কপিলদেবক অতিক্ৰমি মোহালিত ভাৰতৰ দ্বিতীয় সৰ্বাধিক টেষ্ট উইকেট দখলকাৰী হ’ল অশ্বিন

WhatsApp Image 2022-03-06 at 3.05.50 PM

কিংবদন্তি কপিলদেবক অতিক্ৰম কৰি অভিলেখ গঢ়িলে ৰবিচন্দ্ৰন অশ্বিনে। দেওবাৰে মোহালিত শ্ৰীলংকাৰ ইনিংছত পাথুম নিশাংকাক ছয় ৰাণত পেভলি.নলৈ পঠিয়াই অশ্বিনে কপিলদেবৰ ৪৩৪টা টেষ্ট  উইকেটৰ অভিলেখ স্পৰ্শ কৰে।

ইয়াৰ পিছতে সৰিথ আশালংকাক ২০ৰাণত আউট কৰি ৪৩৫টা টেষ্ট উইকেটেৰে ভাৰতৰ দ্বিতীয় সৰ্বাধিক টেষ্ট উইকেট দখলকাৰী হিচাপে পৰিগণিত হয় তামিলনাডুৰ অফস্পীনাৰ অশ্বিন। তেওঁ কেৰিয়াৰৰ ৮৫তম টেষ্টত এই অভিলেখৰ অধিকাৰী হয়।

কপিলদেবে ১৩১খন টেষ্ট খেলি ৪৩৪টা উইকেট দখল কৰিছিল। সেই সময়ত কপিলদেবেই আছিল বিশ্বৰ সৰ্বাধিক উইকেট দখলকাৰী। এতিয়া তেওঁ এই তালিকাৰ দশম স্থানত আছে।

লগতে পঢ়ক: প্ৰথমবাৰৰ বাবে তালিবানে প্ৰকাশ কৰিলে গৃহমন্ত্ৰী ছিৰাজুদ্দিন হাক্কানিৰ ফটো

বৰ্তমান এই বিশ্ব অভিলেখৰ গৰাকী হৈছে শ্ৰীলংকাৰ মুথাইয়া মুৰলীধৰণ। অফস্পীনাৰ গৰাকীয়ে ৮০০টা টেষ্ট উইকেট দখল কৰিছে। ভাৰতৰ সৰ্বাধিক সৰ্বাধিক উইকেট দখলকাৰী অনিল কুম্বলে দখল কৰিছে ৬১৯টা উইকেট।

এইবাৰ কপিলদেবক অতিক্ৰমি অশ্বিন এই তালিকাৰ বিশ্বৰ নৱম আৰু ভাৰতৰ দ্বিতীয় স্থানলৈ উন্নীত হৈছে। বিশ্বত অশ্বিনৰ আগত ৪৩৯টা উইকেটেৰে অষ্টম স্থানত আছে দক্ষিণ আফ্ৰিকাৰ দ্ৰুতবেগী বলাৰ ডেল ষ্টেইন। চলিত শৃংখলাতে অশ্বিনে তেওঁকো অতিক্ৰম কৰাৰ পূৰ্ণ সম্ভাৱনা আছে।