নাগৰিকত্ব আইনখন সংশোধন কৰা বাবে অমিত শ্বাহক ধন্যবাদ শৰণাৰ্থীৰ

Story-3-16-

কেন্দ্ৰীয় চৰকাৰে নাগৰিকত্ব আইনখন সংশোধন কৰা বাবে গৃহ মন্ত্ৰী অমিত শ্বাহক আজি ধন্যবাদ জনাইছে উত্তৰ প্ৰদেশত বাস কৰি থকা বাংলাদেশৰ পৰা অহা সংখ্যালঘুৰ এটা শৰণাৰ্থীৰ দলে।

অমিত শ্বাহক ধন্যবাদ জনাই শৰণাৰ্থীৰ দলটোৰ এজন সদস্যই কয় যে তেওঁলোকৰ পৰিয়ালটোৱে ১৯৬৪ চনত ভাৰতলৈ আহিছিল। ভাৰতলৈ অহাৰ সময়ত তেওঁৰ বয়স আছিল মাত্ৰ ৮।

‘সেই সময়ত আমি সংখ্যাগৰিষ্ঠসকলৰ নিৰ্যাতনৰ বলি হৈছিলো। মহিলাসকলক ধৰ্ষণ কৰা হৈছিল আৰু শিশুসকলক হত্যা কৰা হৈছিল। বহুতক ধৰ্ম সলনি কৰিবলৈও বাধ্য কৰোৱা হৈছিল’। সদস্যজনে এইদৰে কয়।

তেওঁ লগতে কয়, ‘চাৰিওফালে এই ধৰণৰ ভয়াবহ ছবি দেখি মোৰ দেউতাই ভাৰতলৈ অহাৰ সিদ্ধান্ত লৈছিল’।

সেই সময়ছোৱাত পূব পাকিস্তানৰ খুলনা, জেছোৰ আৰু ফৰিদাপুৰ অঞ্চলৰ পৰা প্ৰায় ২০০ পৰিয়াল ভাৰতলৈ আহিছে বুলি তেওঁ লগতে উল্লেখ কৰে।

‘আমাৰ পৰিয়ালটো পূব পাকিস্তানৰ ফৰিদাপুৰ অঞ্চলৰ পৰা অহা’। উত্তৰ প্ৰদশৰে ক্ষেত্ৰী জিলাৰ লখিমপুৰত আশ্ৰয় লৈ থকা আন এজন লোকে কয়।

‘বৰ্তমানৰ চত্তিশগড়ত যেতিয়া শিবিৰ স্থাপন কৰিছিলো তেতিয়া মোৰ বয়স ১৪ আছিল। ১৭০০ৰ ওচৰা ওচৰি পৰিয়ালে উধাম সিং নগৰত উপস্থিত হৈছিল’। এই কথাও কয় লোকজনে।

ইফালে আন এজন সদস্যই কয় যে ১৯৬৪ চনৰ পিছত ভাৰতলৈ অহা লোকসকলৰ নাম পঞ্জীয়ন নহ’ল যাৰ বাবে তেওঁলোকে বৰ্তমান সময়ত কোনো সুবিধা নোপোৱাকৈয়ে ৰাস্তাত জীৱন অতিবাহিত কৰিবলগীয়া হৈছে।

‘এই আইনখনে আমাক সন্মান, সুবিধা আৰু মান্যতা প্ৰদান কৰিব’, এইদৰে কয় লোকজনে।

আনহাতে শৰণাৰ্থীৰ দলটোক সাক্ষাৎ কৰাৰ পিছত গৃহ মন্ত্ৰী অমিত শ্বাহে সংবাদমাধ্যমৰ আগত কয়, ‘মই লগ কৰা সময়ত তেওঁলোকৰ চকুপানী ওলাইছিল। মোৰ ক’বলৈ কোনো ভাষা নাই’।