ABVP-এ হাজেলাক “দৌৰাই দৌৰাই খেদি খেদি পিটিম” বুলি ভাবুকি দিয়াৰ পিছতো চৰকাৰ নিমাত; ছ’চিয়েল মিডিয়াত তীব্ৰ প্ৰতিক্ৰিয়া

“ABVP অসমৰ জাতীয় সংগঠন নহয়, আছুক সমালোচনা কৰাৰ অধিকাৰ নাই”, আছুক কটাক্ষ সম্পৰ্কত বিধায়ক আমিনুল ইছলাম

এ বি ভি পি নামৰ হিন্দুত্ববাদী, চৰম সাম্প্ৰদায়িক সংগঠন এটাই অসমৰ এজন কৰ্তব্যৰত, দায়িত্বশীল আই এছ বিষয়াক ৰজপথত দৌৰাই দৌৰাই খেদি খেদি পিটিম বুলি ভাবুকি দিয়াৰ পিছতো সংগঠনটোৰ বিৰুদ্ধে চৰকাৰে বা আৰক্ষীয়ে কোনো ব্যৱস্থা নোলোৱাত বিভিন্ন পক্ষই প্ৰশ্ন কৰিছে।

অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ নামৰ এই সংগঠনটোৰ কেইজনমান নেতা-পালিনেতা, কৰ্মীয়ে যোৱা ২১ আগষ্টত শিৱসাগৰত এন আৰ চিৰ ১০০ শতাংশ পুনৰীক্ষণৰ দাবী প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ণ কৰোতে প্ৰতীক হাজেলাক ভাবুকি দিছিল।

“যদি আমাৰ দাবী নামানে, এ বি ভি পি অসম প্ৰদেশে প্ৰতীক হাজেলাক গুৱাহাটীৰ ৰাজপথত দৌৰাই-দৌৰাই খেদি-খেদি পিটিবলৈ কুণ্ঠাবোধ নকৰিব”, সাংবাদিকৰ কেমেৰাৰ সন্মুখতে কোৱা সংগঠনটোৰ নেতা-পালিনেতাকেইজনৰ এই মন্তব্য নৰ্থ-ইষ্ট নাওত বাতৰি হিচাপে ভিডিঅ’সহ প্ৰকাশ হৈছিল।

প্ৰতীক হাজেলাই এন আৰ চিৰ ৰাজ্যিক সমন্বয়ক হিচাপে কাম কৰি আছে আৰু যোৱা ছবছৰ ধৰি তেওঁৰ নেতৃত্বতে এন আৰ চিৰ কাম আগ বাঢ়ি অন্তিম পৰ্য্যায় পাইছেহি।

উচ্চতম ন্যায়ালয়ে অহা ৩১ আগষ্টত যিকোনো মূল্যৰ বিনিময়ত চূড়ান্ত এন আৰ চি তালিকা প্ৰকাশ কৰিবলৈ নিৰ্দেশ দিছে।

এজন কৰ্তব্যৰত দায়িত্বশীল বিষয়াক এটা পাবতগজা সংগঠনৰ কেইজনমান তথাকথিত নেতাই এইদৰে মুকলি ভাবুকি দিয়াৰ পিছতো চৰকাৰে বা আৰক্ষীয়ে কোনো ব্যৱস্থা নোলোৱাত বিভিন্ন জনে ছ’চিয়েল মিডিয়াত চৰকাৰৰ নিৰপেক্ষতাৰ ওপৰত প্ৰশ্ন তুলিছে।

লগতে পঢ়ক এন আৰ চিৰ গইনালৈ জাতীয় সংগঠনে ‘দোকান’ চলোৱাৰ অভিযোগ ABVPৰ

এজন চৰকাৰী বিষয়াক দৌৰাই দৌৰাই খেদি খেদি পিটিম বুলি কোৱাৰ ক’ত অধিকাৰ পালে এই তথাকথিত সংগঠনটোৱে? এই প্ৰশ্ন কৰিছে ধিং সমষ্টিৰ বিধায়ক আমিনু ইছলামে।

নিজৰ ফেইচবুকৰ এটা পোষ্টত বিধায়কজনে কৈছে, “ABVP য়ে হাজেলাক গুৱাহাটীত খেদি খেদি পিটাৰ হুমকি দিয়াৰ অধিকাৰ ক’ত পালে?”

বিধায়কজনে লগতে কৈছে, “ABVP অসমৰ জাতীয় সংগঠন নহয়, আছুক সমালোচনা কৰাৰ অধিকাৰ নাই।”

হিন্দুত্ববাদী সংগঠনটোৱে উক্ত দিনাৰ প্ৰতিবাদস্থলীত আছুকো কটাক্ষ কৰিছিল জাতীয়তাবাদৰ দোকান দিয়া বুলি।

ধিং সমষ্টিৰ বিধায়ক আমিনুল ইছলামৰ ফেইচবুক পোষ্টটোৰ স্ক্ৰীনশ্বট।

৮৫৫জন চহিদৰ কথা কোৱা জাতীয় সংগঠন তথা জাতীয় সংগঠনৰ ‘বাঘা বাঘা নেতা’ এতিয়া নিমাত বুলি অভিযোগ কৰি সংগঠনটোৰ এজন ৰাজ্যিক কাৰ্য্যনিৰ্বাহক সদস্যই কৈছিল, “জাতীয়তাবাদ নামৰ দোকানখনৰ পৰা যি প্ৰাপ্য আদায় হৈ আছে সেয়া বন্ধ হৈ যোৱাৰ ভয়ত তেওঁলোক নিমাত”।

আছুক সমালোচনা কৰাক প্ৰশ্ন কৰি বিধায়ক আমিনুল ইছলামে কয়, “অসম আন্দোলনৰ লগত প্ৰত্যক্ষভাবে জড়িত আছু আৰু অন্যান্য সংগঠনক তুচ্ছ-তাচ্ছিল্য কৰাৰ অধিকাৰ তেওঁলোকৰ নাই।”

আমিনুল ইছলামে নিজৰ পোষ্টটোৰ সৈতে নৰ্থ-ইষ্ট নাওত প্ৰকাশিত ভিডিঅ’টোও আপল’ড কৰি দিছে।

বিধায়কগৰাকীয়ে এ বি ভি পি নামৰ সংগঠনটোক অসমত সংঘাত সৃষ্টি নকৰিবলৈও সকীয়াই দিয়ে।

“ভাৰতৰ বিভিন্ন ৰাজ্যত হাজাৰ হাজাৰ সংঘাত আৰু অশান্তিৰ সৃষ্টি কৰা সংগঠনটোৱে অসমত অশান্তি সৃষ্টি কৰিবলৈ অপচেষ্টা নকৰাটো ভাল। কাৰণ অসমবাসীয়ে শান্তি বিচাৰে; অশান্তি নিবিচাৰে।” নিজৰ পোষ্টটোত এইদৰে কয় ইছলামে।

আনহাতে, এবিভিপিৰ এই মন্তব্য ছ’চিয়েল মিডিয়াত বিতৰ্কৰ সৈতে চৰ্চাত থকাৰ পিছত ইয়াক লৈ বিৰোধী দলপতি দেবব্ৰত শইকীয়াৰ প্ৰতিক্ৰিয়া জানিব বিচৰাত তেওঁ কয়, “কিছুমানে যদি এন আৰ চিক ফটা কাগজ আৰু এন আৰ চি মূল্যহীন বুলি ক’ব বিচাৰে তেন্তে তাক আমি বিৰোধিতা কৰিম, কিয়নো অসম চুক্তিৰ ভিত্তিত এইখন কৰা হৈছে। বিজেপি চৰকাৰ আৰু তেওঁলোকৰ আনুষংগিক দল-সংগঠনে এন আৰ চিক লৈ বিভ্ৰান্তিকৰভাৱে তথ্য-পাতি দি আছে। এন আৰ চিৰ চূড়ান্ত তালিকা প্ৰকাশ পাবলৈ ধৰা এই সময়ছোৱাত এইবোৰ কথা আহিব নালাগিছিল।

এন আৰ চিক লৈ হিন্দুত্ববাদী সংগঠনবোৰে অসংবিধানিক মন্তব্য কৰি অহা বুলি উল্লেখ কৰি শইকীয়াই কয়, “সদৌ অসম ছাত্ৰ সন্থাই যেনেদৰে জাতি-ধৰ্ম বৰ্ণ নিৰ্বিশেষে ১৯৭১ চনৰ ২৫ মাৰ্চৰ আগলৈকে অসমলৈ অহাসকলে নাগৰিকত্ব পাব লাগিব বুলি কৈছিল, তেনেদৰেই হ’ব লাগে। হিন্দুত্বৰ ভিত্তিত বা মুছলমান ভিত্তিত নাগৰিকত্ব দিয়াটো অসংবিধানিক।”