প্ৰতিশোধ! বিবাহৰ প্ৰস্তাৱ অস্বীকাৰ কৰাৰ বাবেই সপৰিয়ালে যুৱতীক ৰ’ড-ছুৰীৰে আক্ৰমণ দুৰ্বৃত্তৰ

Andhra Pradesh

একপক্ষীয় প্ৰেমৰ পৰিণতিত ঘাতকৰ নৃশংস আক্ৰমণৰ বলি হৈ মৃত্যুৰ সৈতে যুঁজিবলগীয়া হৈছে একেটা পৰিয়ালৰ কেইবাগৰাকীও সদস্যই। অন্ধ্ৰপ্ৰদেশৰ গুন্টুৰ জিলাত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা।

জিলাখনৰ ফিৰঙ্গীপুৰম নামৰ এক অঞ্চলত এগৰাকী ব্যক্তিয়ে লোহাৰ ৰ’ড আৰু ছুৰীৰে বৰ্বৰভাৱে আক্ৰমণ কৰাৰ ফলত এগৰাকী যুৱতী আৰু তেওঁৰ পৰিয়ালৰ ১১ গৰাকী সদস্য গুৰুতৰভাৱে আহত হয়।

আক্ৰমণকাৰী দুৰ্বৃত্ত গৰাকীক পেৰাম এডুকোণ্ডালু বুলি চিনাক্ত কৰা হৈছে। জানিব পৰা মতে পেৰামে যুৱতীগৰাকীক একপক্ষীয়ভাৱে পচন্দ কৰি আহিছিল আৰু বিবাহৰ প্ৰস্তাৱ আগবঢ়াইছিল।

কিন্তু আন এগৰাকী ব্যক্তিৰ সৈতে বাগদান কৰাৰ বাবে যুৱতীগৰাকীয়ে এই প্ৰস্তাৱ অস্বীকাৰ কৰি বিবাহৰ বাবে সন্মত নহয় বুলি স্পষ্ট কৰি দিছিল পেৰাম এডুকোণ্ডালুক।

বিবাহৰ প্ৰস্তাৱ প্ৰত্যাখ্যান হোৱাৰ বাবেই এডুকোণ্ডালুৱে খৰ্গহস্ত হৈ প্ৰতিশোধৰ তাড়নাত যুৱতীগৰাকী আৰু তেওঁৰ পৰিয়ালৰ সদস্যসকলক আক্ৰমণ কৰে।

এই নিৰ্বিচাৰ আক্ৰমণত যুৱতীগৰাকী আৰু পৰিয়ালৰ আন দুগৰাকী সদস্য গুৰুতৰভাৱে আহত হয়। তিনিওগৰাকী লোককে গুন্টুৰ জেনেৰেল হাস্পতালত ভৰ্তি কৰোৱা হয়।

আনহাতে আহত আন নগৰাকী লোক নৰাচাৰাওপেট চৰকাৰী চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।

ইফালে এই ঘটনাৰ খবৰ পোৱাৰ পাছতে অন্ধ্ৰ আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে। আক্ৰমণকাৰী পেৰাম এডুকোণ্ডালুক শীঘ্ৰেই আটক কৰি বিচাৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হ’ব বুলি এগৰাকী আৰক্ষী বিষয়াই জানিবলৈ দিয়ে।