• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মৃত্যুৰ আগতে কিয় দুচকুৰে পানী ওলাই আহে? জানি লওক ইয়াৰ চাৰিটা বৈজ্ঞানিক কাৰণ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 22, 2024 2:49 pm
প্ৰতিনিধিত্বমূলক ফটো।

প্ৰতিনিধিত্বমূলক ফটো।

8
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আমি সকলোৱে এদিন জীৱনৰ অন্তিম সীমাত ভৰি দিব লাগিব। মৃত্যু এক বেদনাদায়ক অভিজ্ঞতা, কেৱল মৃতকৰ বাবেই নহয়, তেওঁৰ আপোনজনৰ বাবেও। বহুতে লক্ষ্য কৰিছে যে মৃত্যু ওচৰ চাপি অহাৰ সময়ত বহুতৰে চকুলো ওলায়।  এয়া এক স্বাভাৱিক প্ৰতিক্ৰিয়া যদিও ইয়াৰ আঁৰত কিছু গভীৰ আৰু বৈজ্ঞানিক কাৰণ আছে। সেই কাৰণবোৰৰ বিষয়ে জানো আহক:

মানসিক চাপ

মৃত্যুৰ ওচৰ চাপি অহাৰ সময়ত এজন ব্যক্তিয়ে ভয়, দুখ, হতাশা, আৰু কেতিয়াবা সকাহকে ধৰি বিভিন্ন ধৰণৰ আৱেগ অনুভৱ কৰে। এই সকলোবোৰ আৱেগ মিলি তীব্ৰ মানসিক চাপৰ সৃষ্টি কৰে, যিটো চকুলোৰ জৰিয়তে প্ৰকাশ পায়। মৃত্যুৰ প্ৰাকক্ষণত এজন ব্যক্তিয়ে নিজৰ জীৱনৰ অভিজ্ঞতা, সম্পৰ্ক, ক্ষতি, আৰু এৰি থৈ অহা সকলো কথা চিন্তা কৰে। এই স্মৃতি আৰু আৱেগবোৰ চকুলোৰ ৰূপত প্ৰকাশ পাব পাৰে।

শাৰীৰিক পৰিৱৰ্তন

মৃত্যুৰ ওচৰ চাপি অহাৰ সময়ত শৰীৰত বহু পৰিৱৰ্তন ঘটে। হৰম’নৰ মাত্ৰাৰ পৰিৱৰ্তন, মগজুৰ ৰাসায়নিক ভাৰসাম্যহীনতা, পেশীৰ টান—এই সকলোবোৰ শাৰীৰিক পৰিৱৰ্তনে মানসিক অৱস্থাতো প্ৰভাৱ পেলায়। শৰীৰত মানসিক চাপ থাকিলে চকুলোৰ সৃষ্টি হয়। এইটো এটা স্বাভাৱিক প্ৰতিক্ৰিয়া যিয়ে বিষ আৰু মানসিক চাপ কমোৱাত সহায় কৰে।

Apply Now

জীৱনৰ স্মৃতি

মৃত্যুৰ প্ৰাকক্ষণত মানুহৰ চকুৰ সন্মুখত গোটেই জীৱনটো জিলিকি উঠে। তেওঁৰ জীৱনৰ গুৰুত্বপূৰ্ণ সম্পৰ্ক আৰু স্মৃতিবোৰ মনত পৰে। আপোনজনৰ পৰা বিচ্ছিন্ন হোৱাৰ চিন্তাই তেওঁৰ মনত গভীৰ আৱেগ জগাই তোলে। জীৱনত কিমান মৰম আৰু আদৰ লাভ কৰিছে তাৰ কথা স্বাভাৱিকতে মনত পেলাই দিয়ে। এই কৃতজ্ঞতা আৰু মৰম চকুলোৰে প্ৰকাশ পায়।

