মধ্যভোগীসকলেই লুটিছে মুনাফা, মোডীৰ শাসনত দাম পোৱা নাই কৃষকে; প্ৰতিবেদন ৰিজাৰ্ভ বেংকৰ

এফালে খাদ্যবস্তুৰ দাম বৃদ্ধিৰ বাবে সমগ্ৰ দেশ মাহৰ পিছত মাহ জ্বলি আছে। কেন্দ্রীয় চৰকাৰে ইয়াক কোনো প্রকাৰে নিয়ন্ত্রণ কৰিবলৈ সক্ষম হোৱা নাই৷ আনহাতে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৃষকৰ প্ৰতি তেওঁৰ কিমান দৰদ সেয়া প্ৰমাণ কৰিবলৈ তৎপৰ হৈ পৰিছে।

কেন্দ্ৰৰ শাসকীয় দলৰ কৰ্মকৰ্তাসকলে তেওঁলোকৰ চৰকাৰে কৃষকৰ আয় বৃদ্ধিৰ বাবে অহোপুৰুষাৰ্থ কৰিছে বুলি দেখুৱাবলৈ প্ৰচাৰত নামি পৰিছে। কিন্তু বাস্তৱ যে অতি দুখজনক সেয়া খোদ ভাৰতীয় ৰিজাৰ্ভ বেংকৰ এক প্ৰতিবেদনত প্ৰকাশ পাইছে।

তেওঁলোকে আলু, পিয়াঁজৰ পৰা আৰম্ভ কৰি কল বা আম আদি কিছুমান শস্য আৰু ফলমূলৰ বজাৰ মূল্য পুনৰীক্ষণ কৰিছে। তাত দেখা যায় যে খুচুৰা বজাৰত ফল-মূল বা শস্য যি মূল্যত বিক্ৰী হৈছে তাৰ ৩০ৰ পৰা ৪০ শতাংশ লাভ কৰিবলৈকে কৃষকসকলে সংগ্ৰাম কৰি আছে। অৰ্থাৎ বছৰ বছৰ ধৰি কৃষকসকলক মধ্যভোগীয়ে ঠগাই অহাৰ কথাটো বাস্তৱত সলনি হোৱা নাই।

মধ্যভোগীসকলেই মুনাফা লুটি আছে। সাধাৰণ মানুহে অধিক দামত খাদ্য সামগ্ৰী কিনিলেও খেতিয়কৰ উপাৰ্জন একেই আছে। কিষাণ মণ্ডী বা কৃষক উৎপাদক সংস্থাৰ দৰে আন্তঃগাঁথনি সৃষ্টিৰ যি দাংকোপ মৰা প্ৰচাৰ চলিছে সেয়া বাস্তৱত ব্যৰ্থ হোৱা বুলি আৰ বি আইৰ প্ৰতিবেদনে প্ৰমাণ কৰিছে।

লগতে পঢ়কঃ বিজেপি শাসিত ত্ৰিপুৰাত দুই ফৈদৰ মাজত ৰক্তাক্ত সংঘৰ্ষ, প্ৰশাসনৰ নিষেধাজ্ঞা জাৰি

২০২২ আৰু ২০২৩ চনৰ কিছুমান নিৰ্দিষ্ট সময়ছোৱাত দেশৰ বিভিন্ন প্ৰান্তৰ বজাৰৰ পৰা বিভিন্ন সামগ্ৰীৰ মূল্যৰ ওপৰত এক সমীক্ষা চলাইছিল আৰ বি আইয়ে। তাত দেখা যায় যে বজাৰত বিক্ৰী হোৱা পিয়াজ, আলু বা বিলাহী আদি শস্যৰ ৪০% দামো কৃষকে পোৱা নাই। আম বা কলৰ ক্ষেত্ৰতো প্ৰায় একেই।

দেখা গৈছে যে উৎপাদিত সামগ্ৰী যেতিয়া বহিঃৰাজ্যলৈ যায় বা খাদ্য প্ৰক্ৰিয়াকৰণ উদ্যোগলৈ যায় তেতিয়া কৃষকৰ বাবে দাম অলপ বেছি হ’ব পাৰে। কিন্তু কেতিয়াও ৫০ শতাংশ পোৱা নাছিল। দালিৰ ক্ষেত্ৰত তুলনামূলকভাৱে ভাল মূল্য পূৰণ কৰা হৈছে বুলি প্ৰতিবেদনত উল্লেখ কৰা হৈছে। বিভিন্ন দালিৰ ওপৰত ৭৫ শতাংশ পৰ্যন্ত মূল্য লাভ কৰিছে কৃষকসকলে। আকৌ তেওঁলোকে কুকুৰাৰ মাংস বা কণীৰ ইমান দাম পোৱা নাই।

২০১৬ চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৃষকৰ আয় দুগুণ কৰাৰ কথা ঘোষণা কৰিছিল। ২০১৯ চনত লোকসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিয়ে প্ৰকাশ কৰা ইস্তাহাৰতো ই অন্যতম দাবী আছিল। কোৱা হৈছিল যে ২০২২ চনৰ ভিতৰত কৃষকৰ আয় দুগুণ কৰা হ’ব। অৰ্থাৎ তিনি বছৰত আয় দুগুণ হ’ব।

ৰাষ্ট্ৰীয় নমুনা জৰীপৰ তথ্য অনুসৰি ২০১৫-১৬ চনত কৃষকৰ জনমূৰি আয় আছিল ৯৬,৭০৩ টকা। কেন্দ্ৰীয় সমিতিৰ দাবী যে ২০২২-২৩ বিত্তীয় বৰ্ষত যদি কৃষকৰ আয় বাস্তৱিকভাৱে দুগুণ হ’ব লাগে তেন্তে তেওঁলোকৰ বাৰ্ষিক গড় আয় ২ লাখ ৭১ হাজাৰ ৩৭৮ টকা হ’ব লাগে। কাৰণ, এই সময়ছোৱাত বৃহৎ মূল্যবৃদ্ধি হৈছে। আয় বৃদ্ধিৰ হিচাপ কৰিবলৈ হ’লে মূল্যবৃদ্ধিও অন্তৰ্ভুক্ত কৰিব লাগিব। কিন্তু অৱশেষত আয় দুগুণ হৈছেনে?

লগতে পঢ়কঃ বায়ুসেনাৰ অনুশীলন চাবলৈ গৈ বিষম পৰিণতি! কমেও পাঁচজনৰ মৃত্যু, ২০০ৰো অধিক অসুস্থ

শেহতীয়া কেন্দ্ৰীয় হিচাপ অনুসৰি ২০২১ চনৰ পৰিস্থিতিগত জৰীপৰ (ছিচুয়েশ্যনেল চাৰ্ভে) তথ্য অনুসৰি কৃষকৰ আয় ২.৮ শতাংশ হাৰত বৃদ্ধি পাইছে! অৰ্থাৎ লক্ষ্যৰ পৰা বহু দূৰত। কেৱল সেয়াই নহয়, মোডী যুগৰ আগৰ দহ বছৰত আয় বৃদ্ধিৰ হাৰ প্ৰায় ৩ শতাংশ আছিল। অর্থাৎ মোডীৰ শাসনকালত কৃষকৰ আয় মনমোহন সিং চৰকাৰৰতকৈও পিছ পৰি ৰৈছে!