আন এক মাইলষ্ট’নত উপনীত ৰবিচন্দ্ৰন অশ্বিন, পিছ পেলালে হৰভজন সিঙক

Ravichandran Ashwin Overtakes Harbhajan Singh

চলিত ভাৰত-নিউজিলেণ্ড টেষ্টত আজি পঞ্চম দিনা অন্য এক মাইলষ্ট’নত উপনীত হৈছে ভাৰতৰ তাৰকা স্পিনাৰ ৰবিচন্দ্ৰন অশ্বিন। অশ্বিনে আজি টেষ্ট ক্ৰিকেটত প্ৰাক্তন অফ স্পিনাৰ হৰভজন সিঙক অতিক্ৰম কৰি টেষ্ট ক্ৰিকেটত ভাৰতৰ তৃতীয় সৰ্বকালৰ উইকেট সংগ্ৰহকাৰী হিচাপে পৰিগণিত হয়।

কানপুৰৰ গ্ৰীণ পাৰ্ক ষ্টেডিয়ামত ভাৰত আৰু নিউজিলেণ্ডৰ মাজত চলি থকা প্ৰথম টেষ্টৰ পঞ্চম দিনা তেওঁ এই কৃতিত্ব অৰ্জন কৰিছে। কিৱি সহ-অধিনায়ক টম লাথামক আউট কৰি এই মাইলৰ খুঁটিত উপনীত হয়। টেষ্টখন আৰম্ভ হোৱাৰ পূৰ্বে হৰভজন সিঙৰ ৪১৭ টা উইকেটৰ সংখ্যা অতিক্ৰম কৰিবলৈ অশ্বিনক পাঁচটা উইকেটৰ প্ৰয়োজন আছিল।

প্ৰথম ইনিংছত, অশ্বিনে তিনিটা উইকেট দখল কৰি তেওঁৰ উইকেটৰ সংখ্যা ৪১৬ টালৈ বৃদ্ধি কৰিছিল। দ্বিতীয় ইনিংছত চতুৰ্থ দিনৰ ষ্টাম্পৰ ঠিক আগতে কিৱি অপেনাৰ উইল ইয়ঙৰ উইকেট দখলৰ পাছত অন্তিম দিনৰ দ্বিতীয় চেছনত লাথামক আউট কৰি হৰভজন সিঙক অতিক্ৰম কৰে।

টেষ্টত সৰ্বাধিক উইকেট দখলকাৰী ভাৰতীয় বলাৰৰ তালিকাত এতিয়া কেৱল অনিল কুম্বলে আৰু কপিল দেৱ অশ্বিনতকৈ আগত আছে। কিংবদন্তী লেগ স্পিনাৰ কুম্বলেয়ে ১৩২ খন টেষ্টত ৬১৯ টা উইকেট লাভ কৰাৰ বিপৰীতে আনহাতে আন এজন কিংবদন্তী তথা প্ৰাক্তন ভাৰতীয় অধিনায়ক কপিল দেৱে ১৩১ খন টেষ্টত ৪৩৪ টা উইকেট দখল কৰিছিল।

উল্লেখ্য যে ইতিমধ্যে প্ৰথমখন টেষ্ট আজি ড্ৰ ৰূপে সমাপ্ত হয়। টেষ্টখনত ভাৰতে নিশ্চিত জয়ৰ দিশে গতি কৰিছিল যদিও ৰচীন ৰবীন্দ্ৰ আৰু আজাজ পেটেলৰ প্ৰচেষ্টাত নিউজিলেণ্ডে টেষ্টখন ড্ৰ ৰাখিবলৈ সক্ষম হয়।