আলোচনাৰ বাবে আমিও সাজু, কিন্তু আলোচনাৰ মজিয়ালৈ আমাক সন্মানেৰে নিমন্ত্ৰণ জনাব লাগিব : প্ৰদ্যুৎ মাণিক্য দেববৰ্মা

শনিবাৰে হিমন্ত বিশ্ব শৰ্মাই ত্ৰিপৰালেণ্ডৰ বিষয়ে আগবঢ়োৱা মন্তব্যৰ পিছতেই দেওবাৰে টিপ্ৰা মথাৰ মুৰব্বী প্ৰদ্যুৎ মাণিক্য দেবৰ্মাই কয় যে তেওঁৰ দল সাংবিধানিক সমাধানৰ বিষয়ে আলোচনা কৰিবলৈ সাজু, কিন্তু তেওঁলোকক বিজেপিয়ে আনুষ্ঠানিকভাৱে আৰু সসন্মানেৰে আমন্ত্ৰণ জনাব লাগিব।

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শনিবাৰে কৈছিল যে ত্ৰিপুৰাত জনজাতীয় লোকে সন্মুখীন হোৱা বিষয়সমূহৰ ওপৰত বিজেপিয়ে আলোচনা কৰিবলৈ সাজু, কিন্তু বৃহত্তৰ ত্ৰিপৰালেণ্ডৰ বাবে টিপ্ৰা মথাৰ দাবীক বিবেচনা নকৰে বিজেপি চৰকাৰে।

এই বক্তব্যৰ উত্তৰত টিপ্ৰা মথাৰ মুৰব্বী প্ৰদ্যুৎ মাণিক্য দেবৰ্মাই কয় যে আমিও কথাবতৰা পাতিবলৈ সাজু, সাংবিধানিক সমাধানৰ বিষয়ে আলোচনা কৰিবলৈ সাজু। আপুনি আমাক সন্মানেৰে নিমন্ত্ৰণ কৰিলে আমি নিশ্চয় আহিম৷ যদি আপোনালোকে সসন্মান আৰু উচিত ব্যৱহাৰ নকৰে তেন্তে আমি আলোচনাৰ বাবে সাজু নহয়।

টিপ্ৰা মোথাৰ মুৰব্বীগৰাকীয়ে লগতে কয় যে যদি বিজেপি দলে তেওঁলোকক আনুষ্ঠানিকভাৱে আদৰণি জনায় তেন্তে তেওঁলোকে আলোচনাৰ বাবে সাজু। অৱশ্যে কেৱল ত্ৰিপৰালেণ্ডৰ স্বাৰ্থতেই আলোচনা কৰিবলৈ সাজু বুলি জনাই টিপ্ৰা মথাৰ মুৰব্বী গৰাকীয়ে।

উল্লেখ্য যে টিপ্ৰা মথাই দীৰ্ঘদিন ধৰি ত্ৰিপুৰা ৰাজ্যত জনজাতীয় অধিকাৰৰ বাবে বাবে যুঁজ দি এতিয়া সমস্যাৰ সাংবিধানিক সমাধান বিচাৰিছে।