কুম্বলে, হৰভজনক অতিক্ৰমি অন্য এক কৃতিত্ব গঢ়িলে ৰবিচন্দ্ৰন অশ্বিনে

Ravichandran Ashwin

মুম্বাইৰ ৱাংখাড়ে ষ্টেডিয়ামত আজি সামৰণি পৰা ভাৰত বনাম নিউজিলেণ্ডৰ অন্তিম টেষ্টত ভাৰতৰ তাৰকা স্পিনাৰ ৰবিচন্দ্ৰন অশ্বিনে এক অনন্য কৃতিত্ব অৰ্জন কৰিছে।

নিউজিলেণ্ডৰ দ্বিতীয় ইনিংছত ৪ টাকৈ উইকেট দখল কৰি ভাৰতৰ জয়ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা অশ্বিনে নিউজিলেণ্ডৰ অপেনাৰ উইল ইয়ঙৰ উইকেট দখল কৰি এক ঐতিহাসিক মাইলষ্টনত উপনীত হয়।

৩৪ বছৰীয়া খেলুৱৈগৰাকীয়ে সৰ্বাধিক বাৰ কেলেণ্ডাৰ বৰ্ষত ৫০ বা ততোধিক টেষ্ট উইকেট দখল কৰাৰ ক্ষেত্ৰত অনিল কুম্বলে আৰু হৰভজন সিঙৰ দৰে প্ৰাক্তন ভাৰতীয় তাৰকা ক্ৰিকেটাৰক অতিক্ৰম কৰে।

এই বৰ্ষৰ সৈতে ৪ বাৰ এটা কেলেণ্ডাৰ বৰ্ষত ৫০ বা ততোধিক টেষ্ট উইকেট দখল কৰি অশ্বিনে নতুন ভাৰতীয় অভিলেখ স্থাপন কৰে। অশ্বিনে ২০১৫, ২০১৬, ২০১৭ আৰু ২০২১ বৰ্ষত ৫০ টা টেষ্ট উইকেট দখল কৰে।

পূৰ্বে এই ক্ষেত্ৰত ভাৰতীয় ৰেক’ৰ্ডৰ গৰাকী আছিল অনিল কুম্বলে আৰু হৰভজন সিঙ। দুয়ো তিনিবাৰকৈ এটা কেলেণ্ডাৰ বৰ্ষত ৫০ বা ততোধিক উইকেট দখলৰ কৃতিত্ব অৰ্জন কৰিছিল। আন এজন প্ৰাক্তন ভাৰতীয় তাৰকা কিংবদন্তী কপিল দেৱে দুবাৰ এই কৃতিত্ব অৰ্জন কৰিছিল।

টেষ্টখনত অশ্বিনে আন দুটা সফলতাও অৰ্জন কৰে। ভাৰতৰ মাটিত ৩০০ টেষ্ট উইকেট সম্পূৰ্ণ কৰে অশ্বিনে। লগতে অনিল কুম্বলে, শ্বেন ৱাৰ্ন, জেমচ এণ্ডাৰচনৰ দৰে তাৰকা বলাৰক অতিক্ৰম কৰি ঘৰুৱা টেষ্ট শৃংখলাত দ্বিতীয় দ্ৰুততম ৩০০ উইকেট (৪৯ টেষ্ট) দখলকাৰীৰ কৃতিত্ব অৰ্জন কৰে অশ্বিনে। এই ক্ষেত্ৰত তেওঁতকৈ আগত আছে কেৱল শ্ৰীলঙ্কাৰ কিংবদন্তী স্পিনাৰ মুৰুলীধৰণ।

কানপুৰত অনুষ্ঠিত শৃংখলাৰ প্ৰথম টেষ্টত অশ্বিনে হৰভজনক অতিক্ৰম কৰি টেষ্ট ক্ৰিকেটত ভাৰতৰ তৃতীয় সৰ্বাধিক উইকেট সংগ্ৰহকাৰী হিচাপে পৰিগণিত হৈছিল।

৪২৬ টা উইকেট লাভ কৰা অশ্বিনে ক্ৰিকেটৰ আটাইতকৈ দীঘলীয়া ফৰ্মেটটোত ভাৰতৰ দ্বিতীয় সৰ্বাধিক উইকেট সংগ্ৰহকাৰী হিচাপে কপিল দেৱক অতিক্ৰম কৰাৰ পৰা মাত্ৰ ৯ টা উইকেটৰ দূৰত আছে।

উল্লেখ্য যে দুখন টেষ্টৰ শৃংখলাটোত ভাৰতে আজি দ্বিতীয় টেষ্টত নিউজিলেণ্ডক ৩৭২ ৰানৰ বৃহৎ ব্যৱধানত পৰাস্ত কৰি শৃংখলা দখল কৰে। শৃংখলাটোত ১৪ টা উইকেট দখল কৰাৰ লগতে ৭০ ৰান সংগ্ৰহ কৰা অশ্বিন শৃংখলাৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে বিবেচিত হয়।