NORTHEAST NOW (Assamese)

খোদ তথ্য-প্ৰযুক্তি দপ্তৰৰ কেন্দ্ৰীয় মন্ত্ৰী ৰবি শংকৰ প্ৰসাদৰেই একাউণ্ট ব্লক কৰিলে টুইটাৰে! কিন্তু কিয়?

June 25, 2021 6:02 pm · এন ই নাও নিউজ
Updated: June 25, 2021 6:16 pm

নতুন তথ্য-প্ৰযুক্তি আইনকলৈ ভাৰত চৰকাৰৰ সাতে টুইটাৰ কৰ্তৃপক্ষৰ সংঘাত চলি থকাৰ মাজতে আজি ভাৰতৰ খোদ তথ্য-প্ৰযুক্তি তথা আইন দপ্তৰৰ মন্ত্ৰী ৰবি শংকৰ প্ৰসাদৰেই টুইটাৰ একাউণ্ট ব্লক কৰি দিয়ে টুইটাৰ কৰ্তৃপক্ষই।

আমেৰিকাৰ ডিজিটেল মিলেনিয়াম কপিৰাইট এক্ট ভংগ কৰাৰ অভিযোগতে টুইটাৰ কৰ্তৃপক্ষই কেন্দ্ৰীয় মন্ত্ৰী গৰাকীৰ টুইটাৰ একাউণ্ট ব্লক কৰি দিয়ে।

অৱশ্যে এই বিষয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰাৰ পিছতে মন্ত্ৰী প্ৰসাদৰ টুইটাৰ একাউণ্টটো পুনৰ খুলি দিয়া হয়।

মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰা মতে প্ৰায় এঘণ্টা সময় ধৰি তেওঁৰ টুইটাৰ একাউণ্টটো ব্লক কৰি ৰখা হৈছিল।

ইপিনে টুইটাৰৰ এনে কাৰ্যত তীব্ৰ অসন্তুষ্টি ব্যক্ত কৰি মন্ত্ৰী প্ৰসাদে কৈছে যে টুইটাৰ এনে কাৰ্যৰ জৰিয়তে তথ্য-প্ৰযুক্তি আইন ২০২১ ৰ ৪(৮) ধাৰা ভংগ কৰিছে।একাউণ্ট ব্লক কৰাৰ পূৰ্বেটুইটাৰ কৰ্তৃপক্ষই তেওঁক জাননী প্ৰেৰণ কৰিব লাগিছিল বুলিও মন্ত্ৰী গৰাকীয়ে প্ৰকাশ কৰে।

মন্ত্ৰীগৰাকীৰ টুইটাৰ একাউণ্টটো খুলি দি টুইটাৰ কৰ্তৃপক্ষই লগতে এইবুলিও সকিয়াই দিছে যে পৰৱৰ্তী সময়ত যদি মন্ত্ৰীগৰাকীয়ে পুনৰ কপিৰাইট উলংঘা কৰা পোষ্ট দিয়ে তেন্তে তেওঁৰ একাউণ্টটো একেবাৰে বন্ধ কৰি দিয়া হ’ব।

মন্ত্ৰী প্ৰসাদে টেলিভিছনত সম্প্ৰচাৰিত তেওঁৰ কেতবোৰ সাক্ষাৎকাৰৰ ক্লিপিঙছ টুইটাৰত পোষ্ট কৰিছিল।সেইবাবেই টুইটাৰে তেওঁৰ একাউণ্টটো ব্লক কৰিছিল।

প্ৰসাদে কয় যে এনেদৰে ক্লিপিং পোষ্ট কৰাৰ বাবে কোনো টিভি চেনেলে তেওঁক আপত্তি দৰ্শোৱা নাছিল।গতিকে ইয়াত কপিৰাইট উলংঘাৰো কথা নাহে।

টুইটাৰক সকিয়াই দি মন্ত্ৰী প্ৰসাদে কয় যে ভাৰতত বাক স্বাধীনতা ৰক্ষাৰ নামত কোনো বিদেশী কোম্পানীকে আইন উলংঘা কৰি আধিপত্য চলাবলৈ দিয়া নহ’ব। উল্লেখ্য ভাৰত চৰকাৰে শেহতীয়াকৈ প্ৰণয়ন কৰা নতুন তথ্য-প্ৰযুক্তি আইন খন মানি ল’ব বিচৰা নাই টুইটাৰে।

নতুন আইন খনে টুইটাৰক ইয়াৰ ব্যৱহাৰকাৰীৰ ব্যক্তিগত তথ্য জনাৰ পৰা বঞ্চিত কৰিব। এই কথা টুইটাৰে মানি ল’ব বিচৰা নাই।

উল্লেখ্য কিছিদিন পূৰ্বৰে পৰা ভাৰতৰ বাকস্বাধীনতাৰ অধিকাৰক লৈ উদ্বেগ প্ৰকাশ কৰিছিল জনপ্ৰিয় মাইক্ৰ’ব্ল’গিং চাইট টুইটাৰে।

কেন্দ্ৰীয় চৰকাৰৰ শেহতীয়া আইটি আইন সম্পৰ্কত টুইটাৰে এই উদ্বেগ প্ৰকাশ কৰিছিল।

তদুপৰি ভাৰতত নিয়োজিত টুইটাৰৰ কৰ্মীসকলৰ সুৰক্ষাক লৈ চিন্তিত হৈ পৰাৰ কথাও ব্যক্ত কৰিছিল।

টুইটাৰে এই উদ্বেগ প্ৰকাশ কৰাৰ পাছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল কেন্দ্ৰীয় চৰকাৰেও।

কেন্দ্ৰীয় চৰকাৰে কেতবোৰ অদ্ভুত কথা নকৈ আইন মানি চলাৰ চিন্তা ভাৱনা কৰিবলৈ টুইটাৰক সকিয়াই দিছিল।

কেৱল সেয়াই নহয়, বিশ্বৰ বৃহত্তম গণতন্ত্ৰ সম্পৰ্কে এই ধৰণৰ মন্তব্য কৰাৰ পৰা বিৰত থকাৰো পৰামৰ্শ দিয়া হৈছিল টুইটাৰক।

এক বিবৃতিযোগে কেন্দ্ৰীয় তথ্যপ্ৰযুক্তি আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে জনাইছিল যে এখন সাৰ্বভৌম দেশৰ নিজস্ব আইন আৰু নীতি আছে আৰু টুইটাৰ কেৱল এটা সামাজিক মাধ্যমহে।

ভাৰতৰ আইনী নীতিৰ কাঠামো কেনে হোৱা উচিত সেয়া টুইটাৰৰ কোৱাৰ অধিকাৰ নাই বুলিও বিবৃতিটোত কোৱা হৈছিল।

উল্লেখ্য যে ফেব্ৰুৱাৰিৰ আৰম্ভণিতে কেন্দ্ৰই মুঠ ১ হাজাৰ ১৭৮ টা টুইটাৰ একাউন্ট বন্ধ কৰিবলৈ টুইটাৰক নিৰ্দেশ দিছিল। কেন্দ্ৰৰ মতে খালিস্তান আৰু পাকিস্তান সমৰ্থনপুষ্ট এই একাউন্টসমূহে কৃষক আন্দোলন সম্পৰ্কে ভুৱা তথ্য বিয়পাই আহিছে।

Related News