• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 2, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আৰ এছ এছৰ মুৰব্বী মোহন ভাগৱতক ‘ৰাষ্ট্ৰৰ পিতা’ আখ্যা দি বিদেশৰ পৰা মৃত্যুৰ ভাবুকি পালে ইমামে

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
October 2, 2022 7:36 pm
208
VIEWS
Share on FacebookShare on Twitter

ভাগৱতক ‘ৰাষ্ট্ৰৰ পিতৃ’ বুলি কোৱাৰ বাবে এগৰাকী ইমামে বিদেশৰ পৰা ফোনযোগে মৃত্যুৰ ভাবুকি লাভ কৰিছে।
কিছুদিন আগতে আৰ এছ এছ ৰ মুৰব্বী মোহন ভাগৱতে মাদ্ৰাছালৈ গৈ সংখ্যালঘু সদস্যসকলৰ হৃদয় জয় কৰিছিল। তেওঁক সৰ্বভাৰতীয় ইমাম সংগঠনে (এআইআইঅ’) সাধু বুলি ঘোষণা কৰিছিল।

আনকি এই সংগঠনটোৰ মুৰব্বী উমৰ আহমেদ ইলিয়াছিয়েও তেওঁক ‘ৰাষ্ট্ৰপিতা’, ‘ৰাষ্ট্ৰঋষি’ বুলিও অভিহিত কৰিছিল। ভাগৱতক তেনেদৰে কোৱাৰ ‘শাস্তি’ হিচাপে এতিয়া ইমামগৰাকীক বিদেশৰ পৰা দি থকা হৈছে অহৰহ মৃত্যুৰ ভাবুকি। বিদেশৰ পৰা নিৰন্তৰ মৃত্যুৰ ভাবুকি পোৱা বুলি ইমামগৰাকী নিজেই অভিযোগ কৰিছে। ইলিয়াচিয়ে এইবুলি অভিযোগ কৰিছে যে তেওঁ বিদেশৰ পৰা বহু কেইটা ফোন পাইছে। প্ৰত্যেকেই তেওঁক হত্যাৰ ভাবুকি দিছে।

এআইআইঅ’ৰ মুৰব্বীগৰাকীয়ে নিৰাপত্তা বিচাৰি আৰক্ষীৰ কাষ চাপিছে। ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ (আৰ এছ এছ) মুৰব্বী মোহন ভাগৱতে ২২ ছেপ্টেম্বৰত দিল্লীৰ এখন মাদ্ৰাছা ভ্ৰমণৰ সময়ত সৰ্বভাৰতীয় ইমাম সংগঠনৰ মুৰব্বী উমাৰ আহমেদ ইলিয়াচীক সাক্ষাৎ কৰিছিল। দুয়ো এঘণ্টাতকৈও অধিক সময় ব্যক্তিগতভাৱে কথা পাতিছিল। সংঘৰ মুৰব্বী ভাগৱতে শেহতীয়াকৈ সংখ্যালঘুসকলৰমন জয় কৰিবলৈ মুছলমান সম্প্ৰদায়টোৰ শীৰ্ষ ব্যক্তিত্বৰ সৈতে সম্পৰ্ক বৃদ্ধি কৰিছে। উমৰ আহমেদ ইলিয়াচীকো সেয়ে ভাগৱতে সাক্ষাৎ কৰিছিল ।

বৈঠকত তেওঁলোকে দেশত সাম্প্ৰদায়িক সম্প্ৰীতিৰ পৰিৱেশ গঢ়ি তোলাৰ উপায়ৰ বিষয়ে আলোচনা কৰিছিল। ১২ ছেপ্টেম্বৰত বাৰাণসীৰ আদালতে হিন্দুসকলৰ উপাসনাৰ আবেদন গ্ৰহণ কৰি জ্ঞানৱাপী মছজিদৰ বিষয়ত শুনানি আৰম্ভ কৰাৰ ৰায় দিছিল। এনে পৰিস্থিতিত ভাগৱতৰ সৈতে ইলিয়াচীৰ সাক্ষাৎ তাৎপৰ্যপূৰ্ণ বিবেচিত হৈছিল। সেইদিনা মোহন ভাগৱতৰ সৈতে কথা পতাৰ পিছত ইলিয়াচী অভিভূত হৈ পৰিছিল।ভাগৱতে সেইদিনা মাদ্ৰাছাত বহি এঘণ্টাৰ বাবে কোৰাণ শুনিছিল।

ইলিয়াচীয়ে কৈছিল “তেওঁ মোৰ নিমন্ত্ৰণত ইয়ালৈ আহিছিল। তেওঁ এটা অতি ইতিবাচক বাৰ্তা দিছে। তেওঁ হৈছে ‘ৰাষ্ট্ৰৰ পিতা’, ‘ৰাজ্যৰ ঋষি’। ” তেওঁ লগতে কৈছিল যে মানৱতা সকলোবোৰৰ উৰ্ধত। ভাগৱতে মানৱতাৰ বাৰ্তা দিছিল বুলিও ইমামগৰাকীয়ে মন্তব্য কৰিছিল। ইয়াৰ পিছতে ইমামগৰাকীলৈ ভাবুকি আহিবলৈ ধৰে। মূলতঃ বিদেশৰ পৰা ফোন কৰি তেওঁক মৃত্যুৰ ভাবুকি দিয়া হৈছে।

Recent News

অলপ বেছি বয়সত বিবাহ সুখী জীৱনৰ চাবিকাঠি; কৈছে বিশেষজ্ঞসকলে

অলপ বেছি বয়সত বিবাহ সুখী জীৱনৰ চাবিকাঠি; কৈছে বিশেষজ্ঞসকলে

মানসিক স্বাস্থ্যৰ অৱনতিৰ সৈতে জড়িত ভিটামিনৰ অভাৱ! কি কয় বিশেষজ্ঞই?

মানসিক স্বাস্থ্যৰ অৱনতিৰ সৈতে জড়িত ভিটামিনৰ অভাৱ! কি কয় বিশেষজ্ঞই?

গো-মাংস বিক্ৰীৰ অভিযোগ: ৰাজ্যৰ বিভিন্ন হোটেলত আৰক্ষীৰ অভিযান

গো-মাংস বিক্ৰীৰ অভিযোগ: ৰাজ্যৰ বিভিন্ন হোটেলত আৰক্ষীৰ অভিযান

কাৰ্বি ভূমিপুত্ৰক উচ্ছেদৰ বিৰুদ্ধে হুংকাৰ কাৰ্বি নেতাৰ : তুলিৰাম ৰংহাঙক এইবাৰ মাটিৰ এটিএম কাৰ্ড কৰিছে হিমন্ত বিশ্ব শৰ্মাই

কাৰ্বি ভূমিপুত্ৰক উচ্ছেদৰ বিৰুদ্ধে হুংকাৰ কাৰ্বি নেতাৰ : তুলিৰাম ৰংহাঙক এইবাৰ মাটিৰ এটিএম কাৰ্ড কৰিছে হিমন্ত বিশ্ব শৰ্মাই

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd