NORTHEAST NOW (Assamese)

আজি বিৰল বলয়গ্ৰাস সূৰ্যগ্ৰহণ; কেনেকৈ চাব, কি নকৰিব, নিৰ্দেশনা জাৰি কৰিছে কেন্দ্ৰই

June 21, 2020 8:07 am · এন ই নাও নিউজ
বলয়গ্ৰাস সূৰ্যগ্ৰহণৰ ফাইল ছবি।

দেওবাৰে হ’ব লগীয়া বিৰল বলয়গ্ৰাস সূৰ্যগ্ৰহণক লৈ বিভিন্ন মহলত চলিছে সৰৱ চৰ্চা। ছচিয়েল মিডিয়াতো এই সূৰ্যগ্ৰহণৰ প্ৰসংগই বিশেষ আলোচনাৰ স্থান পাইছে।

এই সূৰ্যগ্ৰহম চোৱাৰ পূৰ্বে কেন্দ্ৰই জনসাধাৰণৰ বাবে নতুন নিৰ্দেশনা জাৰি কৰিছে।

সূৰ্যগ্ৰহণ কেনেকৈ চাব, কোনটো দিশ উপেক্ষা কৰিব আদি বিষয়ত কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা প্ৰেছ ইনফৰমেশ্যন ব্যুৰোই নাগৰিকসকলৰ বাবে নিৰ্দেশনা জাৰি কৰিছে।

এইবাৰ সূৰ্যগ্ৰহণত চন্দ্ৰই সূৰ্যক লাহে লাহে ঢাকি ধৰিব। সম্পূৰ্ণ অন্ধাকাৰ হোৱাৰ বিপৰীতে জুইৰ আঙুঠি বা ৰিং অফ ফায়াৰৰ সৃষ্টি হ’ব।

পুৱা ৯বাজি ১৫ মিনিটৰ পৰা আংশিক সূৰ্যগ্ৰহণ আৰম্ভ হ’ব। বিয়লি ৩বাজি ৪মিনিটত গ্ৰহণৰ সমাপ্তি ঘটিব।

পুৱা ৯বাজি ৫৮মিনিটত গুজৰাটৰ ভুজৰ পৰা ভাৰতত প্ৰথম সূৰ্যগ্ৰহণটো দেখা যাব। তদুপৰি, ইয়াৰ লগে লগে হাৰিয়ানা, ৰাজস্থান আৰু উত্তৰাখণ্ডৰ কিছু অংশত গ্ৰহণ দৃশ্যমান হ’ব।

অসমত এই সূৰ্যগ্ৰহণ দেখা পোৱাৰ কোনো সম্ভাৱনা নাই।

সূৰ্যগ্ৰহণৰ সময়ছোৱাত কি কৰিব?

নিৰ্দেশনা অনুসৰি, সূৰ্যক নিৰীক্ষণ কৰিবলৈ বিশেষ গগলছ বা ছানগ্লাছ ব্যৱহাৰ কৰিব।

সূৰ্যগ্ৰহণৰ সময়ত ওচৰে পাজৰে থকা বননি বা গছৰ ছায়াত দৃষ্টি ৰাখক। মাটিৰ ওপৰত পৰা গ্ৰহণৰ বিভিন্ন আকৃতি সেই ছায়াত বিচাৰি পাব।

কিন্তু সূৰ্যগ্ৰহণৰ সময়ছোৱাত কি নকৰিব?

ভুলতেও খালী চকুৰে সূৰ্যৰ পিনে নাচাব। ইয়াৰ ফলত চকুৰ মাৰাত্মক ক্ষতি হ’ব পাৰে। আনকি অন্ধত্বপ্ৰাপ্তি পৰ্যন্ত হ’ব পাৰে।

সাধাৰম গগলছ বা ছানগ্লাছ পৰিধান কৰি চোৱাৰ পৰা বিৰত থাকক।

এক্সৰে প্লেট বা অস্বচ্ছ গ্লাছৰ জৰিয়তে সূৰ্যগ্ৰহণ প্ৰত্যক্ষ কৰিবলৈ মানা কৰা হৈছে।

সেইদৰে, পানীৰ মাজত সূৰ্যগ্ৰহণৰ প্ৰতিবিম্ব নাচাবলৈকো কোৱা হৈছে।

Related News