চাইবাৰ আক্ৰমণৰ সন্মুখীন সকলো ভাৰতীয় বেংক! ৰিজাৰ্ভ বেংকৰ সতৰ্কবাণীত আশংকা প্ৰকাশ

চাইবাৰ আক্ৰমণৰ সন্মুখীন হ’ব পাৰে বেংকসমূহ। ভাৰতীয় ৰিজাৰ্ভ বেংকে ইয়াৰ বাবে আগতীয়াকৈ প্ৰস্তুতি চলাবলৈ সকীয়াই দিছে। এনে বিপদ হ্ৰাস কৰিবলৈ সুৰক্ষা বৃদ্ধি কৰিবলৈ বুলি কয় আৰ বি আইয়ে। আৰ বি আইয়ে খতিয়াই চাই য’তেই সুৰক্ষাৰ অভাৱ দেখা পায় তাতেই ব্যৱস্থা ল’বলৈও নিৰ্দেশ দিছে।

কেন্দ্ৰীয় বেংকৰ চাইবাৰ সুৰক্ষা আৰু তথ্য প্ৰযুক্তি পৰীক্ষা (চিএছআইটিই)ৰ শেহতীয়া ৰাউণ্ডৰ পিছত মানিকণ্ট্ৰলৰ প্ৰতিবেদনত এই কথা প্ৰকাশ পাইছে।

এজন বেংকাৰে জনায় যে আৰ বি আইয়ে বেংকৰ চাইবাৰ নিৰাপত্তাৰ ক্ষমতাৰ অভাৱ চিনাক্ত কৰিবলৈ পৃথক পৰিদৰ্শন কৰে। এইবাৰ তেওঁলোকে আমাক লগ কৰি নিৰাপত্তাৰ স্বাৰ্থত বিভিন্ন একচন পইণ্টৰ তালিকাও দিলে। য’ত ত্ৰুটি আছে, সেই সকলো স্থানৰ বাবে একচন পইণ্ট এই তালিকাত চিহ্নিত কৰা হৈছে।

লগতে পঢ়কঃ ৰোজাৰ সময়ত শৰীৰটো ভালে ৰাখিবলৈ মনত ৰাখক এই কেইটা কথা

যোৱা কিছু বছৰত বেংকিং ব্যৱস্থালৈ চাইবাৰ ভাবুকি বৃদ্ধি পোৱাৰ পিছৰে পৰাই আৰ বি আইয়ে সতৰ্কতাৰ পৰামৰ্শ দি আহিছে। কাৰণ সংসদত দিয়া এক চৰকাৰী তথ্য অনুসৰি ভাৰতীয় বেংকসমূহে ২০১৮ চনৰ জুন মাহৰ পৰা ২০২২ চনৰ জুন মাহৰ ভিতৰত হেকাৰ আৰু দুষ্কৃতিকাৰীৰ দ্বাৰা ২৪৮টা ডাটা উলংঘাৰ ৰিপ’ৰ্ট  প্ৰকাশ কৰিছে। ইয়াৰ ভিতৰত ৪১টা ৰাজহুৱা খণ্ডৰ বেংকে ৰিপ’ৰ্ট কৰিছে। সেইদৰে,ব্যক্তিগত বেংকে ২০৫টা ঘটনা ৰিপৰ্ট দিছে। তথ্য অনুযায়ী বিদেশী বেংকৰ দুটা ৰিপৰ্ট পোহৰলৈ আহিছে।

ইয়াৰ পূৰ্বেও আৰ বি আইৰ ডেপুটি গভৰ্ণৰ টি ৰবি শংকৰে কৈছিল যে বেংকিং খণ্ড নতুন চাইবাৰ নিৰাপত্তাৰ বিপদৰ বাবে সাজু হোৱাটো প্ৰয়োজন। যোৱা ৯ ফেব্ৰুৱাৰীত মুম্বাইত অনুষ্ঠিত ১৯ সংখ্যক বেংকিং প্ৰযুক্তি সন্মিলনত তেওঁ কয় যে আমি গ্ৰাহকৰ সুবিধা আৰু অন্যান্য বিষয় চিন্তা কৰিব লাগিব আৰু আমি সঠিক সেৱা আগবঢ়াব লাগিব। তেওঁ লগতে আলোকপাত কৰে যে কৃত্ৰিম বুদ্ধিমত্তাৰ (AI) অপব্যৱহাৰ বৃদ্ধি পায়। এনেধৰণৰ চাইবাৰ বিপদো বৃদ্ধি পাইছে। সেয়েহে বেংকসমূহে ভাবুকি চিনাক্ত আৰু হ্ৰাস কৰিবলৈ তেওঁলোকৰ এনক্ৰিপ্ট কৰা ব্যৱস্থাসমূহ সম্পূৰ্ণৰূপে পুনৰুজ্জীৱিত কৰিব লাগিব।

লগতে পঢ়কঃলাভ জেহাদৰ অভিযোগত গুৱাহাটীত গ্ৰেপ্তাৰ ইছলাম ধৰ্মীয় যুৱক

উল্লেখ্য যে যোৱা বছৰ বেংকৰ এটা সৰু ভুলৰ বাবেই ৮২০ কোটি টকা কিছুমান বেংক একাউণ্টত সোমাই গৈছিল, তাৰে প্ৰায় দুশ কোটি টকা ঘূৰি নাহিল! ইউকো বেংকত সংঘটিত হৈছিল এই ঘটনা। কাৰিকৰী ত্ৰুটিৰ বাবে ইমিডিয়েট পেমেণ্ট চাৰ্ভিচ (আইএমপিএছ)ৰ জৰিয়তে কিছুমান বেংক একাউণ্টত ৮২০ কোটি টকা জমা হোৱা বুলি বেংকটোৱে জানিবলৈ দিছিল। নিজৰ ভুল উপলব্ধি কৰি বেংকটোৱে ৰিক’ভাৰী প্ৰক্ৰিয়া আৰম্ভ কৰে যদিও ৬৪৯ কোটিতকৈ অধিক ধন আদায় কৰিব নোৱাৰিলে।