আই পি এলত এইবাৰ প্ৰথম কোহলিহঁতৰ ‘মেচেজ থেৰাপি’ৰ দায়িত্বত মহিলা

Navneet-Gautam-Kohli

বিশ্বৰ ক্ৰীড়াক্ষেত্ৰত এয়া কোনো নতুন কথা নহয়। ক্ৰিকেট দলতো এনে দুই এটা উদাহৰণ নোহোৱা নহয়। কিন্তু আইপিএলত এইটো প্ৰথম উদাহৰণ।

বাংগালুৰু ৰয়েল চেলেঞ্জাৰ্ছৰ বিৰাট কোহলিহঁতৰ কাষত এইবাৰ দেখা যাব মহিলা মেচেজ থেৰাপিষ্ট নবনীতা গৌতমক।

আৰ চি বিৰ আগন্তুক চিজনৰ বাবে নবনীতাক মেচেজ থেৰাপিষ্ট হিচাপে নিযুক্তি দিয়া হৈছে। প্ৰথমবাৰৰ বাবে আইপিএলত কোনো দলৰ ছাপোৰ্ট ষ্টাফ হিচাপে নিযুক্তি দিয়া হৈছে এগৰাকী মহিলাক।

আৰ চি বিৰ ফালৰ পৰা টুইট কৰি এই সিদ্ধান্তৰ কথা ঘোষণা কৰা হৈছে। কোৱা হৈছে,’’ আইপিএলত প্ৰথম দল হিচাপে মহিলা ছাপোৰ্ট ষ্টাফ নিযুক্তি দিবলৈ পাই আমি গৌৰৱান্বিত। নবনীতাই দলৰ প্ৰস্তুতি, ক্ৰিকেটাৰসকলৰ ৰিক’ভাৰিত সহায় কৰিব।‘’

আৰ চি বিৰ অধ্যক্ষ সঞ্জীৱ চুৰিয়েলে কয়,’’এনেধৰণৰ ঐতিহাসিক ঘটনাৰ সাক্ষী হ’বলৈ পাই ভাল লাগিছে। আমি সঠিক পথেৰেই আগবাঢ়িছো। এইটো তাৰেই আৰু এটা উদাহৰণ।‘’

আইপিএলত আৰ চি বিৰ প্ৰদৰ্শন ভাল যদিও শ্ৰেষ্ঠ বুলি ক’ব নোৱাৰি। কেইবাবাৰো ফাইনেলত উপনীত হ’লেও বৰ্তমান পৰ্যন্ত চেম্পিয়ন হোৱাত ব্যৰ্থ হৈ আহিছে কোহলিৰ দলটো।

এইবাৰ সকলো নতুনকৈ আৰম্ভ কৰিব বিচাৰিছে আৰ চি বিয়ে। ছাপোৰ্ট ষ্টাফত ব্যাপক পৰিৱৰ্তন অনা হৈছে।

নিউজিলেণ্ডৰ প্ৰাক্তন প্ৰশিক্ষক মাইক হাছানক ডিৰেক্টৰ অৱ ক্ৰিকেট কৰা হৈছে। মাইকৰ প্ৰক্ষিণতেই এইবাৰ  কেন উইলিয়ামছৰ দলটোৱে ফাইনেল খেলিবলৈ সমৰ্থ হৈছিল। আনহাতে, যোৱাবাৰৰ কে কে আৰৰ সহকাৰী প্ৰশিক্ষক চাইমন কেটিছক আৰ চি বিয়ে মুখ্য প্ৰশিক্ষক হিচাপে নিযুক্তি দিছে।

অৱশ্যে,আৰ চি বিয়ে মহিলা ফিজিঅ’ থেৰাপিষ্ট নিযুক্তি দি আটাইতকৈ ডাঙৰ চমকটো দিছে। ইয়াৰ পূৰ্বে ফুটবলত পুৰুষৰ খেলত মহিলাই ৰেফাৰী হিচাপে  থকাৰ লগতে মহিলা লাইন্সমেনো দেখা গৈছিল।

বিদেশত পুৰুষৰ দলত মহিলা প্ৰশিক্ষক থকাৰ উদাহৰণ আছে। কিন্তু ভাৰতত এয়া প্ৰথম। এইবাৰ আইপিএলত নবনীতা গৌতমৰ উপস্থিতিয়ে কোহলিৰ দলক কেনেদৰে সঞ্জীৱিত কৰে সেয়া লক্ষ্যণীয় হ’ব।