NORTHEAST NOW (Assamese)

কামাখ্যা মন্দিৰৰ কলচীত ১৯ কিলো সোণেৰে নতুন প্ৰলেপ লগোৱালে ৰিলাইন্স ইণ্ডাষ্ট্ৰিজ লিমিটেড-এ

November 19, 2020 11:56 am · কল্পজ্যোতি শইকীয়া

উত্তৰ পূৱ ভাৰত বিখ্যাত ঐতিহ্যসম্পন্ন কামাখ্যা মন্দিৰৰ শিখৰত থকা কলচীত সোণৰ প্ৰলেপ লগালে আম্বানীৰ ৰিলাইন্স ইণ্ডাষ্টিজ লিমিটেড-এ।

দুৰ্গা পূজাৰ পূৰ্বৰে পৰা এই কলচীত সোণৰ প্ৰলেপ লগোৱা কাম আৰম্ভ হৈছিল বুলি নৰ্থ ইষ্ট নাওৰ সাংবাদিকক জানিবলৈ দিয়ে কামাখ্যাৰ বৰ দলৈ মোহিত চন্দ্ৰ শৰ্মাই।

কলচিটোত ১৯ কেজিকৈ সোণৰ প্ৰলেপ দিয়া হৈছে বুলি তেঁও জনোৱাৰ লগতে তেওঁ কয় “এয়া কোনোধৰণৰ পুনৰ নিৰ্মাণ নহয়। মাত্ৰ পূৰ্বৰ কলচিৰ ওপৰতহে প্ৰলেপ দিয়া হৈছে।”

আজি পুৱাৰ ভাগত এই কলচীৰ ওপৰত লগোৱা সোণৰ প্ৰলেপ ঢাকি ৰখা বস্ত্ৰখন আঁতৰাই দিয়া হয়।

কোভিড সৃষ্ট পৰিবেশৰ বাবে কোনো আড়ম্বৰপূৰ্ণভাৱে এই অনুষ্ঠান অনুষ্ঠিত নকৰি অনিষ্টুপীয়াকৈ অনুষ্ঠিত কৰা হয় বুলি সাংবাদিকক জানিবলৈ দিয়ে দলৈ শৰ্মাই।

উল্লেখযোগ্য যে, কামাখ্যা মন্দিৰৰ মূল গম্বুজত ইতিমধ্যে তিনিটা সোণৰ কলচী আছে। কলচীকেইটা পূৰ্বতকৈ ডাঙৰকৈ নিৰ্মাণ কৰা হ’ব বুলি পূৰ্বে কোৱা হৈছিল।

কিন্তু আজি মন্দিৰৰ বৰ দলৈ শৰ্মাই কয় যে গম্বুজৰ কলচি নতুনকৈ নিৰ্মাণ কৰাৰ পৰিৱৰ্তে সোণৰ প্ৰলেপহে লগোৱা হৈছে। ইয়াৰ বাবে প্ৰায় ১৯ কিলোগ্ৰাম সোণ প্ৰদান কৰিছে ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজ লিমিটেড-এ।

ৰিলেয়েন্স ইণ্ডাষ্ট্ৰিজ লিমিটেডে এই কামৰ বাবে ইতিমধ্যে তেওঁলোকৰ অভিযন্তা আৰু শিল্পীৰ দলক নীলাচললৈ প্ৰেৰণ কৰিছিল আৰু ৰিলায়েন্স জুৱেলে এই কামৰ তদাৰক কৰিছিল।

Related News