যৌৱন ধৰি ৰাখিবলৈ পান কৰক তামৰ পাত্ৰত ৰখা পানী, জানক আৰু আছে বহু গুণ

unnamed

প্ৰাচীন কালৰে পৰাই তামৰ পাত্ৰত ৰখা পানী সেৱন কৰিলে বিভিন্ন ৰোগৰ পৰা ৰক্ষা পৰি থাকিব পাৰি বুলি কৈ অহা হৈছে।

আয়ুৰ্বেদত কোৱা হৈছে যে তামৰ পাত্ৰত ৰখা পানী খালে বাত,কফ আৰু পিত্তৰ পৰা মুক্ত হৈ থাকিব পাৰি।

তামৰ পাত্ৰত ৰখা পানী কিয় উপকাৰী বাৰু?

দৰাচলতে তামৰ পাত্ৰত কমেও আঠ ঘণ্টাৰ বাবে ৰখা পানীত তামৰ পৰা নিৰ্গত আয়ন মিলি যায় আৰু পানী খিনি ঔষধি গুণ যুক্ত হৈ পৰে।

তামৰ পাত্ৰত ৰখা পানী পান কৰিলে আমাৰ হজম শক্তি বৃদ্ধি পায়। এনে পানীয়ে কিডনি আৰু লিভাৰক সুস্থ ৰখাত সহায় কৰে।

তেজত হিম’গ্লবিনৰ মাত্ৰা বঢ়াবলৈ নিতৌ তামৰ পাত্ৰত ৰখা পানী খালে সুফল পোৱা যায়।

এনে পানী বেক্টেৰিয়া নাশক আৰু এণ্টি অক্সিডেণ্টযুক্ত হোৱাৰ বাবে ঘাঁ আদি শুকুওৱাত সহায় কৰে।

যিসকল লোকে গেছৰ সমস্যাত ভুগি আছে তেওঁলোকে নিশা তামৰ পাত্ৰত পানী ৰাখি পুৱা পান কৰিলে কম দিনতে সুফল পাব।

ওজন হ্ৰাস কৰিবলৈ নিতৌ তামৰ পাত্ৰত ৰখা পানী খালে যাদুকৰী সুফল পোৱা যায়।

এণ্টি অক্সিডেণ্টযুক্ত তামৰ পানীয়ে যৌৱন ধৰি ৰখাত সহায় কৰে।

মানুহৰ দেহত বয়সৰ চাপ পৰাত তামৰ পাত্ৰত ৰখা পানীয়ে বাধা দিয়ে।

তামে ছালত পুৰণি কোষৰ ঠাইত নতুন কোষৰ সৃষ্টিত সহায় কৰে।

মুখত বয়সৰ চাপ পৰাত বাধা দিয়ে। তামে  সূৰ্যৰ তাপ-পোহৰৰ পৰা আমাৰ ছাল খনক ৰক্ষা কৰা মেলালিনৰ যোগান ধৰে।

American Cancer Society ৰ মতে তামত থকা উপাদানে ৰক্তচাপ নিয়ন্ত্ৰিত কৰি ৰাখে।

হৃদযন্ত্ৰলৈ তেজৰ চলাচল স্বাভাৱিক কৰি ৰাখে। কৰ্কট, বাত বিষ,থাইৰয়েড আদিৰ সমস্যাতো তামৰ পাত্ৰত ৰখা পানী মহৌষধ স্বৰুপ।