• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মাত্ৰ দহ দিন পূৰ্বে অসম ৰাজ্যিক চিৰিয়াখানালৈ অনা হায়েনাই সাবটিলে মৃত্যুক

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
December 6, 2018 12:40 pm
Hyena at Zoo

চিৰিয়াখানাত চিকিৎসাধীন অৱস্থাত হায়েনাটো।ফটো : নৰ্থইষ্ট নাও

355
VIEWS
Share on FacebookShare on Twitter

যোৱা ২৫ নৱেম্বৰত অসম ৰাজ্যিক চিৰিয়াখানালৈ ৰাঁচীৰ ভগৱান বিৰচা প্ৰাণী উদ্যানৰ পৰা অনা হৈছিল এটা হায়েনা আৰু দুটাকৈ অষ্ট্ৰিক পক্ষী। কিন্তু দুৰ্ভাগ্যবশতঃ ১ ডিচেম্বৰত শাৰীৰিকভাৱে যথেষ্ট অসুস্থ হায়েনাটোৱে মৃত্যুৰ সৈতে যুঁজি অৱশেষত আজি পুৱতি নিশা প্ৰায় ৩ বজাত মৃত্যুক আঁকোৱালি লয়।

চিৰিয়াখানাৰ বন সংমণ্ডল বিষয়া তেজছ মৰিস্বামীয়ে ‘নৰ্থ-ইষ্ট নাও’ক জানিবলৈ দিয়া মতে যোৱা শনিবাৰে দুপৰীয়াভাগত হায়েনাটো অসুস্থ হৈ পৰা বুলি জানিব পাৰি চিৰিয়াখানা কৰ্তৃপক্ষই চিৰিয়াখানাৰ চিকিৎসালয়তে চিকিৎসা কৰিবলৈ লৈ আনে যদিও চাৰিদিন মৃত্যুৰ সৈতে যুঁজি অৱশেষত হায়েনাটোৱে নিয়তিৰ ওচৰত হাৰ মানে।

জানিব পৰা মতে হায়েনাটোক অসম ৰাজ্যিক পক্ষু চিকিৎসা মহাবিদ্যালয়লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে লৈ যোৱা হৈছে।

আনহাতে, কি ৰোগত আক্ৰান্ত হৈ পশুটোৱে মৃত্যুক সাবটি ল’লে চিৰিয়াখানা কতৃপক্ষৰ ওচৰত তাৰ সঠিক উত্তৰ নাই। এই সম্পৰ্কত মৰিস্বামীৰ সৈতে যোগাযোগ কৰাত তেওঁ ‘নৰ্থ-ইষ্ট নাও’ক কয়, ‘বহু দূৰ যাত্ৰা কৰি অহাৰ লগতে অন্য ঠাইত থকাৰ কাৰণে হায়েনাটো অসুস্থ হৈ পৰিছিল। অৱশেষত আজি সি মৃত্যুমুখত পৰে।’

প্ৰণিধানযোগ্য যে, দীৰ্ঘদিন ধৰি অসম ৰাজ্যিক চিৰিয়াখানাত জন্তুৰ সংখ্যা ক্ৰমান্বয়ে কমি অহাৰ লগতে জন্তুবিলাকৰ শাৰীৰিক অৱস্থা উন্নত নহয় বুলিও অভিযোগ উঠি আহিছে।

চলিত বৰ্ষৰ আগষ্ট মাহত চিৰিয়াখানাখনত কেনাই ডিচটেম্পাৰ ভাইৰাছৰ সংক্ৰমণৰ ফলত ৮ টাকৈ শিয়ালৰ মৃত্যুৰ ঘটনাই এক প্ৰকাৰৰ আতংকৰ সৃষ্টি কৰিছিল।

Recent News

কাৰ্বি ভূমিপুত্ৰক উচ্ছেদৰ বিৰুদ্ধে হুংকাৰ কাৰ্বি নেতাৰ : তুলিৰাম ৰংহাঙক এইবাৰ মাটিৰ এটিএম কাৰ্ড কৰিছে হিমন্ত বিশ্ব শৰ্মাই

কাৰ্বি ভূমিপুত্ৰক উচ্ছেদৰ বিৰুদ্ধে হুংকাৰ কাৰ্বি নেতাৰ : তুলিৰাম ৰংহাঙক এইবাৰ মাটিৰ এটিএম কাৰ্ড কৰিছে হিমন্ত বিশ্ব শৰ্মাই

কেবিনেটে তামিলনাডুত ১৮৫৩ কোটি টকা মূল্যৰ ৪-লেনৰ পৰমকুড়ী – ৰামনাথপুৰম অংশৰ (NH-87) নিৰ্মাণত অনুমোদন জনায়

কেবিনেটে তামিলনাডুত ১৮৫৩ কোটি টকা মূল্যৰ ৪-লেনৰ পৰমকুড়ী – ৰামনাথপুৰম অংশৰ (NH-87) নিৰ্মাণত অনুমোদন জনায়

কৰ্ণাটকৰ হাছান জিলাত এমাহতে হাৰ্ট এটেকত ১৮ জনৰ মৃত্যু : তদন্তৰ নিৰ্দেশ স্বাস্থ্যমন্ত্ৰীৰ

কৰ্ণাটকৰ হাছান জিলাত এমাহতে হাৰ্ট এটেকত ১৮ জনৰ মৃত্যু : তদন্তৰ নিৰ্দেশ স্বাস্থ্যমন্ত্ৰীৰ

বাবা ৰামদেৱৰ প্ৰেমত গদ গদ মন্ত্ৰী অতুল বৰা!  মুনাফাৰ স্বাৰ্থত পাম অইল কৰিবলৈ মাটি দিলে কৃষিমন্ত্ৰীয়ে

বাবা ৰামদেৱৰ প্ৰেমত গদ গদ মন্ত্ৰী অতুল বৰা!  মুনাফাৰ স্বাৰ্থত পাম অইল কৰিবলৈ মাটি দিলে কৃষিমন্ত্ৰীয়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd