NORTHEAST NOW (Assamese)

বিকল্প নাই! বিক্ৰী হ’ব কোম্পানী, আৰ বি আইৰ পৰা ১০ দিনৰ সময় বিচাৰিলে অনিল আম্বানীয়ে

May 19, 2024 11:55 am · এন ই নাও নিউজ, গুৱাহাটী

ঋণগ্ৰস্ত অনিল আম্বানীৰ কোম্পানী ৰিলায়েন্স কেপিটেলৰ ক্ৰেতা হিন্দুজা গ্ৰুপে কোম্পানীটোৰ অধিগ্ৰহণৰ কাম সম্পূৰ্ণ কৰিবলৈ অধিক সময় ল’ব পাৰে বুলি খবৰ পোৱা গৈছে। কাৰণ ৰিলায়েন্স কেপিটেলে ভাৰতীয় ৰিজাৰ্ভ বেংকত আবেদন কৰি ১০ দিনৰ সময় বিচাৰিছে। মূলতঃ ৰিলায়েন্স কেপিটেলে এইবাৰ হিন্দুজা গ্ৰুপৰ কোম্পানীলৈ সম্পত্তি হস্তান্তৰ কৰিবলৈকে এই সময় বিচাৰিছে।

উল্লেখ্য যে ৰিলায়েন্স কেপিটেলৰ সম্পত্তি হিন্দুজা গ্ৰুপ কোম্পানীলৈ হস্তান্তৰ কৰাৰ অন্তিম তাৰিখ যোৱা শুকুৰবাৰলৈকে আছিল। যোৱা ১৭ নৱেম্বৰত দেশৰ কেন্দ্ৰীয় বেংকে এই সম্পত্তি হস্তান্তৰত অনুমোদন জনাইছিল। এই অনুমোদন মাত্ৰ ৬ মাহৰ বাবে বৈধ আছিল।

ইপিনে, ৰিলায়েন্স কেপিটেলৰ প্ৰশাসকে এতিয়া আৰ বি আইৰ পৰা ২৭ মে’লৈকে সময় বিচাৰিছে বুলি বিজনেছ ষ্টেণ্ডাৰ্ডে প্ৰকাশ কৰিছে। এনে ক্ষেত্ৰত সম্পত্তি হস্তান্তৰ হোৱাৰ পিছত ৰিলায়েন্স কেপিটেল সম্পূৰ্ণৰূপে হিন্দুজা গ্ৰুপৰ অন্তৰ্গত হৈ পৰিব।

লগতে পঢ়কঃ হিচাপ এতিয়াও বাকী! আয়কৰ অভিযানত জোতা ব্যৱসায়ীৰ লুকাই ৰখা স্থানৰ পৰা উদ্ধাৰ টকাৰ পাহাৰ

প্ৰসংগক্ৰমে এনচিএলটিৰ আদেশ অনুসৰি হিন্দুজা গ্ৰুপ কোম্পানীসমূহৰ বাবে ৰিজ’লিউচন প্লেন ৰূপায়ণৰ অন্তিম তাৰিখো ২৭ মে’। ৰাষ্ট্ৰীয় কোম্পানী আইন ন্যায়াধিকৰণ বা এনচিএলটিৰ মুম্বাই বিচাৰপীঠে ২৭ ফেব্ৰুৱাৰীত ইয়াৰ অনুমোদন জনাইছিল। এনে পৰিস্থিতিত ইণ্ডাছইণ্ড ইণ্টাৰনেশ্যনেল হোল্ডিংছ লিমিটেডক ২৭ মে’ৰ ভিতৰত এই ৰিজ’লিউচন প্লেন কাৰ্যকৰী কৰিবলৈ কোৱা হৈছিল।

উল্লেখ্য যে এন চি এল টিয়ে হিন্দুজা গ্ৰুপ কোম্পানী ইণ্ডাছইণ্ড ইণ্টাৰনেশ্যনেল হোল্ডিংছ লিমিটেডৰ ৰিলায়েন্স কেপিটেলৰ বাবে ৯,৬৫০ কোটি টকাৰ ৰিজ’লিউচন প্লেনত অনুমোদন জনাইছে। শেহতীয়াকৈ আই আৰ ডি এয়ে হিন্দুজা গ্ৰুপ কোম্পানীয়ে অনিল আম্বানীৰ ৰিলায়েন্স কেপিটেল অধিগ্ৰহণ কৰাৰ বাবে নিবিদাতো অনুমোদন জনাইছে।

লগতে পঢ়কঃনিৰ্বাচনৰ মাজতে নাড্ডাৰ দৰ্প! ‘বিজেপি আৰু পূৰ্বৰ দৰে আৰএছএছৰ ওপৰত নিৰ্ভৰশীল নহয়’

মন কৰিব যে ৰিলায়েন্স কেপিটেলৰ বাবে ২০২২ চনৰ ফেব্ৰুৱাৰী মাহত নিবিদা জাৰি কৰা হৈছিল। প্ৰথম অৱস্থাত চাৰিটা কোম্পানীয়ে ৰিলায়েন্স কেপিটেল অধিগ্ৰহণ কৰিবলৈ আগবাঢ়ি আহিছিল। কিন্তু কম নিবিদাৰ বাবে ঋণদাতা গোটে নাকচ কৰে। পিছত হিন্দুজা গ্ৰুপ আৰু টৰেণ্ট ইনভেষ্টমেণ্টে পুনৰ নিবিদা দাখিল কৰে। য’ত হিন্দুজা গ্ৰুপৰ নিবিদা অনুমোদন হয়। কোৱা হৈছে যে এই কোম্পানীটোৰ প্ৰায় ৪০ হাজাৰ কোটি ঋণ আছে। 

Related News