ পৰাই শুক্ৰ, শনি আৰু মঙল গ্ৰহক মাত্ৰ ছয় ডিগ্ৰী ব্যৱধানত দেখা গৈছে। সময় যোৱাৰ লগে লগে শনি আৰু মঙল আৰু ওচৰ চাপি আহিছে। অৱশ্যে ইয়াৰ পিছত দুয়োটাৰ মাজৰ দূৰত্ব বৃদ্ধি পাইছে।
এপ্ৰিলৰ অন্তিম সপ্তাহতহে প্ৰকৃত আকৰ্ষণটো ধৰা দিব। তেতিয়া চাৰিওটা গ্ৰহকেই ওচৰাওচৰিকৈ দেখা যাব। বিজ্ঞানীসকলৰ মতে এইটো হ’ব এক বিৰল অভিজ্ঞতা।
লগতে পঢ়ক: পুনৰ বিপদত ইমৰান খান: উপহাৰ হিচাপে পোৱা অলংকাৰ ১৮ কোটি টকাত বিক্ৰীৰ অভিযোগ
উল্লেখ্য যে চলিত বছৰত মহাকাশপ্ৰেমীসকলে একাধিক মহাজাগতিক দৃশ্য দেখিবলৈ পাইছে। চলিত বছৰতেই মুঠ চাৰিবাৰ গ্ৰহণ আছে আৰু ইয়াৰ ভিতৰত দুবাৰ সূৰ্যগ্ৰহণ আৰু দুবাৰ হৈছে চন্দ্ৰগ্ৰহণ। অহা মে আৰু নৱেম্বৰ মাহতো দেখা যাব চন্দ্ৰগ্ৰহণ।