NORTHEAST NOW (Assamese)

ভাৰতত বিগত ২৪ ঘণ্টাত অভিলেখসংখ্যক ক’ৰ’না ৰোগীৰ আৰোগ্য লাভ; আৰোগ্যৰ হাৰ ৭০ শতাংশ অতিক্ৰম

August 12, 2020 11:48 am · এন ই নাও নিউজ

ভাৰতত ক’ৰ’না ভাইৰাছৰ সংক্ৰমণে গুৰুতৰ ৰূপ ধাৰণ কৰিলেও দেশত আৰোগ্য হোৱা লোকৰ সংখ্যাও ক্ৰমাগত হাৰত বৃদ্ধি পাইছে।

বিগত ২৪ ঘণ্টাত দেশত অভিলেখ সংখ্যক ৬৫,১১০ গৰাকী লোক ক’ৰ’না ভাইৰাছৰ পৰা চিকিৎসাৰ অন্তত আৰোগ্য লাভ কৰি সুস্থ হৈ উঠিছে।

দেশৰ বিভিন্ন চিকিৎসালয়ৰ পৰা এইসকল লোকক ক’ৰ’না মুক্ত ঘোষণা কৰি মুক্তি দিয়া হয়।

ভাৰতত বৰ্তমানলৈ মুঠ ১৬,৩৯,৫৯৯ গৰাকী লোক চিকিৎসাৰ অন্তত ক’ৰ’না ভাইৰাছৰ পৰা আৰোগ্য লাভ কৰিছে।

দেশত ক’ৰ’নাৰ পৰা আৰোগ্য লাভৰ হাৰো ৭০.৩০ শতাংশলৈ বৃদ্ধি পায়।

উল্লেখযোগ্য যে, বিগত ২৪ ঘণ্টাত ভাৰতত ৬০,৯৬৩ গৰাকী লোক ক’ৰ’না ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হোৱাৰ ফলত দেশত ক’ৰ’না আক্ৰান্ত লোকৰ সংখ্যা ২৩,২৯,৬৩৮ গৰাকীলৈ বৃদ্ধি হয়।

আনহাতে, ভাৰতত এতিয়ালৈ ৪৬,০৯১ গৰাকী লোকৰ ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ ফলত মৃত্যু হৈছে।

 

Related News