• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মন্ত্ৰিত্বৰ লালসাত নিৰ্বাপিত অতুলৰ বিদ্ৰোহ অগনি?

প্ৰতিক্ৰিয়া প্ৰকাশ নকৰাৰ কাৰণ আছে, চাই আছো মই: অতুল বৰা

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
January 12, 2019 9:50 pm
atul bora

অতুল বৰাৰ ফাইল ছবি।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মন্ত্ৰিত্বৰ লালসাই নুমুৱালে নেকি অতুল বৰাৰ বিদ্ৰোহৰ জুই? নিজ চৰকাৰে নাগৰিকত্ব বিধেয়কৰ সমৰ্থনত বিজেপি থাকিলেও বিধেয়কখনৰ বিৰুদ্ধে অকলে অতদিনে প্ৰতিবাদ কৰি আহিছিল দিচপুৰ সমষ্টিৰ বিধায়ক অতুল বৰাই।

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বাতিল নহ’লে আত্মহত্যাৰ দৰে চৰম পথ বাচি লোৱাৰ কথা সংবাদমেলযোগে ঘোষণা কৰিছিল বিজেপিৰ এইগৰাকী বিধায়কে। আনকি মুখ্য মন্ত্ৰীলৈ বিধেয়কখন বাতিলৰ দাবীত মুকলি চিঠি লিখিছিল দিচপুৰ সমষ্টিৰ বিধায়ক বৰাই।

“অসমৰ মানুহ, মোৰ বিবেক আৰু জাতীয় চেতনাই যেতিয়া ক’ব তই নালাগে থাকিব এইখন পৃথিৱীত, তই আত্মহত্যা কৰ, মই তেনে কৰিবলৈও প্ৰস্তুত। বিধেয়কখন গৃহীত হ’লে অসমৰ মানুহে বিবেক তথা জাতীয় চেতনাই মোক নিশ্চয় আত্মহত্যা কৰিবলৈ ক’ব।” বিগত বৰ্ষৰ ৫ অক্তোবৰত সংবাদমেলত এই মন্তব্য আছিল দিচপুৰ সমষ্টিৰ ‘বিদ্ৰোহী’ বিধায়কগৰাকীৰ।

প্ৰশ্ন হয়, হঠাৎ বিধেয়কখনৰ বিৰুদ্ধে নীৰৱ হৈ ৰ’ল কিয় দিচপুৰ সমষ্টিৰ বিধায়কগৰাকী? লোকসভাত বিধেয়ক গৃহীত হোৱাৰ ১০০ ঘন্টাৰ পাছতো তেওঁ নিশ্চুপ ভূমিকা লৈছে? যোৱা ৩০ ডিচেম্বৰৰ দিনা সোণোৱালক বিধেয়কৰ সন্দৰ্ভত মৌন নহয়, স্পষ্ট সমৰ্থক বুলি কটাক্ষ কৰা অতুল বৰাই বৰ্তমান পৰিস্থিতিত কোনো প্ৰতিক্ৰিয়া প্ৰকাশ নকৰো বুলিহে নৰ্থ ইষ্ট নাও-ৰ সৈতে হোৱা কথা-বতৰাত সদৰী কৰে।

‘মই প্ৰতিক্ৰিয়া ক’তো দিয়া নাই, এতিয়াও নিদিওঁ, যেতিয়া সময় আহিব তেতিয়া প্ৰতিক্ৰিয়া দিম।‘ আমাৰ সাংবাদিকৰ আগত এইদৰে বিধায়কজনে কয়।

ইপিনে, নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰি বিজেপিৰ ৰাজ্যিক মুখপাত্ৰ মেহদী আলম বৰা, শোণিতপুৰ জিলা বিজেপিৰ প্ৰাক্তন উপ-সভাপতি অনুপম বৰুৱা আৰু চন্দ্ৰকান্ত দাসে ইতিমধ্যে বিজেপিৰ পৰা পদত্যাগ কৰে। লগতে বৰপেটা জিলাতো শেহতীয়াকৈ বিধেয়কখন লোকসভাত গৃহীত হোৱাৰ পাছতেই শুকুৰবাৰে বৰপেটাৰ দুগৰাকী জ্যেষ্ঠ বিজেপি কৰ্মী তথা জ্যেষ্ঠ অধিবক্তা ক্ৰমে হৰেকৃষ্ণ দাস আৰু কুঞ্জবিহাৰী দাসে বিজেপি দলৰ সাধাৰণ সদস্য পদৰ পৰা পদত্যাগ কৰে।

বিজেপিৰ পৰা ইজনৰ পাছত আন এজনে পদত্যাগ কৰাৰ পাছত ৰাজ্যিক বিজেপিত এতিয়া খহনীয়াৰ সৃষ্টি হৈছে যদিও  ‘সকলো পৰিস্থিতি নিৰীক্ষণ কৰি আছো’ বুলিহে বিধায়ক অতুল বৰাই।

‘প্ৰতিক্ৰিয়া প্ৰকাশ নকৰাৰ কাৰণ আছে। মই গোটেই বিষয়টো চাই আছো।‘ আমাৰ সাংবাদিকৰ আগত এই প্ৰতিক্ৰিয়া অতুল বৰাৰ।

তাৎপৰ্য্যপূৰ্ণভাৱে পূৰ্বে বিৰোধিতা কৰাৰ বাবে এতিয়া কিয় বিৰোধিতা কৰিব লাগে বুলিও অতুল বৰাই মন্তব্য কৰে।

‘মই বিধেয়কখনৰ প্ৰথমে বিৰোধিতা কৰিছিলো, পিছত কিয় ক’ব লাগে?’ সাংবাদিকক ওলোটাই প্ৰশ্ন বিধায়ক বৰাৰ।

প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে, অসম গণ পৰিষদে মিত্ৰতা ভংগ কৰাৰ পাছত খালী হৈ আছে মন্ত্ৰীসভাৰ তিনিটাকৈ পদ। খালী হৈ থকা তিনিটা মন্ত্ৰী পদৰ বাবে আশাত আছে বহু বিজেপি-বিপিএফ বিধায়ক।

মন্ত্ৰিত্বৰ আশাত মহীয়ান হৈ পৰা বাবেই বিজেপিৰ বিধায়কগৰাকীৰ মুখৰ মাত হৰিল বুলিও সচেতন মহলত প্ৰশ্ন উঠিছে।

অগপ চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী তথা ২০১৬ চনৰে পৰাই দিচপুৰ সমষ্টিৰ পৰা বিধায়ক হৈ থকা বৰাই আজি পৰ্য্যন্ত মন্ত্ৰিত্ব নাপালে অতুল বৰাই। দুবাৰকৈ ৰদ বদল হ’ল যদিও মন্ত্ৰীৰ বাছনিত বৰাৰ নামটো এবাৰলৈও নাহিল। বিজেপিৰ শীৰ্ষ নেতৃত্বৰ দিচপুৰৰ বিধায়কগৰাকীলৈ দৃষ্টি পৰা নাই। সোণোৱাল চৰকাৰৰ মন্ত্ৰিত্ব লাভ কৰাৰ শেষ আশা বৰ্তমানো পুহি ৰাখিছে দিচপুৰৰ বিধায়ক অতুল বৰাই। গতিকে এই সুযোগ কেতিয়াও হেৰুৱাব নোখোজে বিধায়কগৰাকীয়ে।

ইপিনে, নৰ্থ ইষ্ট নাও-ৰ সৈতে হোৱা কথা-বতৰাত বিধায়কজনক মন্ত্ৰিত্বৰ আকাংক্ষাত নাথাকি পূৰ্বৰ স্থিতিত অটল থাকিবলৈ আহ্বান জনায় কামৰূপ মহানগৰ জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক দিব্যজ্যোতি মেধিয়ে।

‘জাতিৰ সংকটৰ সময়ত বিজেপি দলৰ বিধায়কজনে বিধেয়কখনৰ বিৰুদ্ধে নেতৃত্ব লোৱা প্ৰয়োজন। জাতীয়তাবাদী শিবিৰৰ পৰা বিজেপিলৈ যোৱা বিধায়কজনে বিধেয়কৰ বিৰুদ্ধে আন্দোলন কৰাত হাত উজান দিয়া উচিত। পূৰ্বতে বিধেয়কখনৰ বিৰোধিতা কৰা বৰাই যদি মন্ত্ৰিত্বৰ দৰে উচ্চাকাংক্ষা কৰি থাকে, তেন্তে তেওঁক সময়ে ক্ষমা নকৰিব, জাতীয়তাবাদী শিবিৰৰ ৰাইজে ক্ষমা নকৰিব।‘ এইদৰে কয় মেধিয়ে।

প্ৰশ্ন হৈছে, বৃহত্তৰ অসমীয়া জাতিটোৰ অস্তিত্বৰ সংকটৰ সময়ত মন্ত্ৰিত্ব লাভৰ উচ্চ আকাংক্ষা লৈ বিজেপি দলতে থাকিব নে বিজেপি দলটো ত্যাগ কৰি বিধেয়ক বিৰোধী আন্দোলনত সৰৱ ভূমিকা ল’ব বিধায়কজনে?

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

শিক্ষা খণ্ডক গেৰুৱাকৰণ কৰাৰ প্ৰয়াস! এন আই টি দুৰ্গাপুৰলৈ স্বামী শংকৰাচাৰ্যক নিমন্ত্ৰণক লৈ বিতৰ্ক

শিক্ষা খণ্ডক গেৰুৱাকৰণ কৰাৰ প্ৰয়াস! এন আই টি দুৰ্গাপুৰলৈ স্বামী শংকৰাচাৰ্যক নিমন্ত্ৰণক লৈ বিতৰ্ক

September 12, 2025 9:55 pm
“গৌৰৱ গগৈৰ দেউতাকে কৰা ভুলৰ ক্ষমা মই কিয় খুজিম?” , ছয় জনগোষ্ঠীক জনজাতিকৰণ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ মন্তব্য

“গৌৰৱ গগৈৰ দেউতাকে কৰা ভুলৰ ক্ষমা মই কিয় খুজিম?” , ছয় জনগোষ্ঠীক জনজাতিকৰণ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ মন্তব্য

September 12, 2025 9:00 pm
ঘোষণা হ’ল নেপালৰ নতুন প্ৰধানমন্ত্ৰী : ক্ষন্তেক পিছতেই শপত গ্ৰহণ কৰিব প্ৰাক্তন মুখ্য ন্যায়াধীশ সুশীলা কাৰ্কীয়ে

ঘোষণা হ’ল নেপালৰ নতুন প্ৰধানমন্ত্ৰী : ক্ষন্তেক পিছতেই শপত গ্ৰহণ কৰিব প্ৰাক্তন মুখ্য ন্যায়াধীশ সুশীলা কাৰ্কীয়ে

September 12, 2025 8:18 pm
নেপালত ৰাষ্ট্ৰপতিক সাক্ষাৎ সেনা প্ৰধানৰ : অতি সোনকালে হ’ব পাৰে ডাঙৰ ঘোষণা

নেপালত ৰাষ্ট্ৰপতিক সাক্ষাৎ সেনা প্ৰধানৰ : অতি সোনকালে হ’ব পাৰে ডাঙৰ ঘোষণা

September 12, 2025 8:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শিক্ষা খণ্ডক গেৰুৱাকৰণ কৰাৰ প্ৰয়াস! এন আই টি দুৰ্গাপুৰলৈ স্বামী শংকৰাচাৰ্যক নিমন্ত্ৰণক লৈ বিতৰ্ক

শিক্ষা খণ্ডক গেৰুৱাকৰণ কৰাৰ প্ৰয়াস! এন আই টি দুৰ্গাপুৰলৈ স্বামী শংকৰাচাৰ্যক নিমন্ত্ৰণক লৈ বিতৰ্ক

September 12, 2025 9:55 pm
“গৌৰৱ গগৈৰ দেউতাকে কৰা ভুলৰ ক্ষমা মই কিয় খুজিম?” , ছয় জনগোষ্ঠীক জনজাতিকৰণ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ মন্তব্য

“গৌৰৱ গগৈৰ দেউতাকে কৰা ভুলৰ ক্ষমা মই কিয় খুজিম?” , ছয় জনগোষ্ঠীক জনজাতিকৰণ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ মন্তব্য

September 12, 2025 9:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd