“BTAD-ৰ কোনো কোনো অঞ্চলত অবড়ো লোকলৈ উচ্ছেদৰ জাননী জাৰি কৰা হৈছে”, নৱ শৰণীয়া

"অবড়ো শংকিত হ’ব নালাগে, বিটিচিত ট্ৰাইবেল বেল্ট আৰু ব্লকৰ নীতি প্ৰযোজ্য হৈ থকা নাই; চৰকাৰৰ কৌশল এনেকুৱা,- যদি আমাক ভোট নিদিয়ে আমি উচ্ছেদ কৰিম”

Naba Sarania

দিচপুৰ প্ৰেছক্লাবত সংবাদমেল সাংসদ নৱ শৰণীয়াৰ। ৩ জানুৱাৰি, ২০২০-ত।

ট্ৰাইবেল বেল্ট আৰু ব্লকৰ পৰা অজনজাতি বা অসুৰক্ষিত শ্ৰেণীৰ লোকক উচ্ছেদ কৰিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ে দিয়া নিৰ্দেশটো সন্দৰ্ভত সংবাদমেল সম্বোধন কৰি সাংসদ নৱ শৰণীয়াই কয়, এনেকুৱা ৰাজনৈতিক কৌশল কৰা হৈছে যে “যদি আমাক ভোট নিদিয়ে আমি উচ্ছেদ কৰি দিম” জাতীয় ভাবুকিৰ সৃষ্টি কৰা হৈছে।

বি টি এ ডিত অবড়ো লোকক উচ্ছেদৰ ষড়যন্ত্ৰ কৰা হৈছে বুলি মন্তব্য কৰি তেওঁ কয়, “ভিতৰুৱাভাবে গম পাইছো বি টি এ ডিৰ কোনো কোনো অঞ্চলত অবড়ো লোকক উচ্ছেদৰ বাবে জাননী জাৰি কৰা হৈছে”।

দিচপুৰ প্ৰেছ ক্লাবত দিয়া সংবাদমেলত কোকৰাঝাৰ সমষ্টিৰ সাংসদজনে বিটিচিৰ পৰা অবড়ো তথা আজনজাতীয় লোকক যাতে উচ্ছেদ কৰিব নোৱাৰে তাৰ বাবে ৰাজহুৱা স্বাৰ্থজড়িত আবেদন দাখিল কৰিব বুলি জনায়।

“অবড়ো লোকসকল শংকিত হ’ব নালাগে। ২০০৪ চনতো বিটিচিৰ পৰা অবড়ো, অজনজাতীয় লোকক উচ্ছেদ কৰিব বিচৰা হৈছিল, উচ্ছেদৰ বাবে বাৰেপতি ষড়যন্ত্ৰ কৰা হৈছিল। কেইবাবাৰো হুংকাৰ দিয়া হৈছিল উচ্ছেদ কৰিব বুলি। চাপাইগুৰি অঞ্চলত এতিয়ালৈকে মাটিৰ পাট্টা দিয়া নাই। বিটিচিত ট্ৰাইবেল বেল্ট আৰু ব্লক প্ৰযোজ্য হৈ থকা নাই”, শৰণীয়াই কয়।

তেওঁ লগতে কয় যে কিছুমান লোক ১৯৪৭ চনৰ আগৰ পৰাই আছে আৰু সেইসকল এই উচ্ছেদৰ আওতাত নপৰিব।

তেওঁ আগন্তুক বি টি চি নিৰ্বাচনক ইংগিত কৰি কয়, অহা এপ্ৰিল মাহত বি টি এ ডিত ৰাজনৈতিক পৰিৱৰ্তন হ’বলৈ গৈ আছে। তেওঁৰ নেতৃত্বত বিটিচি চৰকাৰ গঠন হ’লে ভূমিহীন অবড়ো লোকক ভূমিৰ পট্টা দিয়া হ’ব বুলিও তেওঁ আশ্বাস দিয়ে।

“অবড়ো লোকক লৈ ৰাজনৈতিক কূটকৌশল নকৰিবলৈ বিটিচি চৰকাৰ আৰু অসম চৰকাৰক সকীয়াই দিছো। ইয়াৰ জবাব দিয়া হ’ব”, সাংসদজনে কয়।

আনহাতে অসমীয়া ভাষাক অলপতে বিজেপি চৰকাৰে ৰাজ্যভাষাৰ স্বীকৃতি দিয়া হ’ব বুলি কৰা ঘোষণা সন্দৰ্ভতো মন্তব্য কৰে সাংসদ শৰণীয়াই।

তেওঁৰ মন্তব্য, অসমীয়া ভাষা আগৰ পৰাই ৰাজ্যভাষা হৈ আছে। বি টি এ ডিতো অসমীয়া ভাষা ৰাজ্যভাষা হিচাপে থকাটো বিচাৰো। ভাষাৰ ক্ষেত্ৰত জাতিৰ কথা নাহে। ৮১ শতাংশ লোকে অসমীয়াকে মাধ্যম ভাষা হিচাপে লৈ আহিছে”।

অসম চৰকাৰৰ সমাজ কল্যাণ মন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্মক আক্ৰমণ কৰি নৱ শৰণীয়াই কয়, “প্ৰমীলা ৰাণীয়ে মিছা মতা বন্ধ কৰক। অসমৰ সংকট কালত বড়ো-অবড়ো হিচাপে ভাগ কৰাটো আমিও নিবিচাৰো”।

“ষষ্ঠ অনুসূচী অহাৰ পাছত ট্ৰাইবেল বেল্ট আৰু ব্লকৰ কথা কেতিয়াও নাহে। তেওঁলোকৰ হাতৰ পৰা ইতিমধ্যে ট্ৰাইবেল ব্লক আৰু বেল্ট নাইকিয়া হৈ গৈছে। বি টি এ ডি চৰকাৰে CAA সমৰ্থন কৰাৰ কাৰণটো হৈছে ষষ্ঠ অনুসূচীৰ অঞ্চলত এইখন প্ৰযোজ্য নহয়। এই CAA-ৰ জৰিয়তে বাঙালী লোকক বি টি এ ডিৰ পৰা আঁতৰাব পাৰিব বুলি ভাবিছে। এইটো কেতিয়াও সম্ভৱ নহয় আৰু মানি ল’ব নোৱাৰি”, শৰণীয়াৰ মন্তব্য।