Jioই বন্ধ কৰিলে আটাইতকৈ সস্তা দুটাকৈ জনপ্ৰিয় প্লেন; বাকী সস্তাৰ আকৰ্ষণীয় প্লেনকেইটা চাওক

jio-1-new

জিঅ’ৰ গ্ৰাহকসকলৰ বাবে এক বেয়া খৱৰ! কোম্পানীটোৱে ইয়াৰ আটাইতকৈ সস্তা দুটাকৈ প্লেন বাতিল কৰিছে।

গ্ৰাহকৰ মাজত জনপ্ৰিয় উক্ত প্লেন দুটা হ’ল ৪৯ আৰু ৬৯টকাৰ প্লেন।

এই প্লেন দুটাত জিঅ’ই গ্ৰাহকক ক্ৰমে  ১৪দিন আৰু ২৪দিনৰ ভেলিডিটি আগবঢ়াইছিল।

বৰ্তমান জিঅ’ৰ প্লেনসমূহৰ ভিতৰত গ্ৰাহকৰ বাবে আটাইতকৈ সস্তাৰ প্লেন থাকিল ৭৫টকাৰ প্লেন।

জিঅ’ৰ ৭৫টকাৰ প্লেনৰ ম্যাদ ২৮দিন। ইয়াত গ্ৰাহকে মুঠ ৩ জিবি ডাটা আৰু ৫০টা এছএমএছ বিনামূলীয়াকৈ ব্যৱহাৰ কৰাৰ সুযোগ লাভ কৰে।

তদুপৰি, জিঅ’ৰ জিঅলৈ আনলিমিটেড কল তথা জিঅ’ৰ পৰা আন নেটৱৰ্কলৈ ৫০০মিনিট কলৰ সুবিধা দিয়া হৈছে।

সেইদৰে, জিঅ’ৰ ১২৫টকাৰ প্লেনত গ্ৰাহকে মুঠ ১৪জিবি ডাটা আৰু ৩০০টা এছএমএছ পঠাব পাৰে। এই প্লেনৰ ম্যাদ ২৮দিন।

ইয়াতো গ্ৰাহকে জিঅ’ৰ জিঅলৈ আনলিমিটেড কল তথা জিঅ’ৰ পৰা আন নেটৱৰ্কলৈ ৫০০মিনিট কলৰ সুবিধা লাভ কৰিব।

জিঅ’ৰ ১৫৫টকাৰ প্লেনত আকৌ জিঅ’ৰ পৰা লেণ্ডলাইনলৈ আনলিমিটেড কল কৰাৰ সুবিধা দিয়া হৈছে। তদুপৰি, গ্ৰাহকে লাভ কৰিব আন নেটৱৰ্কলৈ ৫০০ মিনিট কল কৰাৰ সুবিধা।

এই প্লেনত গ্ৰাহকে দিনে ১০০ এছএমএছ আৰু লগতে ২৮জিবি ডাটা লাভ কৰিব।

আনহাতে, জিঅ’ৰ আন এটা সস্তা তথা আকৰ্ষণীয় প্লেন হৈছে ১৮৫টকাৰ প্লেন। ইয়াত গ্ৰাহকে প্ৰতিদিনে ২জিবি ডাটাৰ লগতে ১০০টা এছএমএছ কৰাৰ সুবিধা পাব। এই প্লেনত ২৮দিনৰ ম্যাদৰ লগতে মুঠ ৫৬জিবি ডাটা লাভ কৰিব গ্ৰাহকে।

এই প্লেনতো জিঅ’ৰ পৰা জিঅ’লৈ তথা জিঅ’ৰ পৰা লেণ্ডলাইনলৈ আনলিমিটেড কল কৰাৰ সুবিধা দিয়া হৈছে। সেইদৰে, গ্ৰাহকে লাভ কৰিব আন নেটৱৰ্কলৈ ৫০০ মিনিট কল কৰাৰ সুবিধা।