কাক মেনেজ কৰি পুনৰ মুকলি হ’ল শিৱসাগৰৰ ৰিয়েল বজাৰ?

ম্যাদ উকলি যোৱা সামগ্ৰী বিক্ৰী কৰা ৰিয়েল বজাৰৰ প্ৰতি ইমান দৰদ কিয় শিৱসাগৰ জিলা প্ৰশাসন তথা আৰক্ষীৰ?

a real

শিৱসাগৰৰ দ’লমুখ চাৰিআলিস্থিত ৰিয়েল বজাৰ নামৰ ব্যৱসায় প্ৰতিষ্ঠান খনে দীৰ্ঘ দিন ধৰি ম্যাদ উকলি যোৱা খাদ্য গ্ৰাহকক বিক্ৰী কৰি অহাৰ কথা পোহৰলৈ অহাত যোৱা ২৭ অক্টোবৰত কেইবাটাও জাতীয় সংগঠনে প্ৰতিবাদ কৰাত প্ৰশাসনে বন্ধ কৰি দিছিল ৰিয়েল বজাৰ।

 বিকাশ দাস নামৰ কৰ্মচাৰীজনে গোপন কেমেৰাত বন্দী কৰি ৰাখিছিল কিদৰে ৰাসায়নিক দ্ৰব্য দি ম্যাদ উকলা সামগ্ৰীৰ নিৰিখৰ মোহৰ মোহাৰি দিয়া হয়।

পৰৱৰ্তী সময়ত সেই সামগ্ৰী সমূহ পুনৰ বিক্ৰী কৰিছিল ৰিয়েল বজাৰে। ইয়াৰ প্ৰতিবাদ কৰাৰ বাবেই দোকানখনৰ কৰ্মচাৰী বিকাশ দাসক অসভ্য গালি গালাজ পৰাৰ লগতে চাকৰিৰ পৰাও খেদি দিছিল।

ইয়াৰোপৰি বিকাশ দাসক ফোনযোগে শ্যামসুন্দৰ আগৰৱালা আৰু  তেওঁৰ পুত্ৰ গৌৰৱ আগৰৱালাৰ লগতে তেওঁৰ কন্যায়ো হত্যাৰ ভাবুকি প্ৰদান কৰে।

প্ৰতিষ্ঠানটোৰ গৰাকী শ্যামসুন্দৰ আগৰৱালাই প্ৰশাসন -পুলিচ তেওঁৰ হাতত আছে বুলি কোৱাৰ লগতে লাখ টকা দি গুণ্ডা লগাই মাৰিব বুলি ফোন যোগে ভাবুকি প্ৰদান কৰে।

ঘটনাৰ সন্দৰ্ভত বিকাশে শিৱসাগৰ সদৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে আৰু ১২৪২/২০ নম্বৰত ভাৰতীয় দণ্ডবিধি আইনৰ ১২০(বি), ৫০৬, ৫০৯ আৰু ২৯৪ ধাৰাত এক গোচৰ ৰুজু কৰা হয়।

কিন্তু শিৱসাগৰ আৰক্ষীয়ে উক্ত গোচৰ সন্দৰ্ভত কোনো ব্যৱস্থা গ্ৰহণ নকৰাত ২৭ অক্টোবৰত বীৰ লাচিত সেনা, অনুসূচীত জাতি ছাত্ৰ সন্থা আৰু অসম যুৱ ছাত্ৰ সন্মিলনীয়ে ৰিয়েল বজাৰৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰাত প্ৰশাসনৰ লোক আহি তদন্ত কৰে আৰু ৰিয়েল বজাৰ বন্ধ কৰাৰ লগতে শীঘ্ৰে শ্যামসুন্দৰ আগৰৱালা আৰু গৌৰৱ আগৰৱালাক গ্ৰেপ্তাৰৰ আশ্বাস প্ৰদান কৰে।

কিন্তু এদিনৰ পিছতেই পুনৰ ৰিয়েল বজাৰ নামৰ দোকানখন খোলাত হতভম্ভ হৈ পৰিছে শিৱসাগৰবাসী। ৰাইজে প্ৰশ্ন কৰিছে ম্যাদ উকলি যোৱা সামগ্ৰী খুৱাই অহা এই ৰিয়েল বজাৰ নামৰ দোকানখনে কাক মেনেজ কৰি এদিনৰ পিছতেই পুনৰ খুলিবলৈ সাহস কৰিলে?

শিৱসাগৰবাসীয়ে এইদৰে খাদ্যৰ নামত বৰবিহ খাই থাকিব লাগিব নেকি?

ইপিনে আজি অনুসূচীত জাতি ছাত্ৰ সন্থা, বীৰ লাচিত সেনা আৰু অসম ছাত্ৰ যুৱ সন্মিলনে শিৱসাগৰ জিলা উপায়ুক্তক স্মাৰকপত্ৰ প্ৰদান কৰি ৰিয়েল বজাৰৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ ২৪ ঘন্টাৰ সময়সীমা বান্ধি দিয়ে। অন্যথা শিৱসাগৰত তীব্ৰ আন্দোলন কৰা হব বুলি হুংকাৰ প্ৰদান কৰে।