NORTHEAST NOW (Assamese)

ন ৰূপত জিলিকি উঠিব মহাত্মা গান্ধীয়ে ভাষণ দিয়া শিৱসাগৰৰ ঐতিহাসিক কালি প্ৰসাদ মেমৰীয়েল হ’ল

January 22, 2022 3:44 pm · পাৰ্শ্বজ্যোতি গগৈ, শিৱসাগৰ

ন ৰূপত জিলিকি উঠিব শিৱসাগৰৰ ঐতিহাসিক কালি প্ৰসাদ মেমৰীয়েল হ’ল।

কালি প্ৰসাদ মেম’ৰিয়েল হ’লক নতুন ৰূপত সজাই তোলাৰ অৰ্থে শনিবাৰে নিৰ্মাণ কাৰ্যৰ আধাৰশিলা স্থাপন কৰে সাংসদ তপন কুমাৰ গগৈয়ে।

ঐতিহাসিক ভৱনটো সংৰক্ষণ কৰাৰ লগতে চৌহদত কলা বিথিকা স্থাপন কৰিব বুলি সদৰি কৰে যোৰহাট লোকসভা সমষ্টিৰ সাংসদ গৰাকীয়ে।

উল্লেখযোগ্য যে ১৯৩৪ চনত মহাত্মা গান্ধী অসমলৈ আহোতে শিৱসাগৰৰ এই কে পি এম হলতে ভাষণ প্ৰদান কৰিছিল।

ইয়াৰ উপৰিও শিৱসাগৰৰ বহুকেইখন মহাবিদ্যালয়ৰ জন্মৰ আঁৰত আছিল কে পি এম হলত হোৱা সভা।

বহু স্মৃতি জড়িত হলটি সম্প্ৰতি জৰাজীৰ্ণ হৈ পৰিছে। ইয়াৰ পৰিপ্ৰেক্ষিতত শণিবাৰে কে পি এম হলৰ মূল গাঁঠনি সংৰক্ষণ কৰাৰ লগতে সমগ্ৰ চৌহদটো আটকধুনীয়া কৰি তোলাৰ আশ্বাস দিয়ে তপন কুমাৰ গগৈয়ে।

Related News