• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কোহলীৰ অবাঞ্ছিত অভিলেখ, অতিক্ৰম কৰিলে ৰাহুল দ্ৰাবিড়ক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 22, 2022 3:53 pm
Virat Kohli
181
VIEWS
Share on FacebookShare on Twitter

এইমুহূৰ্তত কেৰিয়াৰৰ শ্ৰেষ্ঠ ফৰ্মত নাই ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক বিৰাট কোহলী। ইতিমধ্যে বহু বিশেষজ্ঞৰ পৰা সাম্প্ৰতিক ক্ৰিকেটৰ শ্ৰেষ্ঠ খেলুৱৈৰ মৰ্যাদা অৰ্জন কৰা কোহলীৰ শেহতীয়া প্ৰদৰ্শনে নিৰাশ কৰিছে ক্ৰিকেট অনুৰাগীক।

শুকুৰবাৰে পাৰলৰ বোলেণ্ড পাৰ্কত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে দ্বিতীয় খন এদিনীয়াত এক অবাঞ্ছিত ৰেক’ৰ্ড তালিকাত ৰাহুল দ্ৰাবিড়ক অতিক্ৰম কৰে। মেচখনত কোনো ৰান সংগ্ৰহ নকৰাকৈ আউট হয় কোহলী।

কোহলীৰ এদিনীয়া কেৰিয়াৰত এইটো আছিল ১৪ সংখ্যক ডাক। এইদৰে কোহলীয়ে ভাৰতৰ বৰ্তমানৰ মুখ্য প্ৰশিক্ষক দ্ৰাবিড় আৰু বৰ্তমানৰ ভাৰতৰ অধিনায়ক ৰোহিত শৰ্মাক অতিক্ৰম কৰে। দ্ৰাবিড় আৰু ৰোহিতৰ নামত ১৩ টাকৈ এদিনীয়া ডাক আছে।

সুৰেশ ৰাইনা আৰু বীৰেন্দ্ৰ ছেহৱাগৰ সৈতে এদিনীয় ক্ৰিকেটত সৰ্বাধিক ডাক সংগ্ৰহকাৰী ভাৰতীয় খেলুৱৈৰ তালিকাত কোহলী বৰ্তমান যুটীয়াভাৱে চতুৰ্থ স্থানত আছে।

১ ৰ পৰা ৭ নম্বৰৰ ভিতৰত বেটিং কৰা ভাৰতীয় বেটছমেনৰ ক্ষেত্ৰত সৰ্বাধিক ডাক সংগ্ৰহকাৰী তালিকাৰ শীৰ্ষ তিনিটা স্থানত আছে শচীন তেণ্ডুলকাৰ (২০), যুৱৰাজ সিং (১৮) আৰু সৌৰভ গাংগুলী (১৬)।

উল্লেখ্য যে ২০১৯ চনৰ আগষ্টত ৱেষ্ট ইণ্ডিজত কোহলীয়ে অন্তিম বাৰৰ বাবে এদিনীয়াত শতক শতক অৰ্জন কৰিছিল।সেইদৰে ২০১৯ চনৰ নৱেম্বৰত বাংলাদেশৰ বিৰুদ্ধে টেষ্টত নিজৰ অন্তিমটো শতকীয় ইনিংছ খেলিছিল কোহলীয়ে।

এই শতকটোৱেই আছিল আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত কোহলীৰ অন্তিমটো শতক। তাৰ পিছৰে পৰা যোৱা দুই বছৰ ধৰি আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰত দেশৰ হৈ শতকীয় ইনিংছ খেলাত ব্যৰ্থ হৈছে কোহলী।

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd