NORTHEAST NOW (Assamese)

জিঅ’ই বঢ়ালে প্ৰিপেইড প্লেনত দাম; ৪জি স্পীডত কোন কোম্পানি দেশৰ নং ১?

February 21, 2020 9:08 pm · এন ই নাও নিউজ
Updated: February 21, 2020 9:20 pm
প্ৰতিনিধিত্বমূলক ফটো

ভাৰতৰ সৰ্ববৃহৎ টেলিকম কোম্পানি ৰিলায়েন্স জিঅ’ই ইয়াৰ বছৰেকীয়া এক প্লেনৰ দাম বৃদ্ধি কৰিছে।

পূৰ্বৰ ২০২০ টকাৰ বছৰেকীয়া প্লেন এতিয়া উপলব্ধ হ’ব ২১২১ টকাত।

প্লেনটোৰ বাকী সুবিধাসমূহ অপৰিৱৰ্তিত থাকিব।

প্লেনটোত দৈনিক ১.৫ জি বি ডেটাকৈ মুঠ ৩৩৬ দিনৰ ভেলিডিটিৰে ৫০৪ জি বি ডেটা পোৱা যায়।

তাৰোপৰি এই প্লেনত জিঅ’ৰ পৰা জিঅ’লৈ আনলিমিটেড কলিং জিঅ’ৰ পৰা নন-জিঅ’ নম্বৰলৈ ১২০০০ মিনিট কলিঙৰ সুবিধা উপলব্ধ থাকিব।

দৈনিক ১০০টালৈকে মেছেজ দিয়াৰ সুবিধাও অপৰিৱৰ্তিত থাকিব।

ইফালে ট্ৰায়ে যোৱা মাহত মুকলি কৰা তথ্যমতে জিঅ’ই ৪জি ডেটা ডাউনল’ডৰ ক্ষেত্ৰত জিঅ’ই শীৰ্ষ স্থান দখল কৰিছে।

ভাৰতী এয়াৰটেলতকৈ জিঅ’ৰ স্পীড তিনিগুণ বেছি।

জিঅ’ৰ গড় ডাউনল’ড স্পীড ২০.৯ এমবিপিএছ হোৱাৰ বিপৰীতে দ্বিতীয় স্থানৰ এয়াৰটেলৰ স্পীড ৭.৯ (।)

কিন্তু আপল‘ড স্পীডৰ ক্ষেত্ৰত শীৰ্ষস্থানত আছে ভ’ডাফ’ন-আইডিয়া।

Related News