NORTHEAST NOW (Assamese)

১৫ তাৰিখে বজাৰত মুকলি হ’ব Realme X-ৰ নতুন ফোন – কিমান দামত ক্ৰয় কৰিব পাৰিব চাওঁক

July 3, 2019 1:14 pm · এন ই নাও নিউজ

স্মাৰ্টফোন ব্যৱহাৰকাৰী সকলৰ বাবে জুলাই মাহত আছে কেইবাটাও ভাল খবৰ। বহুদিনীয়া অপেক্ষাৰ অন্ত পেলাই এই মাহৰ ভিতৰত মোবাইল বজাৰলৈ আহি আছে ৰেডমি কে ২০ (Redmi K20), ৰেডিমি কে ২০ প্ৰ’ (Redmi K20 Pro), আৰু ৰিয়েলমি এক্স ( Realme X)।

ইতিমধ্যে ৰিয়েলমিৰ চি ই অ’ মাধৱ সেঠে ৰিয়েলমি এক্স ( Realme X) মোবাইলটো গ্ৰাহকৰ বাবে কেতিয়াৰ পৰা উপলব্ধ হ’ব সেই বিষয়ে টুইটাৰৰ জৰিয়তে প্ৰকাশ কৰিছে।

তেওঁ টুইটৰ জৰিয়তে জানিবলৈ দি কয় যে বহু অপেক্ষাৰত ৰিয়েলমি এক্স মুকলি কৰা হ’ব অহা ১৫ জুলাইত। মুকলি অনুষ্ঠানৰ সময় ১২.৩০ বজাৰ পৰা আৰম্ভ হ’ব বুলিও তেওঁ জানিবলৈ দিয়ে।

ধাৰণা কৰা অনুসৰি ভাৰতৰ মোবাইল বজাৰত ৰিয়েলমি এক্সে যথেষ্ট প্ৰত্যাহ্বান জনাব অতি শীঘ্ৰে বজাৰলৈ আহিব লগীয়া ৰেডমি কে ২০ক।

উল্লেখ্য যে এই পৰ্যন্ত চাওমিৰ ৰেডমি ২০ ছিৰিজ ভাৰতীয় বজাৰত কেতিয়াৰ পৰা উপলব্ধ হ’ব সেয়া খাটাং হোৱা নাই যদিও ১৫ জুলাইৰ ভিতৰত গ্ৰাহকে লাভ কৰিব বুলি এক চৰ্চিত সূত্ৰৰ পৰা জানিব পৰা গৈছে।

ইফালে ৰিয়েলমিৰ চি ই অ’ মাধৱ সেঠে ৰিয়েলমি এক্স ( Realme X)ৰ বজাৰ মূল্য প্ৰায় ১৮ হাজাৰৰ আশে পাশে হ’ব বুলি জনায়। অৱশ্যে মুকলিৰ দিনাখনহে মোবাইলটোৰ সঠিক দাম কোম্পানীয়ে প্ৰকাশ কৰিব।

Related News