আঁঠুৰ অস্ত্ৰোপচাৰৰ সন্মুখীন জাদেজা: অনিশ্চিত টি-২০ বিশ্বকাপমুখী ভাৰতীয় দলত

Ravindra Jadeja

আঁঠুৰ আঘাতৰ বাবে চলিত এছিয়া কাপৰ পৰা বাহিৰ হোৱাৰ পিছত এইবাৰ অষ্ট্ৰেলিয়াত অনুষ্ঠিত হ’বলগীয়া টি-২০ বিশ্বকাপতো অনিশ্চিত হৈ পৰিছে ভাৰতীয় ক্ৰিকেট দলৰ তাৰকা অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাদেজা।

আঁঠুৰ শেহতীয়া আঘাতৰ সন্মুখীন হোৱা জাদেজাৰ শীঘ্ৰেই সোঁ আঁঠুৰ এটা গুৰুতৰ অস্ত্ৰোপচাৰ সম্পন্ন কৰা হ’ব। ইয়াৰ পাছত অনিৰ্দিষ্ট সময়ৰ বাবে ক্ৰিকেটৰ পৰা তাৰকাগৰাকী আঁতৰি থাকিব লাগিব বুলি আশংকা কৰা হৈছে।

বিচিচিআইৰ এগৰাকী জেষ্ঠ বিষয়াই সংবাদ মাধ্যমৰ আগত কয়, “জাদেজাৰ সোঁ আঁঠুৰ আঘাত যথেষ্ট গুৰুতৰ। তেওঁৰ আঁঠুৰ এক গুৰুত্বপূৰ্ণ অস্ত্ৰোপচাৰ হোৱাৰ কথা আছে আৰু অনিৰ্দিষ্ট সময়ৰ বাবে ক্ৰিকেটৰ পৰা বাহিৰ হ’ব লাগিব।”

অস্ত্ৰোপচাৰৰ পিছত তাৰকা অলৰাউণ্ডাৰ গৰাকীৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটলৈ প্ৰত্যাৱৰ্তনৰ সময়সীমা নিৰ্ধাৰণ কৰিব নোৱাৰি বুলিও বিচিচিআইৰ জ্যেষ্ঠ বিষয়া গৰাকীয়ে লগতে উল্লেখ কৰে।

বিষয়া গৰাকীৰ এই মন্তব্যৰ পাছতে টি-২০ বিশ্বকাপৰ বাবে ভাৰতীয় দলত জাদেজাৰ অন্তৰ্ভুক্তি প্ৰায় অনিশ্চিত হৈ পৰিছে। অৱশ্যে দলৰ মুখ্য প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়ে টি-২০ বিশ্বকাপত ৰবীন্দ্ৰ জাদেজাৰ অনুপস্থিতি সন্দৰ্ভত এতিয়াই কোনো সিদ্ধান্ত ল’ব পৰা নহ’ব বুলি মন্তব্য কৰিছে।

“জাদেজাই আঁঠুত আঘাত পাইছে। নিশ্চিতভাৱে তেওঁ এছিয়া কাপৰ বাবে বাহিৰ হৈছে। তেওঁ বৰ্তমান চিকিৎসা দলৰ তত্বাৱধানত আছে।” দ্ৰাবিড়ে কয়। বিশ্বকাপৰ বাবে জাদেজা সুস্থ হৈ উঠিব নে সেয়া লক্ষ্য কৰা হ’ব বুলি দ্ৰাবিড়ে লগতে কয়।