NORTHEAST NOW (Assamese)

এইবাৰ মাত্ৰ ১৫,০০০ টকাতে উপলব্ধ হ’ব জিঅ’ৰ লেপটপ

October 2, 2022 8:07 pm · এন ই নাও নিউজ,গুৱাহাটী

ৰিলায়েন্স জিঅ’ই অতি কম দামতে ফোন দিয়াৰ পিছত এইবাৰ মাত্ৰ ১৫ হাজাৰ টকাতে লেপটপ বজাৰত মুকলি কৰিব। এখন ৪জি চিম কাৰ্ড অন্তৰ্ভুক্ত থাকিবলগীয়া এনে লেপটপত সকলো কামেই কৰিব পৰা যাব।

মূল্য হ’ব প্ৰায় ১৫,০০০ টকা। জিঅ’ই ইতিমধ্যে কোৱালকম আৰু মাইক্ৰছফ্টৰ সৈতে এই বিষয়ত চুক্তি কৰিছে বুলি জানিব পৰা গৈছে।

সেইমৰ্মে জিঅ’ই কম মূল্যত কোৱালকমৰ পৰা কম্পিউটিং চিপ অনাৰ পৰিকল্পনা কৰিছে। উইণ্ডোচ অ’এছ নিৰ্মাতাক বিভিন্ন এপৰ দায়িত্ব দিয়া হৈছে।

বৰ্তমান, ভাৰতত ৪২০ নিযুতৰো অধিক জিঅ’ ব্যৱহাৰকাৰী আছে। ভাৰতৰ সৰ্ববৃহৎ টেলিকম কোম্পানী হৈছে জিঅ’। কোম্পানীটোৱে ২০২৩ চনৰ মাৰ্চৰ ভিতৰত ১ লাখ ইউনিট লেপটপ বিক্ৰী কৰাৰ লক্ষ্য স্থিৰ কৰিছে।

Related News