দুখ আৰু বিষণ্ণতা

বহু ক্ষেত্ৰত মৃত্যুৰ ওচৰ পোৱাৰ সময়ত এজন ব্যক্তিয়ে বিষণ্ণতা, অনুশোচনা আৰু দুখ অনুভৱ কৰে। এই মানসিক যন্ত্ৰণাই তেওঁক ভাঙি পেলায় আৰু সহজে কান্দিবলৈ বাধ্য কৰে। এই চকুলোবোৰ কেৱল দুখৰেই নহয়, আৱেগ প্ৰকাশৰ মাধ্যমো। ইয়াৰ পৰা দেখা যায় যে ব্যক্তিজনে নিজৰ ভিতৰত চলি থকা ধুমুহাৰ সৈতে যুঁজি আছে আৰু নিজৰ আৱেগ প্ৰকাশ কৰিবলৈ চেষ্টা কৰিছে। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মহাৰাষ্ট্ৰত খাদ্য বিষক্ৰিয়া : একেখন দোকানৰ খাদ্য খাই ৫৯ জন লোক চিকিৎসালয়ত ভৰ্তি

মহাৰাষ্ট্ৰত খাদ্য বিষক্ৰিয়া : একেখন দোকানৰ খাদ্য খাই ৫৯ জন লোক চিকিৎসালয়ত ভৰ্তি

June 20, 2026 11:05 am
কৰ্ণাটকত বুমেৰাং হ’ল অপাৰেচন ‘লোটাছ’; মাষ্টাৰমাইণ্ড শিৱকুমাৰ, নিজৰ অস্ত্ৰতে ধৰাশায়ী বিজেপি

কৰ্ণাটকত বুমেৰাং হ’ল অপাৰেচন ‘লোটাছ’; মাষ্টাৰমাইণ্ড শিৱকুমাৰ, নিজৰ অস্ত্ৰতে ধৰাশায়ী বিজেপি

June 20, 2026 10:55 am
চাৰধাম যাত্ৰাত ৩৭ লাখৰো অধিক তীৰ্থযাত্ৰীৰ ভিৰ : আনহাতে প্ৰাণ হেৰুৱালে ১৯৮ গৰাকী ভক্তই

চাৰধাম যাত্ৰাত ৩৭ লাখৰো অধিক তীৰ্থযাত্ৰীৰ ভিৰ : আনহাতে প্ৰাণ হেৰুৱালে ১৯৮ গৰাকী ভক্তই

June 20, 2026 10:18 am
বিশ্বকাপলৈ ঘূৰি আহিছে ছাম্বাৰ সুৰ! হাইটিৰ বিৰুদ্ধে ছন্দত ব্ৰাজিল, ৩-০ ব্যৱধানত জিকিল এন্সেল’টিৰ দল

বিশ্বকাপলৈ ঘূৰি আহিছে ছাম্বাৰ সুৰ! হাইটিৰ বিৰুদ্ধে ছন্দত ব্ৰাজিল, ৩-০ ব্যৱধানত জিকিল এন্সেল’টিৰ দল

June 20, 2026 9:55 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মহাৰাষ্ট্ৰত খাদ্য বিষক্ৰিয়া : একেখন দোকানৰ খাদ্য খাই ৫৯ জন লোক চিকিৎসালয়ত ভৰ্তি

মহাৰাষ্ট্ৰত খাদ্য বিষক্ৰিয়া : একেখন দোকানৰ খাদ্য খাই ৫৯ জন লোক চিকিৎসালয়ত ভৰ্তি

June 20, 2026 11:05 am
কৰ্ণাটকত বুমেৰাং হ’ল অপাৰেচন ‘লোটাছ’; মাষ্টাৰমাইণ্ড শিৱকুমাৰ, নিজৰ অস্ত্ৰতে ধৰাশায়ী বিজেপি

কৰ্ণাটকত বুমেৰাং হ’ল অপাৰেচন ‘লোটাছ’; মাষ্টাৰমাইণ্ড শিৱকুমাৰ, নিজৰ অস্ত্ৰতে ধৰাশায়ী বিজেপি

June 20, 2026 10:55 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd