একাংশ ভাৰতীয়ৰ বাবে সোণ আদৰৰ ধাতু। আৰু এতিয়া ভাৰতীয় ৰিজাৰ্ভ বেংকে এই সোণ দেশলৈ ঘূৰাই অনাৰ সিদ্ধান্ত লৈছে। ১ বা ২ টন নহয়, ব্ৰিটেইনৰ ভল্টত ৰখা কমেও ১০০ টন সোণ দেশলৈ ঘূৰাই অনাৰ সিদ্ধান্ত লোৱা হৈছে। ১৯৯১ চনৰ পাছত এইবাৰ প্ৰথমবাৰৰ বাবে ভাৰতত ইমান বুজন পৰিমাণ সোণ অনা হ’ব।
প্ৰতিবেদন অনুসৰি ভাৰতত বৰ্তমান ৮২২.১ টন সোণ আছে। অৱশ্যে ৪১৩.৮ টন সোণ বিদেশী ভল্টত আছে। কেৱল যোৱা বছৰ ভাৰতে ২৩ টন অধিক সোণ ক্ৰয় কৰিছিল। বহিঃৰাষ্ট্ৰৰ পৰা সেই সোণ দেশলৈ আনিব বিচাৰিলে বহু নিয়ম মানি চলিব লাগিব। সেইবাবেই বিদেশী ভল্টত বৰ্তমানেও আছে সোণ।
ভাৰতীয় সোণৰ এক তৃতীয়াংশ বিদেশৰ ভল্টত আছে। ১৯৯১ চনৰ পাছত একে সময়তে ইমান বৃহৎ পৰিমাণৰ সোণ দেশলৈ অনাৰ পাছত দেশৰ সম্পদৰ এক বৃহৎ অংশ দেশতেই থাকিব। এই সোণটো ব্ৰিটেইনৰ ভল্টত ৰাখিবলৈ ভাৰতে বেংক অৱ ইংলেণ্ডক ‘ষ্ট’ৰেজ কষ্ট’ দিবলগীয়া হৈছিল। গতিকে আৰ বি আইয়ে ১০০ টন সোণ দেশলৈ ঘূৰাই আনি সেই খৰচ ৰাহি কৰিব।
১৯৯১ চনত ঠিক কি হৈছিল?
চন্দ্ৰশেখৰ চৰকাৰে সেই সময়ৰ অৰ্থনৈতিক সংকটত দেশৰ সোণ বিদেশত ৰখাৰ সিদ্ধান্ত লৈছিল। ভাৰতীয় ৰিজাৰ্ভ বেংকে দেশৰ ভিতৰত লেন-দেনৰ ভাৰসাম্য ৰক্ষাৰ বাবে ৪০ কোটি ডলাৰ সংগ্ৰহ কৰিবলৈ বেংক অৱ ইংলেণ্ড আৰু বেংক অৱ জাপানক ৪৬.৯১ টন সোণৰ প্ৰতিশ্ৰুতি দিছিল। সেই সোণটো দেশলৈ ঘূৰি আহিছে। ১৫ বছৰ পূৰ্বে মনমোহন সিং চৰকাৰৰ সময়ত আৰ বি আইয়ে আই এম এফৰ পৰা ২০০ টন সোণ ক্ৰয় কৰিছিল। তাৰ পাছত ক্ৰমান্বয়ে দেশৰ সোণৰ মজুত বৃদ্ধি পালে।
যি ১০০ টন সোণ আহিব সেইখিনি স্থানান্তৰ কৰিবলৈ বিশেষ বিমানৰ ব্যৱস্থা কৰিব লাগিব। তাৰ লগতে চৰকাৰে নিৰাপত্তাও দিব লাগিব।উল্লেখ্য যে মুম্বাই আৰু নাগপুৰৰ মিণ্ট ৰোডৰ আৰ বি আই বিল্ডিঙত অৱস্থিত ভল্টত ৰখা হ’ব সোণখিনি।