যোৱা সোমবাৰে কেন্দ্ৰীয় জলশক্তি বিভাগৰ মন্ত্ৰী ৰতনলাল কাটাৰিয়াই অসমৰ বান সমস্যাক কেন্দ্ৰই ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা নকৰে বুলি কোৱাৰ লগতে বিজেপিয়ে প্ৰতিশ্ৰুতি দিয়া ব্ৰহ্মপুত্ৰৰ খনন কাৰ্য অসম্ভৱ বুলি ঘোষণা কৰাৰ পিছতে শাসনাধিষ্ঠ চৰকাৰখনৰ বিৰুদ্ধে পুনৰ সৰৱ হৈ উঠিছে কৃষক মুক্তি।
মঙলবাৰে এক সংবাদমেল যোগে সংগঠনটোৰ উপদেষ্টা কৃষক গগৈয়ে বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰাৰ পিছত আজি কৃষক মুক্তিয়ে মহানগৰীৰ চচলত সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ। ৰাজপথত প্ৰধান মন্ত্ৰীৰ জুমুঠি জ্বলাই কৃষক মুক্তিৰ সদস্যসকলে কেন্দ্ৰৰ এই ‘মাহী আইৰ দৃষ্টি’ৰ তীব্ৰ বিৰোধিতা কৰে।
উল্লেখযোগ্য যে দীৰ্ঘদিন ধৰি অসমৰ বান সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰাৰ বাবে দাবী জনাই আহিছে কৃষক মুক্তিকে ধৰি অন্যান্য জাতীয় দল-সংগঠনে। কিন্তু সোমবাৰে ৰাজ্যসভাত কেন্দ্ৰীয় জল শক্তি বিভাগৰ ৰাজ্য মন্ত্ৰী ৰতনলাল কাটাৰিয়াই এই দাবীৰ প্ৰসংগকে নস্যাৎ কৰে।
আজিৰ প্ৰতিবাদী কাৰ্য্যসূচীত কৃষক মুক্তিৰ সাধাৰণ সম্পাদক ধৈয্য কোঁৱৰে বিজেপিক বিশ্বাসঘাটক আৰু প্ৰতাৰকৰ দল আখ্যা দি কয়, ‘নৰেন্দ্ৰ মোদীয়ে ডিঙিত গামোছা লৈ অসমৰ স্বাভিমান আৰু আবেগক লৈ খেলি আহিছে। ৬ জনগোষ্ঠীক জনজাতিকৰণ নকৰা আৰু বানপানীক ৰাষ্ট্ৰীয় সমস্যা হিচাপে স্বীকৃতি নিদিয়াটোৱেই ইয়াৰ প্ৰমাণ।‘
‘অসমৰ জাতীয় জীৱনত বানপানী আৰু গৰাখহনীয়াক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিবলৈ দশকজোৰা আন্দোলন হৈ আহিছে। কিন্তু এই সকলোবিলাক নস্যাত কৰি পেলালে। অসমৰ খাৰুৱা তেল, কয়লা আদি ৰাষ্ট্ৰীয় সম্পদ, কিন্তু যিসমূহ থলুৱা সমস্যা আছে, সেইবোৰ হ’লে ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিব নোৱাৰে।‘ তেওঁ কয়।