• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অভিমত

বিশ্ব থিয়েটাৰ দিৱস উপলক্ষে অনাদৃত শিল্পীৰ প্ৰসংগ : এক বিক্ষিপ্ত আলোচনা

মীনাক্ষী ফুকন by মীনাক্ষী ফুকন
March 27, 2021 3:34 pm
index.jpg1
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আমি আনে নকৰা কাম কৰিছোঁ, আমি বোকাত খেলিছো, আমি পথাৰত দৌৰিছো, আমি নদীৰ গভীৰতা জুখিছো, আমি পক্ষী হৈ উৰিছো, আমি বতাহত সংগীত সৃষ্টি কৰিছোঁ, আমি ডেউকা মেলি আকাশলৈ চাই চিঞৰিছো ….. আস্ফালন বোৰ দীঘল হৈছে ক্ৰমে ক্ৰমে… ছুটি হৈ আহিছে, আমি বাকহীন শব্দৰ ঝঙ্কাৰ তুলিছো ইত্যাদি ইত্যাদি…. সৃষ্টিৰ আদি পথবোৰ এনেকুৱাই। আৰু শেষত আমি কিবা এটা বিচাৰি পাইছোঁ। জী উঠিল আমাৰ আত্মা। এক কথাত আমি পাগলৰ প্ৰলাপ বকিছো।

কিন্তু এই আনে নকৰা কামখিনিৰ যোগেদি ভৱিষ্যতৰ প্ৰজন্মই এক সম্পৰীক্ষা কৰি অন্য এক নৱতম সৃষ্টিৰ বাট মুকলি কৰিব। এইয়াই শিল্পচৰ্চা। প্ৰতিজন মানুহৰ হৃদয়ত শিল্পসত্তা থাকে। হয়তো প্ৰকাশ কৰিব নোৱাৰে। ৰাতিপুৱা শুই উঠাৰ পৰা দিনটোৰ মাজত সোমাই থাকে এক সাংস্কৃতিক মনৰ সাংস্কৃতিক কৰ্মসূচী। যেনেকৈ এগৰাকী সদ্যস্নাতা নাৰীয়ে ঐশ্বৰিক শক্তিক আৰাধনা কৰা, এগৰাকী ৰান্ধনীয়ে পাচলি কটাৰ পৰা সমগ্র ৰন্ধন প্ৰক্ৰিয়াটো ঠিক এটা কলা। একেদৰে এজন ভাস্কৰে এটুকুৰা শিল কাটি শিলত প্ৰাণ দি জী তোলে। ঠিক তেনেকৈয়ে এজন শিল্পীয়ে শিল্পক জীৱন দান কৰে। বিভিন্ন সাংস্কৃতিক কৰ্মৰ মাজেদি জগাই তোলে প্ৰতিজন দৰ্শকৰ মনত এক সাংস্কৃতিক চেতনা। প্ৰতিজন দৰ্শকৰ সুপ্ত শিল্প চেতনাক জগাই তোলে এজন শিল্পীয়ে। শিল্পী আমৃত্যু। শিল্পীৰ মৃত্যু নহ’য়। ই নদীৰ দৰে গতিময় …..কেৱল বৈ থাকে… বৈয়ে থাকে….সেয়ে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালই লিখিছিল— শিল্পী মই তিনিও কালৰ/অতীতৰ/বৰ্তমানৰ আৰু অনাগত ভৱিষ্যতৰ/আদিতেই যাত্ৰা কৰি অনাদিলৈ যাওঁ/ধ্বংসৰ মাজেদি মই/ৰূপান্তৰেদি ৰূপ দি/নৱতম সৃষ্টিৰ শলিতা জ্বলাওঁ।

Apply Now

সমাজ ৰূপান্তৰৰ সাধনা কৰে শিল্পীয়ে। সংস্কৃতিৰ সাধনাৰ যোগেদি সমাজ সুন্দৰ কৰাৰ প্ৰয়াস কৰে একোজন শিল্পীয়ে। সমাজ সুন্দৰ তথা সংস্কাৰৰ বাবে অহোপুৰুষাৰ্থ কৰাজনেই শিল্পী। তেনেক্ষেত্ৰত একোজন শিল্পীক জীৱনৰ সুৰক্ষাও প্ৰদান কৰিব লাগিব আমিয়েই। আমিয়েই জীয়াই ৰাখিব লাগিব একোজন শিল্পীক। তৎস্বত্বেও এজন শিল্পীয়ে কিয় অনেকটা সমস্যাৰ মাজত জীৱন অতিবাহিত কৰিবলগীয়া হ’য় ? মানুহ সামাজিক প্ৰাণী। মানুহে সমাজ পাতি জীৱন যাপন কৰে। একেদৰে একোজন শিল্পীও সমাজ গঠন বা সংস্কাৰৰ বাবে শিল্পৰ সাধনা কৰে। যিহেতু প্ৰতিটো শিল্প কৰ্মৰে সমাজলৈ একোটা বাৰ্তা থাকে। তথাপি কিয় শিল্পীক লৈ সচেতন নহয় কোনো ৰজাঘৰীয়া বা প্ৰজাঘৰীয়া। আনকি তেওঁ কৰি থকা কামখিনিকো অনাদৰ কৰে কিছু সমাজ সচেতন লোকে। তেনেহলে আমি কেনেকৈ সামাজিক প্ৰাণী হ’লো ?

প্ৰসংগক্ৰমে ক’ব লাগিব যে, সমাজত তিনিটা শ্ৰেণীৰ শিল্পী থাকে— (১)যি ইতিমধ্যে সংস্কৃতিৰ সাধনা কৰি বয়স গৰকি পৌঢ় হ’ল, (২) যিসকলে বৰ্তমানেও পূৰ্ণ গতিত সংস্কৃতিৰ সাধনা কৰি আছে আৰু (৩) যিসকল নৱ্যচামে সংস্কৃতিৰ সাধনা কৰিবলৈ ক্ৰমাৎ ওলাই আহিছে। এইযে তিনি শ্ৰেণীৰ শিল্পী তেওঁলোকক অনুপ্ৰেৰণা দিব লাগিব আমি আৰু ৰজাঘৰীয়াই। নিশ্চয়কৈ ৰজাঘৰীয়া শিল্পী বঁটা বা শিল্পী পেঞ্চনৰ ব্যৱস্থা কৰিছে। যদিও শিল্পীৰ বাবে বিশেষ চৰকাৰী আঁচনি কিন্তু লেখত লবলগীয়াকৈ নাই। যিকেইখন আছে সেয়া কেৱল এচাম শিল্পীৰ মাজতে আৱদ্ধ। বাকী যিসকল মাটি-মানুহৰ শিল্পী আছে তেওঁলোকে চৰকাৰী আঁচনি খাই নে পিন্ধে গমকেই নাপায়। সেইবাবেই হয়তো অসমৰ লোক শিল্পীসকলৰ তথৈবচ এক অৱস্থা। পুতলা নাচ শিল্পীৰ, ওজাপালি , খুলীয়া ওজা, যাত্ৰা দেওধনী ,ভাওনাৰ লোক শিল্পী আদিৰ যি আৰ্থিক অৱস্থা নেদেখিলে হয়তো কল্পনা কৰিব নোৱাৰি। হয়তো চৰকাৰী আ‍ঁচনিৰ সঠিক প্ৰয়োগ নোহোৱাৰ বাবে আমাৰ এই সম্পদ, ঐতিহাসিক কলাক্ৰমে হেৰাই গৈছে। মূলতে পেটত গামোচা বান্ধি কোনোৱেইটো শিল্প সাধনা কৰিব নোৱাৰে। এক কথাত গাখীৰ খিনি মঠি মঠি ওপৰৰ অমৃতখিনি পান কৰা মানুহ বহুত। কিন্তু অমৃত পাবলৈ কৰা যিখিনি কষ্ট সেই অহোপুৰুষাৰ্থ কৰা প্ৰকৃত শিল্পীজন কিন্তু পানীৰ জুৱলিতে পৰি ৰয়। একোটা শিল্পীৰ বঁটাই একোজন শিল্পপ্ৰাণক জগাই তোলে  অনুপ্ৰেৰণাই সৃষ্টিশীলতাক অধিক গতি দিয়ে ।এনেদৰেই জন্ম হয় অন্য এচাম সাংস্কৃতিক কৰ্মীৰ।

ইয়াৰোপৰি চৰকাৰী শিল্পী পেঞ্চনৰ খাতিৰত এটা কথা স্পষ্ট ভাষাত ক’ব পাৰি যে কোনোজন প্ৰকৃত শিল্পীয়ে নিজক শিল্পী বুলি পৰিচয় নিদিয়ে। শিল্পীৰ স্বীকৃতি সমাজে দিয়ে। তেনেক্ষেত্ৰত চৰকাৰী শিল্পী পেঞ্চন বা বঁটাৰ বাবে এজন শিল্পীয়ে নিজক শিল্পী বুলি পৰিচয় দি নিজে এখন আবেদন আনিবলৈ যোৱাটো কিমান যুক্তিসংগত! অসম চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰণালয়ৰ সাংস্কৃতিক বিভাগৰ কি কোনো দায়িত্ব নাই নেকি যে শিল্পীক সন্মান তথা সুৰক্ষা প্ৰদান কৰিবলৈ এক ক্ষেত্ৰভিত্তিত অধ্যয়ন কৰা। কেৱল অফিচৰ টেবুলত বা সভা-সমিতিতেই এজন বিষয়াৰ দায়িত্ব শেষ নেকি ? এই চেগতে আৰু এটা কথা স্পষ্ট হোৱাটো খুবেই জৰুৰী যে শিল্পক প্ৰাণ দিয়া প্ৰতিজন শিল্পীক লৈ ৰাজনৈতিককৰণ হ’ব নালাগে। বিপৰীতে প্ৰতিখন চৰকাৰে কিন্তু শিল্পীৰ জনপ্ৰিয়তাৰ মুনাফা লুটাৰ যি ব্যৱস্থা কৰিছে, ই কালক্ৰমত এক ভয়ংকৰ ৰূপ লৈ সমাজ কলূষিত কৰিব। সেইটো খাটাং। যিহেতু অতিকৈ সুন্দৰ মনৰ এজন শিল্পীয়ে সদায় সমাজৰ জয়গান গায়। সমাজৰ অহিত চিন্তা নকৰে। আৰু যিসকলে কৰে সেয়া ক্ষণস্থায়ী। ইয়াৰ সুদূৰপ্ৰসাৰী প্ৰভাৱ নাথাকে। প্ৰকৃততে এখন গণতান্ত্ৰিক ৰাষ্ট্ৰত চৰকাৰ ৰদ-বদল এক স্বাভাৱিক কথা। সেইবাবেই প্ৰতিটো সময়ৰ সাক্ষী এজন শিল্পী ৰাজনৈতিক মেৰপাচত সোমাব নালাগে। যদিও সেয়া শিল্পীজনৰ ব্যক্তিগত বিষয়। তথাপি শিল্প সাধনাৰ যোগেদি এজন শিল্পীয়ে সমাজ সংস্কাৰৰ সপোন দেখিলে এদিন নিশ্চয় শিল্পীজনৰ কৰ্ম ৰাজীক সৰ্বসাধাৰণজনে মনত পেলাব। সমাজ জীৱনত চাপ পেলাই যোৱা শিল্পীজনে সমগ্ৰ জীৱন এক সাংস্কৃতিক আন্দোলন কৰি গৈছে। যি আন্দোলনৰ যোগেদি সমাজৰ ভাল-বেয়া সকলোবোৰ প্ৰত্যক্ষ বা পৰোক্ষভাৱে হ’লেও জনসাধাৰণক দৃষ্টিগোচৰ কৰি আহিছে।

মীনাক্ষী ফুকন

মীনাক্ষী ফুকন

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নেহৰুৰ ৬ দশকৰ অভিলেখ ভংগ! ১০ জুনত দেশৰ আটাইতকৈ দীঘলীয়া কাৰ্যকালৰ প্ৰধানমন্ত্ৰী হ’ব মোদী

নেহৰুৰ ৬ দশকৰ অভিলেখ ভংগ! ১০ জুনত দেশৰ আটাইতকৈ দীঘলীয়া কাৰ্যকালৰ প্ৰধানমন্ত্ৰী হ’ব মোদী

June 6, 2026 6:33 pm
ঘৰত চলিছিল অন্ত্যেষ্টিক্ৰিয়াৰ প্ৰস্তুতি, ৫ দিন পাছত এভাৰেষ্টৰ ‘ডেথ জ’ন’ৰ পৰা জীৱন্তে ঘূৰি আহিল শ্বেৰ্পা

ঘৰত চলিছিল অন্ত্যেষ্টিক্ৰিয়াৰ প্ৰস্তুতি, ৫ দিন পাছত এভাৰেষ্টৰ ‘ডেথ জ’ন’ৰ পৰা জীৱন্তে ঘূৰি আহিল শ্বেৰ্পা

June 6, 2026 5:10 pm
কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী: ৫ বজালৈ সময় বান্ধি দিলে ককৰোচ জনতা পাৰ্টীয়ে

কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী: ৫ বজালৈ সময় বান্ধি দিলে ককৰোচ জনতা পাৰ্টীয়ে

June 6, 2026 4:21 pm
প্ৰেমিকৰ সৈতে বজাৰত আছিল পত্নী, হঠাৎ ওলালহি স্বামী, মাৰপিট দেখি জমা হ’ল ৩০০ মানুহৰ ভিৰ

প্ৰেমিকৰ সৈতে বজাৰত আছিল পত্নী, হঠাৎ ওলালহি স্বামী, মাৰপিট দেখি জমা হ’ল ৩০০ মানুহৰ ভিৰ

June 6, 2026 4:11 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নেহৰুৰ ৬ দশকৰ অভিলেখ ভংগ! ১০ জুনত দেশৰ আটাইতকৈ দীঘলীয়া কাৰ্যকালৰ প্ৰধানমন্ত্ৰী হ’ব মোদী

নেহৰুৰ ৬ দশকৰ অভিলেখ ভংগ! ১০ জুনত দেশৰ আটাইতকৈ দীঘলীয়া কাৰ্যকালৰ প্ৰধানমন্ত্ৰী হ’ব মোদী

June 6, 2026 6:33 pm
ঘৰত চলিছিল অন্ত্যেষ্টিক্ৰিয়াৰ প্ৰস্তুতি, ৫ দিন পাছত এভাৰেষ্টৰ ‘ডেথ জ’ন’ৰ পৰা জীৱন্তে ঘূৰি আহিল শ্বেৰ্পা

ঘৰত চলিছিল অন্ত্যেষ্টিক্ৰিয়াৰ প্ৰস্তুতি, ৫ দিন পাছত এভাৰেষ্টৰ ‘ডেথ জ’ন’ৰ পৰা জীৱন্তে ঘূৰি আহিল শ্বেৰ্পা

June 6, 2026 5:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd